--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিমেক হ’ব নেকি বলিউডৰ ক্লাছিক ছৱি ‘শ্বোলে’? বলিউডৰ কোনো তাৰকা নহয়, ছৱিখনত দেখা যাব নেকি হাৰ্ডিক পাণ্ডিয়া আৰু মহেন্দ্ৰ সিং ধোনীক? ক্ৰিকেটৰ বাইশ গজৰ পৰা বিৰতি ল'বলৈ গৈ এইবাৰ ৰূপালী পৰ্দাত ধৰা দিবলৈ উলাইছে টীম ইণ্ডিয়াৰ দুই তাৰকাই? অলৰাউণ্ডাৰ পাণ্ডিয়াই নিজেই গণতন্ত্ৰ দিৱসত নিজৰ এখন ফটো পোষ্ট কৰি এই জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে৷

১৯৭৫ চনৰ চুপাৰহিট ছবি 'শ্বোলে'ত জয় আৰু বীৰুৰ যুটি এতিয়াও বন্ধুত্বৰ উদাহৰণ হিচাপে উল্লেখ কৰা হয়। মটৰচাইকেলত উঠি 'ইয়ে দোস্তি হাম নাহি টৰেঞ্জ' গানটো প্ৰজন্মৰ পাছত প্ৰজন্মই চাই আহিছে।

প্ৰকৃততে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোখনৰ দ্বাৰা হাৰ্ডিক পাণ্ডিয়াই সেই চিৰসেউজ গানটোৰ স্মৃতিকেই ঘূৰাই আনিছে।  হাৰ্ডিক পাণ্ডিয়াক বাইকত চালকৰ আসনত দেখা গৈছে। ভাৰতৰ প্ৰাক্তন অধিনায়ক ধোনীক চাইড কাৰখনত বহি থকা দেখা গৈছে। শ্বোলে চলচ্চিত্ৰখনতো ঠিক সেইটোৱেই দেখা গৈছিল। হাৰ্দিকে ছবিখনৰ শিৰোনাম দিছে- "সোনকালেই আহি আছে শোলে-২!"

হাৰ্দিক-ধোনীয়ে ধৰ্মেন্দ্ৰ আৰু অমিতাভ বচ্চনৰ উত্তৰাধিকাৰী হ'ব নেকি ৰূপালী পৰ্দাত? ফটোখন পোষ্ট কৰাৰ লগে লগে এই চৰ্চা আৰম্ভ হৈছে। নেটিজেনসকলে দুয়োজন ক্ৰিকেট তাৰকাৰ বন্ধুত্বকো প্ৰশংসা কৰিছে।

শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ খেল হ’ব ধোনীৰ ঘৰুৱা চহৰ ৰাঁচীত। য'ত হাৰ্দিকক টীম ইণ্ডিয়াৰ অধিনায়কৰ ৰূপত দেখা যাব। গতিকে হাৰ্দিকে তেওঁৰ প্ৰিয় তাৰকাৰ সৈতে বাইকত বহি এখন ফটো তুলিছিল। ৰাঁচীত দল ভাৰতৰ ক্ৰিকেটাৰসকলকো লগ কৰিছিল ধোনীয়ে। তেতিয়াই হাৰ্দিকে ধোনীৰ স’তে সেই ফটোখন তুলিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement