--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ এইবাৰ আই পি এল খেলাৰ পৰা অৱসৰ ল’লে দীনেশ কাৰ্তিক। আগন্তুক টি-২০ বিশ্বকাপত কমেণ্টেটৰ হিচাপে দেখা যাব প্ৰাক্তন উইকেটকীপাৰ-বেটছমেনগৰাকীক। সম্প্ৰতি কাৰ্তিক আন এখন খেলৰ প্ৰস্তুতিত ব্যস্ত।

নতুন প্ৰস্তুতিত কাৰ্তিকৰ সহযোগী হৈছে নীৰজ চোপ্ৰা। শেহতীয়াকৈ টকিঅ’ অলিম্পিকত সোণ বিজয়ী জেভেলিন নিক্ষেপকাৰীগৰাকীৰ সৈতে অনুশীলন কৰা দেখা গৈছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক। কাৰ্তিকে নীৰজৰ পৰামৰ্শত ভালকৈ জেভেলিন দলিয়ালে। বিশ্ব চেম্পিয়ন খেলুৱৈগৰাকীয়েও তেওঁৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কাৰ্তিকে জেভলিন নিক্ষেপ কৰাৰ ভিডিঅ’।

পেৰিছ অলিম্পিকত স্থান লাভ কৰাৰ কোনো লক্ষ্য নাই কাৰ্তিকৰ। অৱশ্যে আগন্তুক অলিম্পিক উপলক্ষে তেওঁ টেলিভিছনত এক অনুষ্ঠান পৰিচালনা কৰিব। শ্ব’টোৰ নাম হৈছে ‘গেট চেট গোল্ড’। পেৰিছত পদক লাভ কৰাৰ সম্ভাৱনা থকা ভাৰতীয় খেলুৱৈসকলৰ প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰিব কাৰ্তিকে। সেই অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে তেওঁ নীৰজৰ লগত অনুশীলন কৰিছিল।

'গেট ছেট গোল্ড' আয়োজন কৰি উৎফুল্লিত কাৰ্তিক। তেওঁ কয়, ‘সকলো মহান খেলুৱৈৰ সৈতে কাম কৰাৰ সুযোগ পাই মই সন্মানিত হৈছো। অতি প্ৰেৰণাদায়ক অভিজ্ঞতা হ’বলৈ গৈ আছে। পৃথিৱীৰ সৰ্বোচ্চ মঞ্চত সফলতা লাভ কৰিবলৈ কেনেধৰণৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন সেয়া জানিবলৈ সুযোগ পাম।’!’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ