--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে প্ৰেম হৈছে পৃথিৱীৰ শ্ৰেষ্ঠতম অনুভূতি। এনে বহুতো কাহিনী আপুনি পাব, য’ত মানুহে প্ৰেমৰ বাবে সমগ্ৰ বিশ্বৰ লগত যুঁজিছিল। কিছুমান মানুহৰ ভণ্ডামিৰ বাবে প্ৰেমৰ দৰে পবিত্ৰ সম্পৰ্ক এটাও কুৎসিত হৈ পৰে আৰু এজন প্ৰেমময় সংগীয়ে আনজন সংগীৰ ভুলৰ শাস্তি বহন কৰিবলগীয়া হয়। ৰাছিয়াৰ এগৰাকী যুৱতীৰ ক্ষেত্ৰতো এনে ঘটনা ঘটিল, যিয়ে এগৰাকী কাৰাবন্দীক হৃদয়ৰ পৰা ভাল পাইছিল। কাৰাবন্দীজনেও তেওঁক ভাল পাইছিল। প্ৰেমত পৰি দুয়োজনে বিয়াৰ সিদ্ধান্ত ল’লে, কিন্তু ল’ৰাজনে বিয়াৰ দিনাই প্ৰেমিকাক কৰিলে হত্যা। এই আচৰিত ঘটনাই সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাছিয়াত বাস কৰা অক্সানা পৌলুডেন্টেচেভাই কাৰাগাৰত থকা ৩৫ বছৰীয়া যুৱক ষ্টেপান ডলজিখক লগ পাইছিল। হত্যাৰ অভিযোগত কাৰাগাৰত 
বন্দী হৈ আছিল ষ্টেপান। প্ৰথম দৃষ্টিতে দুয়োজনে ইজনে সিজনৰ প্ৰেমত পৰিছিল। ইয়াৰ পিছত দুয়োজনে ইজনে সিজনলৈ চিঠি লিখি মনৰ কথা পাতিছিল কিছুদিনৰ পাছতে দুয়োজনে বিয়া পতাৰ সিদ্ধান্ত ল’লে। অক্সানাৰ পৰিয়ালৰ সদস্যই হত্যাকাৰীৰ সৈতে তেওঁৰ বিবাহক লৈ বহু আপত্তি কৰিছিল, কিন্তু অক্সানাই তেতিয়া ঘৰৰ সকলোকে বুজাইছিল যে ষ্টেপান সলনি হৈছে।

অক্সানাৰ জেদৰ সন্মুখত হাৰ মানি পৰিয়ালটোৱে দুয়োৰে বিয়াত সন্মতি দিলে। তেওঁলোকৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হ’ল। দুয়োজনে বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনক বিয়ালৈ মাতিছিল। দুয়োৰে ধুমধামেৰে বিয়া হৈছিল। এই সময়ছোৱাত কইনা অক্সানাই এজন পুৰুষ ​​অতিথিৰ লগত কথা পাতি আছিল। তাকে দেখি ভীষণ খং উঠে দৰা ষ্টেপান ডলজিখৰ। তেওঁ হিতাহিত জ্ঞান হেৰুৱাই সকলোৰে সন্মুখত মাৰপিট কৰি অক্সানাক হত্যা কৰে।

দ্বিতীয়টো হত্যাকাণ্ডত অভিযুক্ত ষ্টেপান ডলজিখক যেতিয়া আদালতত হাজিৰ কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল যে তেওঁ সেইদিনা মদ্যপান কৰিছিল আৰু পত্নীয়ে কাৰোবাৰ লগত কথা পাতি থকা দেখি তেওঁ অনুভৱ কৰিছিল যে পত্নীয়ে তেওঁক প্ৰতাৰণা কৰিছে। সেইবাবেই তেওঁ ন-কইনাক মাৰপিট কৰিছিল, তেওঁক হত্যা কৰাৰ কোনো উদ্দেশ্য নাছিল। মদ্যপান কৰা বাবে এনে হৈ গ’ল। কিন্তু আদালতে তেওঁৰ যুক্তি নাকচ কৰি ১৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ