--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত ভাৰতৰ জয়ত অনুঘটকৰ ভূমিকা পালন কৰা মহম্মদ চিৰাজ এতিয়া সকলোৰে বাবে আলোচনাৰ ব্যক্তি হৈ পৰিছে। মহম্মদ চিৰাজে শ্ৰীলংকাৰ বিৰুদ্ধে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভা উজাৰি দি দলটোৰ সহজ জয় নিশ্চিত কৰিছিল।ছিৰাজে এছিয়া কাপৰ ফাইনেলত ২১ ৰাণত ৬ টা উইকেট লৈ এক  অভিলেখ সৃষ্টি কৰিছে। তেওঁ এনে প্ৰদৰ্শনেৰে  দেখুৱাই দিছে  যে আগন্তুক বিশ্বকাপৰ বাবে তেওঁ কিমান শক্তিশালী হৈ উঠিছে। এনে সময়তে এজন অনুৰাগীয়ে আনন্দ মহিন্দ্ৰাৰ ওচৰত অনুৰোধ কৰিছে, "চিৰাজক এখন এছইউভি উপহাৰ দিয়ক।’’ অনুৰাগীৰ এনে অনুৰোধৰ প্ৰত্যুত্তৰ দি  উদ্যোগপতিজনে কৈছে  "সেয়া  ইতিমধ্যে কৰা হৈছে"।

উল্লেখ্য এছিয়া কাপৰ ফাইনেলত টীম ইণ্ডিয়াই কালি নিজৰ মাটিতে শ্ৰীলংকাক পৰাস্ত কৰিছিল। শ্ৰীলংকাৰ বেটিং অৰ্ডাৰ ভাৰতীয় বলাৰৰ আক্ৰমণত বিধ্বস্ত  হৈ পৰিছিল।  দলটো ৫০ ৰাণতে অল আউট হৈছিল। ভাৰতে অষ্টমবাৰৰ বাবে এছিয়া কাপ ট্ৰফী নিজৰ হাতত তুলি ল’বলৈ সক্ষম হৈছিল। মহম্মদ ছিৰাজ নিঃসন্দেহে এই খেলখনৰ নায়ক। তেওঁ কেৱল ৬ টা উইকেট লোৱাই নহয়,   এটা অভাৰত ৪ টা উইকেট লোৱা প্ৰথম ভাৰতীয় খেলুৱৈ  হিচাপেও পৰিগণিত হৈছে।

সেয়ে ক্ৰিকেট বিশ্লেষকৰ পৰা অনুৰাগীলৈকে সকলোৱে  তেওঁক প্ৰশংসাৰে ওপচাই দিছে।  আনন্দ মহিন্দ্ৰাও ছিৰাজৰ অনুৰাগীৰ তালিকাত আছে। এক্স  হেণ্ডেলত আনন্দ মহিন্দ্ৰাই লিখিছে "মই কেতিয়াও মোৰ প্ৰতিদ্বন্দীয়ে  ইমান বেয়া খেলিব বুলি ভবা নাছিলো।," ।  একে সময়তে তেওঁ ছিৰাজক মাৰ্ভেল এভেঞ্জাৰ বুলি অভিহিত কৰে। ইয়াৰ ঠিক পিছতে ছিৰাজৰ এজন অনুৰাগীয়ে আনন্দ মহিন্দ্ৰাক টেগ কৰি টুইট কৰে। তেওঁ লিখিছিল যে ছিৰাজৰ প্ৰদৰ্শন ইমান ভাল যে তেওঁক আনন্দ মহিন্দ্ৰাই এখন এছইউভি গাড়ী উপহাৰ দিয়া উচিৎ । এই অনুৰোধৰ  উত্তৰত উদ্যোগপতিজনে কয়, "সেয়া  ইতিমধ্যে কৰা হৈছে।’’ মহিন্দ্ৰাই ২০২১ চনতো ছিৰাজক এখন 'থৰ' গাড়ী উপহাৰ দিছিল। আনন্দ মহিন্দ্ৰাৰ শেহতীয়া  টুইটটো পঢ়াৰ পিছত অনুৰাগীসকল আনন্দিত হৈ পৰিছে। 

উল্লেখ্য মহিন্দ্ৰাই ক্ৰীড়া জগতৰ তাৰকাসকলক নিৰন্তৰ উৎসাহিত কৰি আহিছে। ভাৰতীয় খেৱলুৱৈৰ  যিকোনো সফলতা আৰু  যিকোনো উদীয়মান প্ৰতিভাই হওঁক, তেওঁ সামাজিক মাধ্যমত তেওঁলোকক প্ৰশংসা কৰিবলৈ কেতিয়াও  কুণ্ঠাবোধ কৰা নাই । এইবাৰো তেওঁ চিৰাজৰ প্ৰশংসা কৰাত কাৰ্পণ্য কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক