--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতত চলি আছে ক্ৰিকেট জগতৰ সৰ্ববৃহৎ প্ৰতিযোগিতা এদিনীয়া বিশ্বকাপ৷ এই আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ত ভাৰতে অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে আৰু এতিয়ালৈকে খেলা আঠখন মেচতে জয়লাভ কৰিছে। ১৬ পইণ্টেৰে মেন ইন ব্লু পইণ্ট টেবুলত প্ৰথম স্থানত আছে৷

এনে পৰিস্থিতিত প্ৰতিটো বিৰোধী দলে ভাৰতীয় দলটোক কেনেদৰে ৰোধ কৰিব সেই লৈ চিন্তিত হৈ পৰিছে। ইফালে পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকে ভাৰতক প্ৰতিহত কৰাৰ এক উপায় দিছে।দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা মেচখনত ভাৰতে ২৪৩ ৰানত জয়ী হ’বলৈ সক্ষম হয়। ৫০ অভাৰত ৫টা উইকেট হেৰুৱাই মুঠ ৩২৬ ৰান সংগ্ৰহ কৰাৰ পাছত ভাৰতে ২৭.১ অভাৰত মাত্ৰ ৮৩ ৰান সংগ্ৰহ কৰিয়ে প্ৰটিয়াছবাহিনীক ধৰাশায়ী কৰে । 

ভাৰতৰ হৈ বিৰাট কোহলীয়ে ১২১টা বলত ১০১ ৰান সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰে আৰু শ্ৰেয়ছ আয়াৰেও ৭৭ ৰান সংগ্ৰহ কৰে।ভাৰতৰ ৩ আৰু ৪ নং স্থানৰ পৰাপ্ৰোজ্জ্বল প্ৰদৰ্শনৰ পাছত দ্বিতীয় ইনিংছত দলটোক নেতৃত্ব দিয়ে ৰবীন্দ্ৰ জাডেজাৰ বলিং প্ৰদৰ্শনে। ৩৪ বছৰীয়া স্পীনাৰগৰাকীয়ে ৯ অভাৰত মাত্ৰ ৩৩ ৰাণৰ বিনিময়ত ৫জন দক্ষিণ আফ্ৰিকান বেটছমেনক আউট কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৪৩ ৰানত জয়লাভ কৰি এদিনীয়া বিশ্বকাপৰ ইতিহাসত ভাৰতৰ তৃতীয় বৃহত্তম জয় আৰু প্ৰতিযোগিতাখনৰ ইতিহাসত সামগ্ৰিকভাৱে অষ্টম জয় সন্নিৱিষ্ট কৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ পাছত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৱাছিম ​​আক্ৰাম, ছোয়েইব মালিক , ম’ইন খান আৰু মিছবাহ-উল-হকক সোধা হৈছিল যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়াক ৰখাৰ কোনো উপায় আছে নেকি? এই প্ৰশ্নৰ এটা উত্তৰ তিনিটা শব্দত দিলে ছোয়েইব মালিকে। ভাৰতীয় টেনিছ ছুপাৰষ্টাৰ ছানিয়া মিৰ্জাৰ সৈতে বিবাহ বাতিল কৰা ৪১ বছৰীয়া সোঁহতীয়া বেটছমেনগৰাকীয়ে কয় যে “টিভি বন্ধ ৰাখক”।

এই কথা এতিয়া ইণ্টাৰনেটৰ সকলো ঠাইতে ভাইৰেল হৈ পৰিছে।এই প্ৰশ্নৰ উত্তৰ দিওঁতে এসময়ৰ বেগী বলাৰ ৱাছিম আক্ৰমে কয় যে "বিশ্বকাপৰ প্ৰতিটো দলে নিশ্চয় এই মুহূৰ্তত হুবহু একে কথাই চিন্তা কৰি আছে। ইয়াৰ ভিতৰত নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকাও আছে৷যি যিয়েই নহওক কিয়, আমি তেওঁলোকৰ বিৰুদ্ধে ছেমি-ফাইনেলত খেলিম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু