--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত ভাৰতৰ জয়ত অনুঘটকৰ ভূমিকা পালন কৰা মহম্মদ চিৰাজ এতিয়া সকলোৰে বাবে আলোচনাৰ ব্যক্তি হৈ পৰিছে। মহম্মদ চিৰাজে শ্ৰীলংকাৰ বিৰুদ্ধে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভা উজাৰি দি দলটোৰ সহজ জয় নিশ্চিত কৰিছিল।ছিৰাজে এছিয়া কাপৰ ফাইনেলত ২১ ৰাণত ৬ টা উইকেট লৈ এক  অভিলেখ সৃষ্টি কৰিছে। তেওঁ এনে প্ৰদৰ্শনেৰে  দেখুৱাই দিছে  যে আগন্তুক বিশ্বকাপৰ বাবে তেওঁ কিমান শক্তিশালী হৈ উঠিছে। এনে সময়তে এজন অনুৰাগীয়ে আনন্দ মহিন্দ্ৰাৰ ওচৰত অনুৰোধ কৰিছে, "চিৰাজক এখন এছইউভি উপহাৰ দিয়ক।’’ অনুৰাগীৰ এনে অনুৰোধৰ প্ৰত্যুত্তৰ দি  উদ্যোগপতিজনে কৈছে  "সেয়া  ইতিমধ্যে কৰা হৈছে"।

উল্লেখ্য এছিয়া কাপৰ ফাইনেলত টীম ইণ্ডিয়াই কালি নিজৰ মাটিতে শ্ৰীলংকাক পৰাস্ত কৰিছিল। শ্ৰীলংকাৰ বেটিং অৰ্ডাৰ ভাৰতীয় বলাৰৰ আক্ৰমণত বিধ্বস্ত  হৈ পৰিছিল।  দলটো ৫০ ৰাণতে অল আউট হৈছিল। ভাৰতে অষ্টমবাৰৰ বাবে এছিয়া কাপ ট্ৰফী নিজৰ হাতত তুলি ল’বলৈ সক্ষম হৈছিল। মহম্মদ ছিৰাজ নিঃসন্দেহে এই খেলখনৰ নায়ক। তেওঁ কেৱল ৬ টা উইকেট লোৱাই নহয়,   এটা অভাৰত ৪ টা উইকেট লোৱা প্ৰথম ভাৰতীয় খেলুৱৈ  হিচাপেও পৰিগণিত হৈছে।

সেয়ে ক্ৰিকেট বিশ্লেষকৰ পৰা অনুৰাগীলৈকে সকলোৱে  তেওঁক প্ৰশংসাৰে ওপচাই দিছে।  আনন্দ মহিন্দ্ৰাও ছিৰাজৰ অনুৰাগীৰ তালিকাত আছে। এক্স  হেণ্ডেলত আনন্দ মহিন্দ্ৰাই লিখিছে "মই কেতিয়াও মোৰ প্ৰতিদ্বন্দীয়ে  ইমান বেয়া খেলিব বুলি ভবা নাছিলো।," ।  একে সময়তে তেওঁ ছিৰাজক মাৰ্ভেল এভেঞ্জাৰ বুলি অভিহিত কৰে। ইয়াৰ ঠিক পিছতে ছিৰাজৰ এজন অনুৰাগীয়ে আনন্দ মহিন্দ্ৰাক টেগ কৰি টুইট কৰে। তেওঁ লিখিছিল যে ছিৰাজৰ প্ৰদৰ্শন ইমান ভাল যে তেওঁক আনন্দ মহিন্দ্ৰাই এখন এছইউভি গাড়ী উপহাৰ দিয়া উচিৎ । এই অনুৰোধৰ  উত্তৰত উদ্যোগপতিজনে কয়, "সেয়া  ইতিমধ্যে কৰা হৈছে।’’ মহিন্দ্ৰাই ২০২১ চনতো ছিৰাজক এখন 'থৰ' গাড়ী উপহাৰ দিছিল। আনন্দ মহিন্দ্ৰাৰ শেহতীয়া  টুইটটো পঢ়াৰ পিছত অনুৰাগীসকল আনন্দিত হৈ পৰিছে। 

উল্লেখ্য মহিন্দ্ৰাই ক্ৰীড়া জগতৰ তাৰকাসকলক নিৰন্তৰ উৎসাহিত কৰি আহিছে। ভাৰতীয় খেৱলুৱৈৰ  যিকোনো সফলতা আৰু  যিকোনো উদীয়মান প্ৰতিভাই হওঁক, তেওঁ সামাজিক মাধ্যমত তেওঁলোকক প্ৰশংসা কৰিবলৈ কেতিয়াও  কুণ্ঠাবোধ কৰা নাই । এইবাৰো তেওঁ চিৰাজৰ প্ৰশংসা কৰাত কাৰ্পণ্য কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক