--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰিবিয়ান প্ৰিমিয়াৰ লীগ লেহেমীয়া বলিঙৰ ক্ষেত্ৰত কঠোৰ হৈছে। এতিয়াৰ পৰা যদি লেহেমিয়া বলিং কৰে তেন্তে আম্পায়াৰে ফিল্ডাৰক ৰঙা কাৰ্ড দেখুৱাব। অৰ্থাৎ শেষৰ অভাৰত ১০ জন ফিল্ডাৰ খেলপথাৰত থাকিব। পুৰুষ আৰু মহিলা কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজনৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।

কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ সঞ্চালক মাইকেল হলে কয়- ‘‘টি-২০ত খেলৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আমি সেইটো সলনি কৰিব বিচাৰো। গতিকে নতুন নিয়ম লৈ আহিলোঁ। আশাকৰোঁ কোনো দলে এই শাস্তি নাপাব। ক্ৰিকেটাৰসকলে নিজকে শুধৰাই ল’ব৷ কিন্তু কোনো দলৰ ভুল হ’লে আম্পায়াৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব।’’

মাইকেলে লগতে কয় কি কি নিয়ম প্ৰণয়ন কৰা হৈছে। ১৮ নং অভাৰৰ আৰম্ভণিতে যদি বলিং দলটো সময়ৰ পিছ পৰি থকা দেখা যায় তেন্তে ৩০ গজৰ বৃত্তৰ ভিতৰত এজন অতিৰিক্ত ফিল্ডাৰ থাকিব লাগিব। ১৯ নং অভাৰৰ আৰম্ভণিতে যদি বলিং দলটোৱে সময়সূচীৰ পিছত দৌৰিছে তেন্তে ৩০ গজৰ চক্ৰৰ ভিতৰত দুজন অতিৰিক্ত ফিল্ডাৰ থাকিব লাগিব। অৰ্থাৎ বাউণ্ডেৰীত মাত্ৰ তিনিজন ফিল্ডাৰ থাকিব।

যদি ২০ অভাৰৰ আগতেও বলিং দলটো সময়ৰ পিছ পৰি থাকে, তেন্তে এজন ফিল্ডাৰক ৰঙা কাৰ্ড দেখুওৱা হ’ব। অৰ্থাৎ খেলপথাৰ এৰি যাব লাগিব। বলিং দলৰ অধিনায়কে সিদ্ধান্ত ল’ব কোনজন ফিল্ডাৰ বাহিৰলৈ ওলাই যাব। অৰ্থাৎ শেষৰ অভাৰত ৩০ গজৰ চক্ৰৰ ভিতৰত ছয়জন ফিল্ডাৰ আৰু বাহিৰত মাত্ৰ দুজন ফিল্ডাৰ থাকিব।

টি-২০ মেচত এটা ইনিংছ সম্পূৰ্ণ কৰিবলৈ ৮৫ মিনিট সময় নিৰ্ধাৰণ কৰা হয়। সেই হিচাপে বলিং দলটোৱে ১৭ নং অভাৰটো ৭২ মিনিট ১৫ ছেকেণ্ডত, ১৮ নং অভাৰটো ৭৬ মিনিট ৩০ ছেকেণ্ডত আৰু ১৯ নং অভাৰটো ৮০ মিনিট ৪৫ ছেকেণ্ডত সম্পূৰ্ণ কৰিব লাগিব। মাইকেলে কয় যে অভাৰ সময়মতে শেষ হয় নে নহয় তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হ’ব। যদি নাই তেন্তে শাস্তি পাব বুলিও কয়।

চলিত বৰ্ষৰ ১৭ আগষ্টৰ পৰা আৰম্ভ হ’ব কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ পুৰুষৰ প্ৰতিযোগিতা। ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মহিলা প্ৰতিযোগিতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক