--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : জাৰ্মান একনায়কত্ববাদী নেতা হিটলাৰৰ ঘড়ীটো আমেৰিকাত ১১ লাখ ডলাৰত নিলাম কৰা হৈছিল। এই নিলামৰ আয়োজন কৰিছিল আমেৰিকাৰ মেৰিলেণ্ডৰ আলেকজেণ্ডাৰ হিষ্ট’ৰিকেল অকচনে। এই ঘড়ীটো কিনিছে এজন অনামী ব্যক্তিয়ে। হিটলাৰৰ এই ঘড়ীটো বনাইছিল জাৰ্মান ঘড়ী সংস্থা হিউমাৰে।

 ঘড়ীৰ ইতিহাস কি?

নিলাম কোম্পানীটোৰ মতে, এই ঘড়ীটো হিটলাৰে ৪৪সংখ্যক জন্মদিনত লাভ কৰিছিল। ইতিহাস বিশেষজ্ঞসকলে ঘড়ীটোৰ প্ৰামাণ্যতা পৰীক্ষা কৰিছিল আৰু তেওঁলোকৰ তদন্তত ঘড়ীটো আচল বুলি প্ৰমাণিত কৰিছিল। কোৱা হয় যে ১৯৪৫ চনৰ ৪ মে’ত ফৰাচী সৈন্যৰ এটা দলে বাৰ্গহোপত হিটলাৰৰ ঘৰত আক্ৰমণ চলোৱাৰ লগতে কৰিছিল লুটপাত।

 নিলামত আৰু সামগ্ৰী আছিল-

এক খবৰ অনুসৰি এই নিলামত হিটলাৰৰ ঘড়ীৰ লগত আন আন সামগ্ৰীও আছিল, য’ত হিটলাৰৰ পত্নী ইভা ব্ৰাউনৰ পোছাক আৰু হিটলাৰৰ বিষয়াসকলৰ স্বাক্ষৰিত ফটোও আছিল।

 নিলামত আপত্তি-

সংবাদ মাধ্যমত প্ৰকাশিত একাংশ বাতৰিত কোৱা হৈছে যে এই সপ্তাহত অনুষ্ঠিত হোৱা ঘড়ীটোৰ নিলামত ইহুদী নেতা আৰু আন একাংশই তীব্ৰ আপত্তি কৰি ঘড়ীটোৰ কোনো ঐতিহাসিক মূল্য নাই বুলিও কয়। চেচাপিক চহৰত এই ঐতিহাসিক সামগ্ৰীসমূহ নিলাম কৰা আলেকজেণ্ডাৰ হিষ্ট’ৰিকেল অকচনে এই ঘড়ীটোক ঐতিহাসিকভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসাৱশেষ বুলি অভিহিত কৰি ইয়াৰ মূল্য ২০ৰ পৰা ৪০ লাখ ডলাৰৰ ভিতৰত নিৰ্ধাৰণ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু