--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : জাৰ্মান একনায়কত্ববাদী নেতা হিটলাৰৰ ঘড়ীটো আমেৰিকাত ১১ লাখ ডলাৰত নিলাম কৰা হৈছিল। এই নিলামৰ আয়োজন কৰিছিল আমেৰিকাৰ মেৰিলেণ্ডৰ আলেকজেণ্ডাৰ হিষ্ট’ৰিকেল অকচনে। এই ঘড়ীটো কিনিছে এজন অনামী ব্যক্তিয়ে। হিটলাৰৰ এই ঘড়ীটো বনাইছিল জাৰ্মান ঘড়ী সংস্থা হিউমাৰে।

 ঘড়ীৰ ইতিহাস কি?

নিলাম কোম্পানীটোৰ মতে, এই ঘড়ীটো হিটলাৰে ৪৪সংখ্যক জন্মদিনত লাভ কৰিছিল। ইতিহাস বিশেষজ্ঞসকলে ঘড়ীটোৰ প্ৰামাণ্যতা পৰীক্ষা কৰিছিল আৰু তেওঁলোকৰ তদন্তত ঘড়ীটো আচল বুলি প্ৰমাণিত কৰিছিল। কোৱা হয় যে ১৯৪৫ চনৰ ৪ মে’ত ফৰাচী সৈন্যৰ এটা দলে বাৰ্গহোপত হিটলাৰৰ ঘৰত আক্ৰমণ চলোৱাৰ লগতে কৰিছিল লুটপাত।

 নিলামত আৰু সামগ্ৰী আছিল-

এক খবৰ অনুসৰি এই নিলামত হিটলাৰৰ ঘড়ীৰ লগত আন আন সামগ্ৰীও আছিল, য’ত হিটলাৰৰ পত্নী ইভা ব্ৰাউনৰ পোছাক আৰু হিটলাৰৰ বিষয়াসকলৰ স্বাক্ষৰিত ফটোও আছিল।

 নিলামত আপত্তি-

সংবাদ মাধ্যমত প্ৰকাশিত একাংশ বাতৰিত কোৱা হৈছে যে এই সপ্তাহত অনুষ্ঠিত হোৱা ঘড়ীটোৰ নিলামত ইহুদী নেতা আৰু আন একাংশই তীব্ৰ আপত্তি কৰি ঘড়ীটোৰ কোনো ঐতিহাসিক মূল্য নাই বুলিও কয়। চেচাপিক চহৰত এই ঐতিহাসিক সামগ্ৰীসমূহ নিলাম কৰা আলেকজেণ্ডাৰ হিষ্ট’ৰিকেল অকচনে এই ঘড়ীটোক ঐতিহাসিকভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসাৱশেষ বুলি অভিহিত কৰি ইয়াৰ মূল্য ২০ৰ পৰা ৪০ লাখ ডলাৰৰ ভিতৰত নিৰ্ধাৰণ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ