--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ক্ৰিকেট এৰিলে নেকি? বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ বাবে এইবাৰ আন এবিধ খেল খেলাৰ সিদ্ধান্ত লৈছে নেকি তেওঁলোকে? টীম ইণ্ডিয়াৰ নতুন তাৰকা ঈশান কিষানে কয় যে বিৰাট আৰু ৰোহিতে বৰ্তমান খো-খো খেলি আছে।

মঙলবাৰে গুৱাহাটীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচ খেলিব ভাৰতে। সেই মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ ঈশানে প্ৰশ্নোত্তৰ সভাত অংশ লৈছিল। তাত এটা চৰ্ত আছিল। ঈশানে ভুল উত্তৰ দিব লাগিব। সেই উত্তৰ দি থাকোঁতে তেওঁ বিৰাট-ৰোহিতৰ কথা ক’লে। ঈশানক সুধিলে, "বিৰাট-ৰোহিতে কি খেলে? " ঈশানে উত্তৰ দিলে, "খো-খো খেলে।"

ঈশানক আৰু কেইটামান আমোদজনক প্ৰশ্ন কৰা হ’ল। প্ৰতিটো ক্ষেত্ৰতে তেওঁ ভুল উত্তৰ দিছিল। উদাহৰণস্বৰূপে- ঈশানৰ বয়স ৮০ বছৰ। ভাৰতীয় দলৰ প্ৰশিক্ষক। ব্ৰাজিলত ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হয়। সূৰ্যকুমাৰ যাদৱে বলিং কৰি উইকেট লয়। সকলো ভুল উত্তৰ দি তেওঁ প্ৰত্যাহ্বান জিকিছিল।

বিশ্বকাপৰ পাছত বিৰাট আৰু ৰোহিতৰ পৰিৱৰ্তে টি-২০ শৃংখলাত যুৱ ক্ৰিকেটাৰসকলক সুযোগ দিয়া হৈছে। বিশাখাপট্টনম আৰু তিৰুৱানন্তপুৰমত প্ৰথম দুখন টি-২০ত ভাৰতে জয়লাভ কৰে। মঙলবাৰে তৃতীয়খন মেচত জয়ী হ’লে ভাৰতে এই শৃংখলা জয় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক