ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপৰ বাংলাদেশ বনাম শ্ৰীলংকাৰ মেচত সংঘটিত হৈছে এটি বিতৰ্কিত ঘটনা। সময়মতে ষ্ট্ৰাইকিং এণ্ডত সাজু নোহোৱাৰ বাবে এটাও বলৰ সন্মুখিন নোহোৱাকৈ উভটি যাব লগা হ’ল শ্ৰীলংকাৰ এঞ্জেলো মেথিউজ। তাৰপাছৰে এই 'টাইম আউট’ক লৈ প্ৰথমবাৰৰ বাবে ক্ৰিকেটজগতত আৰম্ভ হৈছে তীব্ৰ চৰ্চা।
এমচিচিৰ ৪০.১.১ ধাৰাৰ 'টাইম আউট’ আইনত এইদৰে লিখা আছে: উইকেট পতনৰ পাছত নতুন বেটাৰজনে দুই মিনিটৰ ভিতৰত পৰৱৰ্তী বলৰ সন্মখিন হ’ব লাগিব। অন্যথা তেওঁক টাইম আউট ঘোষণা কৰা হ’ব।
১৯৮০ চনত এই নিয়ম সংযোজন কৰা হৈছিল। ২০০০ চনৰ ক’ডত ইয়াক ৩ মিনিটলৈ সংশোধন কৰা হৈছিল যদিও এই বিশ্বকাপৰ খেলৰ পৰিস্থিতিয়ে নতুন বেটছমেনক মাত্ৰ ২ মিনিট সময় দিয়ে। ১৭৭৫ চনত ক্ৰিকেটৰ প্ৰথমখন আইন ছপা হয়। তাত আম্পায়াৰসকলে “এজন বেটাৰ আউট হ’লে আনজনক সোমাবলৈ দুটা মিনিটৰ অনুমতি’’ দিব লাগিব বুলি লিখা আছে।