--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋষভ পণ্টক চৰিয়াব বিচাৰে কপিল দেৱে। ভয়াৱহ মটৰ দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত দিন কটাই থকা তাৰকা ক্ৰিকেটাৰগৰাকীৰ মংগলৰ বাবেই চৰ মাৰিব বিচাৰে ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে।

এটা সাক্ষাৎকাৰত কপিলে কয়- ''মই পণ্টক বহুত ভাল পাওঁ। যাতে মই গৈ তাক চৰ মাৰিব পাৰো, সেইবাবে তাৰ আশু আৰোগ্য কামনা কৰিলোঁ। মই তাক চৰ মাৰিম আৰু ক’ম যে নিজৰ ওপৰত গুৰুত্ব দিয়ক।’’

তেওঁ কয়- ''এই দুৰ্ঘটনাত কেৱল তেওঁৰ নিজৰ ক্ষতি নহয়, সমগ্ৰ দলটোও ক্ষতিগ্ৰস্ত হৈছে। ভাল পালেও তাৰ ওপৰত সেয়ে খং উঠিছে। নিজৰ জীৱনক ইমান বিপদত পেলোৱাৰ বাবে মই তাক চৰ মাৰিম।''

কপিলে নিজকে পণ্টৰ অভিভাৱক বুলি গণ্য কৰে। সেয়ে তেওঁ তাৰকাগৰাকীক শাসন কৰিব বিচাৰে। কপিলে কয়, "মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে সি সোনকালে সুস্থ হৈ উঠে। মোৰ সন্তানৰ দৰে সি। পিতৃ-মাতৃৰ যিদৰে সন্তানক অনুশাসন কৰাৰ অধিকাৰ আছে, মই তেনেকৈয়ে তাক চৰ মাৰি জীৱনৰ বিষয়ে শিকাব বিচাৰো।’’

উল্লেখ্য যে যোৱা বছৰৰ ৩০ ডিচেম্বৰত পণ্টে এক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। তেতিয়াৰ পৰাই তেওঁ চিকিৎসালয়ত আছে। দুটাকৈ অস্ত্ৰোপচাৰো কৰা হৈছে পণ্টৰ। এতিয়া আৰোগ্যৰ পথেৰে আগবাঢ়িছে তাৰকাগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক