--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতত চলি আছে ক্ৰিকেট জগতৰ সৰ্ববৃহৎ প্ৰতিযোগিতা এদিনীয়া বিশ্বকাপ৷ এই আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ত ভাৰতে অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে আৰু এতিয়ালৈকে খেলা আঠখন মেচতে জয়লাভ কৰিছে। ১৬ পইণ্টেৰে মেন ইন ব্লু পইণ্ট টেবুলত প্ৰথম স্থানত আছে৷

এনে পৰিস্থিতিত প্ৰতিটো বিৰোধী দলে ভাৰতীয় দলটোক কেনেদৰে ৰোধ কৰিব সেই লৈ চিন্তিত হৈ পৰিছে। ইফালে পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকে ভাৰতক প্ৰতিহত কৰাৰ এক উপায় দিছে।দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা মেচখনত ভাৰতে ২৪৩ ৰানত জয়ী হ’বলৈ সক্ষম হয়। ৫০ অভাৰত ৫টা উইকেট হেৰুৱাই মুঠ ৩২৬ ৰান সংগ্ৰহ কৰাৰ পাছত ভাৰতে ২৭.১ অভাৰত মাত্ৰ ৮৩ ৰান সংগ্ৰহ কৰিয়ে প্ৰটিয়াছবাহিনীক ধৰাশায়ী কৰে । 

ভাৰতৰ হৈ বিৰাট কোহলীয়ে ১২১টা বলত ১০১ ৰান সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰে আৰু শ্ৰেয়ছ আয়াৰেও ৭৭ ৰান সংগ্ৰহ কৰে।ভাৰতৰ ৩ আৰু ৪ নং স্থানৰ পৰাপ্ৰোজ্জ্বল প্ৰদৰ্শনৰ পাছত দ্বিতীয় ইনিংছত দলটোক নেতৃত্ব দিয়ে ৰবীন্দ্ৰ জাডেজাৰ বলিং প্ৰদৰ্শনে। ৩৪ বছৰীয়া স্পীনাৰগৰাকীয়ে ৯ অভাৰত মাত্ৰ ৩৩ ৰাণৰ বিনিময়ত ৫জন দক্ষিণ আফ্ৰিকান বেটছমেনক আউট কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৪৩ ৰানত জয়লাভ কৰি এদিনীয়া বিশ্বকাপৰ ইতিহাসত ভাৰতৰ তৃতীয় বৃহত্তম জয় আৰু প্ৰতিযোগিতাখনৰ ইতিহাসত সামগ্ৰিকভাৱে অষ্টম জয় সন্নিৱিষ্ট কৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ পাছত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৱাছিম ​​আক্ৰাম, ছোয়েইব মালিক , ম’ইন খান আৰু মিছবাহ-উল-হকক সোধা হৈছিল যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়াক ৰখাৰ কোনো উপায় আছে নেকি? এই প্ৰশ্নৰ এটা উত্তৰ তিনিটা শব্দত দিলে ছোয়েইব মালিকে। ভাৰতীয় টেনিছ ছুপাৰষ্টাৰ ছানিয়া মিৰ্জাৰ সৈতে বিবাহ বাতিল কৰা ৪১ বছৰীয়া সোঁহতীয়া বেটছমেনগৰাকীয়ে কয় যে “টিভি বন্ধ ৰাখক”।

এই কথা এতিয়া ইণ্টাৰনেটৰ সকলো ঠাইতে ভাইৰেল হৈ পৰিছে।এই প্ৰশ্নৰ উত্তৰ দিওঁতে এসময়ৰ বেগী বলাৰ ৱাছিম আক্ৰমে কয় যে "বিশ্বকাপৰ প্ৰতিটো দলে নিশ্চয় এই মুহূৰ্তত হুবহু একে কথাই চিন্তা কৰি আছে। ইয়াৰ ভিতৰত নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকাও আছে৷যি যিয়েই নহওক কিয়, আমি তেওঁলোকৰ বিৰুদ্ধে ছেমি-ফাইনেলত খেলিম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ