--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে কামৰাণ আকমলে। পাকিস্তানৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ঘৰুৱা ক্ৰিকেটতো নেখেলাৰ সিদ্ধান্ত লৈছে। আকমলে পাকিস্তান ছুপাৰ লীগ ফ্ৰেঞ্চাইজি পেছাৱাৰ জালমীৰ বেটিং কনচালটেণ্ট হিচাপে কাম কৰিব।

উল্লেখ্য যে সম্পৰ্কত পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ ককায়েক কামৰণ। কিন্তু যোৱা পাঁচ বছৰত তেওঁ জাতীয় দলত সুযোগ নাপালে। সেয়ে মঙলবাৰে ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলায় আকমলে। 

অৱশ্যে ক্ৰিকেটৰ সৈতে নিজকে জড়িত কৰি ৰাখিব। পাকিস্তান ছুপাৰ লীগৰ দল পেছাৱৰ জালমীৰ বেটিং কনচালটেণ্ট হিচাপে দেখা যাব আকমলক। বাবৰ সেই দলৰেই অধিনায়ক।

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি ৪১ বছৰীয়া আকমলে কয়, ‘পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মোক বিশেষ দায়িত্ব দিছে। ইয়াৰ পিছত মোৰ বাবে খেলি থকাৰ কোনো যুক্তি নাই।’’

উল্লেখ্য যে শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তেওঁক ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দায়িত্বও প্ৰদান কৰিছে।

২০০২ চনত আকমলে পাকিস্তানৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। শেষবাৰৰ বাবে ২০১৭ চনত দেশৰ হৈ খেলিছিল। পাকিস্তানৰ হৈ কামৰানে ৫৩খন টেষ্ট, ১৫৭খন এদিনীয়া আৰু ৫৮খন টি-২০ মেচ খেলিছে। তিনি প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ক্ৰমে ২৬৪৮, ৩২৩৬ আৰু ৯৮৭ ৰান সংগ্ৰহ কৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১১ শতক আৰু ২৭টা অৰ্ধশতক অৰ্জন কৰিছে। ২০১৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেশৰ হৈ অন্তিমখন এদিনীয়া মেচত অৱতীৰ্ণ হৈছিল উইকেটকীপাৰগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু