--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিমেক হ’ব নেকি বলিউডৰ ক্লাছিক ছৱি ‘শ্বোলে’? বলিউডৰ কোনো তাৰকা নহয়, ছৱিখনত দেখা যাব নেকি হাৰ্ডিক পাণ্ডিয়া আৰু মহেন্দ্ৰ সিং ধোনীক? ক্ৰিকেটৰ বাইশ গজৰ পৰা বিৰতি ল'বলৈ গৈ এইবাৰ ৰূপালী পৰ্দাত ধৰা দিবলৈ উলাইছে টীম ইণ্ডিয়াৰ দুই তাৰকাই? অলৰাউণ্ডাৰ পাণ্ডিয়াই নিজেই গণতন্ত্ৰ দিৱসত নিজৰ এখন ফটো পোষ্ট কৰি এই জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে৷

১৯৭৫ চনৰ চুপাৰহিট ছবি 'শ্বোলে'ত জয় আৰু বীৰুৰ যুটি এতিয়াও বন্ধুত্বৰ উদাহৰণ হিচাপে উল্লেখ কৰা হয়। মটৰচাইকেলত উঠি 'ইয়ে দোস্তি হাম নাহি টৰেঞ্জ' গানটো প্ৰজন্মৰ পাছত প্ৰজন্মই চাই আহিছে।

প্ৰকৃততে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোখনৰ দ্বাৰা হাৰ্ডিক পাণ্ডিয়াই সেই চিৰসেউজ গানটোৰ স্মৃতিকেই ঘূৰাই আনিছে।  হাৰ্ডিক পাণ্ডিয়াক বাইকত চালকৰ আসনত দেখা গৈছে। ভাৰতৰ প্ৰাক্তন অধিনায়ক ধোনীক চাইড কাৰখনত বহি থকা দেখা গৈছে। শ্বোলে চলচ্চিত্ৰখনতো ঠিক সেইটোৱেই দেখা গৈছিল। হাৰ্দিকে ছবিখনৰ শিৰোনাম দিছে- "সোনকালেই আহি আছে শোলে-২!"

হাৰ্দিক-ধোনীয়ে ধৰ্মেন্দ্ৰ আৰু অমিতাভ বচ্চনৰ উত্তৰাধিকাৰী হ'ব নেকি ৰূপালী পৰ্দাত? ফটোখন পোষ্ট কৰাৰ লগে লগে এই চৰ্চা আৰম্ভ হৈছে। নেটিজেনসকলে দুয়োজন ক্ৰিকেট তাৰকাৰ বন্ধুত্বকো প্ৰশংসা কৰিছে।

শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ খেল হ’ব ধোনীৰ ঘৰুৱা চহৰ ৰাঁচীত। য'ত হাৰ্দিকক টীম ইণ্ডিয়াৰ অধিনায়কৰ ৰূপত দেখা যাব। গতিকে হাৰ্দিকে তেওঁৰ প্ৰিয় তাৰকাৰ সৈতে বাইকত বহি এখন ফটো তুলিছিল। ৰাঁচীত দল ভাৰতৰ ক্ৰিকেটাৰসকলকো লগ কৰিছিল ধোনীয়ে। তেতিয়াই হাৰ্দিকে ধোনীৰ স’তে সেই ফটোখন তুলিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু