--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ক্ৰিকেট এৰিলে নেকি? বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ বাবে এইবাৰ আন এবিধ খেল খেলাৰ সিদ্ধান্ত লৈছে নেকি তেওঁলোকে? টীম ইণ্ডিয়াৰ নতুন তাৰকা ঈশান কিষানে কয় যে বিৰাট আৰু ৰোহিতে বৰ্তমান খো-খো খেলি আছে।

মঙলবাৰে গুৱাহাটীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচ খেলিব ভাৰতে। সেই মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ ঈশানে প্ৰশ্নোত্তৰ সভাত অংশ লৈছিল। তাত এটা চৰ্ত আছিল। ঈশানে ভুল উত্তৰ দিব লাগিব। সেই উত্তৰ দি থাকোঁতে তেওঁ বিৰাট-ৰোহিতৰ কথা ক’লে। ঈশানক সুধিলে, "বিৰাট-ৰোহিতে কি খেলে? " ঈশানে উত্তৰ দিলে, "খো-খো খেলে।"

ঈশানক আৰু কেইটামান আমোদজনক প্ৰশ্ন কৰা হ’ল। প্ৰতিটো ক্ষেত্ৰতে তেওঁ ভুল উত্তৰ দিছিল। উদাহৰণস্বৰূপে- ঈশানৰ বয়স ৮০ বছৰ। ভাৰতীয় দলৰ প্ৰশিক্ষক। ব্ৰাজিলত ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হয়। সূৰ্যকুমাৰ যাদৱে বলিং কৰি উইকেট লয়। সকলো ভুল উত্তৰ দি তেওঁ প্ৰত্যাহ্বান জিকিছিল।

বিশ্বকাপৰ পাছত বিৰাট আৰু ৰোহিতৰ পৰিৱৰ্তে টি-২০ শৃংখলাত যুৱ ক্ৰিকেটাৰসকলক সুযোগ দিয়া হৈছে। বিশাখাপট্টনম আৰু তিৰুৱানন্তপুৰমত প্ৰথম দুখন টি-২০ত ভাৰতে জয়লাভ কৰে। মঙলবাৰে তৃতীয়খন মেচত জয়ী হ’লে ভাৰতে এই শৃংখলা জয় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক