--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে টাইম আউট হৈছিল এঞ্জেলো মেথিউছ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথম এনে ঘটনা সংঘটিত হৈছে। তাতেই বিশ্বকাপৰ মঞ্চত। স্বাভাৱিকতে শ্ৰীলংকাৰ অভিজ্ঞ অলৰাউণ্ডাৰগৰাকীয়ে এইদৰে আউট হোৱাটো মানি ল’ব নোৱাৰে। তেওঁ ক’লে যে তেওঁৰ ওচৰত ইয়াৰ বিৰুদ্ধে প্ৰমাণ আছে।

মেথিউছে ছ’চিয়েল মিডিয়াত লিখিছে, ‘চতুৰ্থ আম্পায়াৰে ভুল সিদ্ধান্ত লৈছিল। ভিডিঅ’টোত দেখা গৈছে যে মোৰ হেলমেটৰ ষ্ট্ৰেপটো ছিঙি যোৱাৰ ৫ ছেকেণ্ড সময় হৈছিল। মই ভাবো নিৰাপত্তা প্ৰথম। হেলমেট অবিহনে বেটিং কৰা উচিত নাছিল।"

মেথিউছে আম্পায়াৰৰ আউট সিদ্ধান্ত মানি ল’ব নোৱাৰে। তেওঁ ছ’চিয়েল মিডিয়াত দুখন ছবি পোষ্ট কৰি দেখুৱাইছে যে সমৰবিক্ৰম আউট হোৱাৰ পৰা ষ্ট্ৰেপ ছিঙি যোৱালৈকে ১ মিনিট ৫৫ ছেকেণ্ড সময় লাগিছিল। অৰ্থাৎ ৫ ছেকেণ্ড আছিল মেথিউছৰ লগত। কিন্তু ষ্ট্ৰেপ ফাটি যোৱাৰ বাবে তেওঁ বেটিং কৰিব নোৱাৰিলে। ফটোখন পোষ্ট কৰি মেথিউছে লিখিছে, “কেচ বনোৱা আৰু মোৰ হেলমেটৰ ষ্ট্ৰেপ ফালি পেলোৱাৰ মাজত কিমান সময় লাগিছিল তাৰ প্ৰমাণ।”

প্ৰতিবাদত অটল দেশখনৰ  আন ক্ৰিকেটাৰসকলো। অধিনায়ক কুশল মেণ্ডিছে এই বিষয়ে মন্তব্য কৰিছে। তেওঁ কয়- ‘আম্পায়াৰৰ এই সিদ্ধান্তত আমি হতাশ। মই ভাবিছিলো সেই সময়ত মেথিউছে কিছু ৰান কৰিব।’

অৱশ্যে চতুৰ্থ আম্পায়াৰ এড্ৰিয়ান হোল্ডষ্টকে সমগ্ৰ বিষয়টোক লৈ বেলেগ মন্তব্য কৰে। তেওঁ কয় যে হেলমেটৰ সমস্যাটো দেখা দিয়াৰ আগতে দুমিনিট পাৰ হৈ গৈছিল। গতিকে চাকিবৰ আচৰণত একো দোষ নাই। মন্তব্যকাৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বিচপেও একে কথাই কৈছিল। তেওঁৰ ভাষাত, "ছাকিবে যি কৰিলে সেয়া ঠিকেই আছিল। তেওঁৰ কামত একো দোষ দেখা নাই। চতুৰ্থ আম্পায়াৰৰ পৰা স্পষ্ট হৈ পৰিছিল যে মেথিউছৰ দুটা মিনিট ইতিমধ্যে পাৰ হৈ গৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু