--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ঘৰুৱা ক্ৰিকেটত উজ্জ্বলি উঠিছে ৰিয়ান পৰাগ৷চলি থকা দেওধৰ ট্ৰফীত পুনৰ এবাৰ ৰাজস্থান ৰয়েলছৰ অল-ৰাউণ্ডাৰগৰাকীয়ে শতক অৰ্জন কৰে। বৰ্তমান দেওধৰ ট্ৰফীত ইষ্ট জ’নৰ হৈ খেলি থকা পৰাগে ৬৮টা বলত অপৰাজিত ১০২ ৰান সংগ্ৰহ কৰি ইনিংছ সমাপ্ত কৰে।

আজি ক্ৰিকেট এছ’চিয়েশ্যনৰ পুডুচেৰী খেলপথাৰত ৬৮টা বলৰ ইনিংছত পৰাগে ৬টা চাৰি আৰু ৫টা ছিক্সাৰ কোবাই দলটোক ৩১৯/৭ ৰাণত উপনীত হোৱাত সহায় কৰে৷

লক্ষণীয়ভাৱে উৎকর্ষ সিঙে ৫২ বলত ৫০ ৰান সংগ্ৰহ কৰে, উইকেটকীপাৰ বেটছমেন কুমাৰ কুশাগ্ৰয়ো ৪৭টা ডেলিভাৰীত অৰ্ধশতক অৰ্জন কৰে, ইফালে বিৰাট সিঙেও অৰ্ধশতক অৰ্জন কৰে।

ৰিয়ান পৰাগৰ এই উজ্জ্বল প্ৰদৰ্শনক লৈ অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷২১ বছৰীয়া ৰিয়ানে ১০২ ৰান কৰাৰ পাছত টুইটাৰত ধুমুহাৰ দৰে অনুৰাগীয়ে পৰাগৰ ন’কক প্ৰশংসা কৰে৷

চলি থকা মেচখনৰ কথা ক’বলৈ গ’লে ইষ্ট জ’নে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ পথ বাছি লয়। ৫০ অভাৰৰ ইনিংছত ৩১৯ ৰান সংগ্ৰহ কৰি পশ্চিম মণ্ডলৰ বিৰুদ্ধে খেলখনৰ ইনিংছ সমাপ্ত কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক