--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটক ভাৰতৰ উৎসৱৰ দৰে উদ্‌যাপন কৰা হয়৷ সদ্যসমাপ্ত আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল ভাৰত। ভাৰতৰ পৰাজয়ৰ লগে লগে লাখ লাখ ভাৰতীয় অনুৰাগীৰ বিশ্ব চেম্পিয়ন হোৱাৰ স্বপ্নভংগ হয় যদিও প্ৰতিযোগিতাখনত বিৰাট কোহলীৰ প্ৰদৰ্শন আছিল উৎকৃষ্ট। অৱশ্যে এতিয়া কোহলীয়ে লোৱা এটা সিদ্ধান্তৰে ক্ৰিকেট অনুৰাগীক আচৰিত কৰি তুলিছে। দৰাচলতে কোহলীয়ে দক্ষিণ আফ্ৰিকা ভ্ৰমণত হোৱাইট বল (এদিনীয়া-টি২০) শৃংখলা খেলিবলৈ অস্বীকাৰ কৰিছে। প্ৰতিবেদন অনুসৰি কোহলীয়ে বগা বলৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত বিচিচিআইক অৱগত কৰিছে।

ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক বগা বল ক্ৰিকেট খেলা দেখা যাব নে নাই সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা নাই। প্ৰতিবেদন অনুসৰি, কোহলীয়ে বিচিচিআই আৰু বাছনি সমিতিক জনাইছে যে তেওঁ নিজেই তথ্য দিব যে তেওঁ কেতিয়া বগা বল ক্ৰিকেটৰ বাবে উপলব্ধ হ’ব। এনে পৰিস্থিতিত কিং কোহলীৰ অনুৰাগীসকলেও অনুমান কৰিবলৈ আৰম্ভ কৰিছে যে হয়তো বিৰাটে বগা বল ক্ৰিকেটৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰম্ভ কৰিছে।

বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লোৱা ৰোহিত শৰ্মাৰ পৰা এতিয়ালৈকে এনে কোনো বক্তব্য ওলোৱা নাই। আজিকালি বিৰাট কোহলী আৰু ৰোহিত শৰ্মা পৰিয়ালসহ লণ্ডনত আছে। একে সময়তে যদি ৰোহিত শৰ্মায়ো আফ্ৰিকাৰ বিৰুদ্ধে হোৱাইট বল ফৰ্মেটত খেলিবলৈ অস্বীকাৰ কৰে তেন্তে কে এল ৰাহুলক দলৰ দায়িত্ব দিয়া হ’ব। উল্লেখ্য যে ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ সৈতে ৩ খন মেচৰ টি-২০ ছিৰিজ খেলিব। ইয়াৰ পাছত ৩খন মেচৰ এদিনীয়া শৃংখলা আৰু অৱশেষত দুয়োটা দলৰ মাজত ২খন টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হ’ব।

গত বিশ্বকাপত বিৰাট কোহলীয়ে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। তেওঁ ১১ টা ইনিংছত মুঠ ৭৬৫ ৰান সংগ্ৰহ কৰিছে যিটো বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ আছিল শচীন টেণ্ডুলকাৰৰ নামত, যিয়ে ২০০৩ চনত ১১খন মেচ খেলি ৬৭৩ ৰাণ সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক