--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋষভ পণ্টক চৰিয়াব বিচাৰে কপিল দেৱে। ভয়াৱহ মটৰ দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত দিন কটাই থকা তাৰকা ক্ৰিকেটাৰগৰাকীৰ মংগলৰ বাবেই চৰ মাৰিব বিচাৰে ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে।

এটা সাক্ষাৎকাৰত কপিলে কয়- ''মই পণ্টক বহুত ভাল পাওঁ। যাতে মই গৈ তাক চৰ মাৰিব পাৰো, সেইবাবে তাৰ আশু আৰোগ্য কামনা কৰিলোঁ। মই তাক চৰ মাৰিম আৰু ক’ম যে নিজৰ ওপৰত গুৰুত্ব দিয়ক।’’

তেওঁ কয়- ''এই দুৰ্ঘটনাত কেৱল তেওঁৰ নিজৰ ক্ষতি নহয়, সমগ্ৰ দলটোও ক্ষতিগ্ৰস্ত হৈছে। ভাল পালেও তাৰ ওপৰত সেয়ে খং উঠিছে। নিজৰ জীৱনক ইমান বিপদত পেলোৱাৰ বাবে মই তাক চৰ মাৰিম।''

কপিলে নিজকে পণ্টৰ অভিভাৱক বুলি গণ্য কৰে। সেয়ে তেওঁ তাৰকাগৰাকীক শাসন কৰিব বিচাৰে। কপিলে কয়, "মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে সি সোনকালে সুস্থ হৈ উঠে। মোৰ সন্তানৰ দৰে সি। পিতৃ-মাতৃৰ যিদৰে সন্তানক অনুশাসন কৰাৰ অধিকাৰ আছে, মই তেনেকৈয়ে তাক চৰ মাৰি জীৱনৰ বিষয়ে শিকাব বিচাৰো।’’

উল্লেখ্য যে যোৱা বছৰৰ ৩০ ডিচেম্বৰত পণ্টে এক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। তেতিয়াৰ পৰাই তেওঁ চিকিৎসালয়ত আছে। দুটাকৈ অস্ত্ৰোপচাৰো কৰা হৈছে পণ্টৰ। এতিয়া আৰোগ্যৰ পথেৰে আগবাঢ়িছে তাৰকাগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু