--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ পাছত পাকিস্তানে হয়তো নিজৰ দেশত আন এখন প্ৰতিযোগিতা আয়োজন কৰিব নোৱাৰিব। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিব পাকিস্তানে। এই প্ৰতিযোগিতা ডুবাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ আপত্তিৰ বাবেই পুনৰ প্ৰতিযোগিতাখন পাকিস্তানৰ মাটিৰ পৰা আঁতৰি যাবলৈ ওলাইছে।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীয়ে এদিনীয়া বিশ্বকাপৰ পৰা প্ৰথম আঠটা দলক লৈ যাব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ইতিমধ্যে ঘোষণা কৰিছিল যে পাকিস্তানে আয়োজন কৰিব এই প্ৰতিযোগিতা।

অৱশ্যে সূত্ৰৰ মতে এই প্ৰতিযোগিতাও পাকিস্তানৰ মাটিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই। পাকিস্তানৰ বাহিৰে প্ৰতিযোগিতাখনৰ বাকী মেচসমূহ ডুবাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। চেম্পিয়নছ ট্ৰফী যোৱা এছিয়া কাপৰ দৰে হাইব্ৰিড হ’ব পাৰে।

২০২৫ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। নিৰাপত্তাজনিত কাৰণত ৰোহিত শৰ্মা, বিৰাট কোহলীক পাকিস্তানত খেলিবলৈ পঠিয়াবলৈ অনিচ্ছুক ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। স্থিতি সলনি কৰিবলৈ অনিচ্ছুক জয় শ্বহেৰা। অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই আই চি চি, বি চি চি আই অথবা পাকিস্তান ক্ৰিকেট ব’ৰ্ডে।

১৯৯৬ চনত পাকিস্তানে ভাৰতৰ সৈতে যৌথভাৱে বিশ্বকাপ আয়োজন কৰিছিল। ইয়াৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে ইমান বৃহৎ পৰিসৰৰ প্ৰতিযোগিতা আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে। স্বাভাৱিকতে পিচিবিৰ বছসকলে দেশৰ মাটিত চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব বিচাৰিব। কিন্তু বিচিচিআইৰ আপত্তিক লৈ আইচিচিৰ বিষয়াসকলে পাকিস্তানৰ দাবী কিমান দূৰলৈকে মানি ল’ব সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক