--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে কামৰাণ আকমলে। পাকিস্তানৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ঘৰুৱা ক্ৰিকেটতো নেখেলাৰ সিদ্ধান্ত লৈছে। আকমলে পাকিস্তান ছুপাৰ লীগ ফ্ৰেঞ্চাইজি পেছাৱাৰ জালমীৰ বেটিং কনচালটেণ্ট হিচাপে কাম কৰিব।

উল্লেখ্য যে সম্পৰ্কত পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ ককায়েক কামৰণ। কিন্তু যোৱা পাঁচ বছৰত তেওঁ জাতীয় দলত সুযোগ নাপালে। সেয়ে মঙলবাৰে ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলায় আকমলে। 

অৱশ্যে ক্ৰিকেটৰ সৈতে নিজকে জড়িত কৰি ৰাখিব। পাকিস্তান ছুপাৰ লীগৰ দল পেছাৱৰ জালমীৰ বেটিং কনচালটেণ্ট হিচাপে দেখা যাব আকমলক। বাবৰ সেই দলৰেই অধিনায়ক।

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি ৪১ বছৰীয়া আকমলে কয়, ‘পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মোক বিশেষ দায়িত্ব দিছে। ইয়াৰ পিছত মোৰ বাবে খেলি থকাৰ কোনো যুক্তি নাই।’’

উল্লেখ্য যে শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তেওঁক ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দায়িত্বও প্ৰদান কৰিছে।

২০০২ চনত আকমলে পাকিস্তানৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। শেষবাৰৰ বাবে ২০১৭ চনত দেশৰ হৈ খেলিছিল। পাকিস্তানৰ হৈ কামৰানে ৫৩খন টেষ্ট, ১৫৭খন এদিনীয়া আৰু ৫৮খন টি-২০ মেচ খেলিছে। তিনি প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ক্ৰমে ২৬৪৮, ৩২৩৬ আৰু ৯৮৭ ৰান সংগ্ৰহ কৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১১ শতক আৰু ২৭টা অৰ্ধশতক অৰ্জন কৰিছে। ২০১৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেশৰ হৈ অন্তিমখন এদিনীয়া মেচত অৱতীৰ্ণ হৈছিল উইকেটকীপাৰগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক