--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে টাইম আউট হৈছিল এঞ্জেলো মেথিউছ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথম এনে ঘটনা সংঘটিত হৈছে। তাতেই বিশ্বকাপৰ মঞ্চত। স্বাভাৱিকতে শ্ৰীলংকাৰ অভিজ্ঞ অলৰাউণ্ডাৰগৰাকীয়ে এইদৰে আউট হোৱাটো মানি ল’ব নোৱাৰে। তেওঁ ক’লে যে তেওঁৰ ওচৰত ইয়াৰ বিৰুদ্ধে প্ৰমাণ আছে।

মেথিউছে ছ’চিয়েল মিডিয়াত লিখিছে, ‘চতুৰ্থ আম্পায়াৰে ভুল সিদ্ধান্ত লৈছিল। ভিডিঅ’টোত দেখা গৈছে যে মোৰ হেলমেটৰ ষ্ট্ৰেপটো ছিঙি যোৱাৰ ৫ ছেকেণ্ড সময় হৈছিল। মই ভাবো নিৰাপত্তা প্ৰথম। হেলমেট অবিহনে বেটিং কৰা উচিত নাছিল।"

মেথিউছে আম্পায়াৰৰ আউট সিদ্ধান্ত মানি ল’ব নোৱাৰে। তেওঁ ছ’চিয়েল মিডিয়াত দুখন ছবি পোষ্ট কৰি দেখুৱাইছে যে সমৰবিক্ৰম আউট হোৱাৰ পৰা ষ্ট্ৰেপ ছিঙি যোৱালৈকে ১ মিনিট ৫৫ ছেকেণ্ড সময় লাগিছিল। অৰ্থাৎ ৫ ছেকেণ্ড আছিল মেথিউছৰ লগত। কিন্তু ষ্ট্ৰেপ ফাটি যোৱাৰ বাবে তেওঁ বেটিং কৰিব নোৱাৰিলে। ফটোখন পোষ্ট কৰি মেথিউছে লিখিছে, “কেচ বনোৱা আৰু মোৰ হেলমেটৰ ষ্ট্ৰেপ ফালি পেলোৱাৰ মাজত কিমান সময় লাগিছিল তাৰ প্ৰমাণ।”

প্ৰতিবাদত অটল দেশখনৰ  আন ক্ৰিকেটাৰসকলো। অধিনায়ক কুশল মেণ্ডিছে এই বিষয়ে মন্তব্য কৰিছে। তেওঁ কয়- ‘আম্পায়াৰৰ এই সিদ্ধান্তত আমি হতাশ। মই ভাবিছিলো সেই সময়ত মেথিউছে কিছু ৰান কৰিব।’

অৱশ্যে চতুৰ্থ আম্পায়াৰ এড্ৰিয়ান হোল্ডষ্টকে সমগ্ৰ বিষয়টোক লৈ বেলেগ মন্তব্য কৰে। তেওঁ কয় যে হেলমেটৰ সমস্যাটো দেখা দিয়াৰ আগতে দুমিনিট পাৰ হৈ গৈছিল। গতিকে চাকিবৰ আচৰণত একো দোষ নাই। মন্তব্যকাৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বিচপেও একে কথাই কৈছিল। তেওঁৰ ভাষাত, "ছাকিবে যি কৰিলে সেয়া ঠিকেই আছিল। তেওঁৰ কামত একো দোষ দেখা নাই। চতুৰ্থ আম্পায়াৰৰ পৰা স্পষ্ট হৈ পৰিছিল যে মেথিউছৰ দুটা মিনিট ইতিমধ্যে পাৰ হৈ গৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ