--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপৰ প্ৰথমখন খেলতে অভিলেখৰ বৰষুণ পৰিছিল। নিউজিলেণ্ডে ইংলেণ্ডক ৯ উইকেটত পৰাস্ত কৰে। এই মেচখনত কেইবাটাও নজিৰ দেখা গৈছে।

১) নিউজিলেণ্ডৰ কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে ৰচিন ৰবিন্দ্ৰই বিশ্বকাপ শতক অৰ্জন কৰিছে। দলটোত কেন উইলিয়ামছনৰ সলনি তিনি নম্বৰত ক্ৰিজত নামে।২৩ বছৰ ২৯১ দিন বয়সত শতক অৰ্জন কৰি তেওঁ এই নজিৰ গঢ়ি তুলিছিল। পূৰ্বে নাথান এষ্টলেৰ নামত আছিল এই অভিলেখ।

২) বিশ্বকাপৰ ইতিহাসত নিউজিলেণ্ডৰ আটাইতকৈ ডাঙৰ পাৰ্টনাৰশ্বিপ। কনৱে আৰু ৰবীন্দ্ৰই দ্বিতীয় উইকেটৰ বাবে ৩৫.১ অভাৰত ২৭৩ ৰান সংগ্ৰহ কৰে। বিশ্বকাপত সেই দেশৰ ভিতৰত এইটোৱে সৰ্বোচ্চ ৰাণৰ যুটী। ইয়াৰ পূৰ্বৰ অভিলেখ আছিল ১৯৯৬ চনৰ বিশ্বকাপত লি জাৰ্মন আৰু ক্ৰীছ হেৰিছৰ ১৬০ ৰান।

৩) বিশ্বকাপৰ ৰান চেজত ১৫০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে কনৱেই এই নজিৰ গঢ়ি তুলিছিল। ৮৩টা বলত শতক অৰ্জন কৰে। পৰৱৰ্তী ৩৮টা বলত তেওঁ ৫২ ৰান সংগ্ৰহ কৰে। ১৫২ ৰানত অপৰাজিত হৈ থাকে।

৪) ৰান চেজত সৰ্বোচ্চ যুটী। ২৭৩ ৰানৰ এই অংশীদাৰিত্ব আগতে কেতিয়াও হোৱা নাছিল। ২০১১ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ টিল্লাকাৰত্নে দিলশ্বান আৰু উপুল থাৰংগাৰে ২৩১ ৰানৰ অভিলেখ ভংগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ