--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটক ভাৰতৰ উৎসৱৰ দৰে উদ্‌যাপন কৰা হয়৷ সদ্যসমাপ্ত আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল ভাৰত। ভাৰতৰ পৰাজয়ৰ লগে লগে লাখ লাখ ভাৰতীয় অনুৰাগীৰ বিশ্ব চেম্পিয়ন হোৱাৰ স্বপ্নভংগ হয় যদিও প্ৰতিযোগিতাখনত বিৰাট কোহলীৰ প্ৰদৰ্শন আছিল উৎকৃষ্ট। অৱশ্যে এতিয়া কোহলীয়ে লোৱা এটা সিদ্ধান্তৰে ক্ৰিকেট অনুৰাগীক আচৰিত কৰি তুলিছে। দৰাচলতে কোহলীয়ে দক্ষিণ আফ্ৰিকা ভ্ৰমণত হোৱাইট বল (এদিনীয়া-টি২০) শৃংখলা খেলিবলৈ অস্বীকাৰ কৰিছে। প্ৰতিবেদন অনুসৰি কোহলীয়ে বগা বলৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত বিচিচিআইক অৱগত কৰিছে।

ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক বগা বল ক্ৰিকেট খেলা দেখা যাব নে নাই সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা নাই। প্ৰতিবেদন অনুসৰি, কোহলীয়ে বিচিচিআই আৰু বাছনি সমিতিক জনাইছে যে তেওঁ নিজেই তথ্য দিব যে তেওঁ কেতিয়া বগা বল ক্ৰিকেটৰ বাবে উপলব্ধ হ’ব। এনে পৰিস্থিতিত কিং কোহলীৰ অনুৰাগীসকলেও অনুমান কৰিবলৈ আৰম্ভ কৰিছে যে হয়তো বিৰাটে বগা বল ক্ৰিকেটৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰম্ভ কৰিছে।

বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লোৱা ৰোহিত শৰ্মাৰ পৰা এতিয়ালৈকে এনে কোনো বক্তব্য ওলোৱা নাই। আজিকালি বিৰাট কোহলী আৰু ৰোহিত শৰ্মা পৰিয়ালসহ লণ্ডনত আছে। একে সময়তে যদি ৰোহিত শৰ্মায়ো আফ্ৰিকাৰ বিৰুদ্ধে হোৱাইট বল ফৰ্মেটত খেলিবলৈ অস্বীকাৰ কৰে তেন্তে কে এল ৰাহুলক দলৰ দায়িত্ব দিয়া হ’ব। উল্লেখ্য যে ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ সৈতে ৩ খন মেচৰ টি-২০ ছিৰিজ খেলিব। ইয়াৰ পাছত ৩খন মেচৰ এদিনীয়া শৃংখলা আৰু অৱশেষত দুয়োটা দলৰ মাজত ২খন টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হ’ব।

গত বিশ্বকাপত বিৰাট কোহলীয়ে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। তেওঁ ১১ টা ইনিংছত মুঠ ৭৬৫ ৰান সংগ্ৰহ কৰিছে যিটো বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ আছিল শচীন টেণ্ডুলকাৰৰ নামত, যিয়ে ২০০৩ চনত ১১খন মেচ খেলি ৬৭৩ ৰাণ সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক