--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াই এদিনীয়া ক্ৰিকেটত বিশ্ব জয় কৰাৰ পিছত ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলি আছে। তাত প্ৰথম দুখন মেচত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া। তৃতীয় মেচত জয়ী হৈছে। বিশ্বকাপ বিজয়ী অধিনায়ক পেট কামিন্স এই ছিৰিজত নাই। জিৰণি লোৱা কামিন্সে দলটোৰ পৰাজয়ক বেছি গুৰুত্বসহকাৰে লোৱা নাই।

বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰাৰ চাৰিদিন পিছতে আৰম্ভ হৈছিল টি-২০ শৃংখলা। সেই দলৰ পৰা সাতজন ক্ৰিকেটাৰক ৰাখি অষ্ট্ৰেলিয়াই দলটো গঠন কৰিছিল। যদিও তেওঁলোকে প্ৰথম দুখন মেচৰ অন্তত ছয়জনক দেশলৈ ঘূৰাই পঠিয়াইছে।

কামিন্সে কয়, “তেওঁলোক মানুহ, ৰবট নহয়। বিশ্বকাপত সকলো উজাৰি দিছিল। দুদিন পিছত আকৌ খেলিবলৈ নামি আহিলে ১০০ শতাংশ দিব নোৱাৰিলেও একো নকয়। অৱশ্যেই তেওঁলোকে অষ্ট্ৰেলিয়াৰ হৈ খেলিছে। এই চিৰিজটো তৰুণসকলৰ বাবে এক ডাঙৰ সুযোগ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক