--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ পাছত পাকিস্তানে হয়তো নিজৰ দেশত আন এখন প্ৰতিযোগিতা আয়োজন কৰিব নোৱাৰিব। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিব পাকিস্তানে। এই প্ৰতিযোগিতা ডুবাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ আপত্তিৰ বাবেই পুনৰ প্ৰতিযোগিতাখন পাকিস্তানৰ মাটিৰ পৰা আঁতৰি যাবলৈ ওলাইছে।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীয়ে এদিনীয়া বিশ্বকাপৰ পৰা প্ৰথম আঠটা দলক লৈ যাব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ইতিমধ্যে ঘোষণা কৰিছিল যে পাকিস্তানে আয়োজন কৰিব এই প্ৰতিযোগিতা।

অৱশ্যে সূত্ৰৰ মতে এই প্ৰতিযোগিতাও পাকিস্তানৰ মাটিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই। পাকিস্তানৰ বাহিৰে প্ৰতিযোগিতাখনৰ বাকী মেচসমূহ ডুবাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। চেম্পিয়নছ ট্ৰফী যোৱা এছিয়া কাপৰ দৰে হাইব্ৰিড হ’ব পাৰে।

২০২৫ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। নিৰাপত্তাজনিত কাৰণত ৰোহিত শৰ্মা, বিৰাট কোহলীক পাকিস্তানত খেলিবলৈ পঠিয়াবলৈ অনিচ্ছুক ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। স্থিতি সলনি কৰিবলৈ অনিচ্ছুক জয় শ্বহেৰা। অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই আই চি চি, বি চি চি আই অথবা পাকিস্তান ক্ৰিকেট ব’ৰ্ডে।

১৯৯৬ চনত পাকিস্তানে ভাৰতৰ সৈতে যৌথভাৱে বিশ্বকাপ আয়োজন কৰিছিল। ইয়াৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে ইমান বৃহৎ পৰিসৰৰ প্ৰতিযোগিতা আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে। স্বাভাৱিকতে পিচিবিৰ বছসকলে দেশৰ মাটিত চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব বিচাৰিব। কিন্তু বিচিচিআইৰ আপত্তিক লৈ আইচিচিৰ বিষয়াসকলে পাকিস্তানৰ দাবী কিমান দূৰলৈকে মানি ল’ব সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক