--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে প্ৰেম হৈছে পৃথিৱীৰ শ্ৰেষ্ঠতম অনুভূতি। এনে বহুতো কাহিনী আপুনি পাব, য’ত মানুহে প্ৰেমৰ বাবে সমগ্ৰ বিশ্বৰ লগত যুঁজিছিল। কিছুমান মানুহৰ ভণ্ডামিৰ বাবে প্ৰেমৰ দৰে পবিত্ৰ সম্পৰ্ক এটাও কুৎসিত হৈ পৰে আৰু এজন প্ৰেমময় সংগীয়ে আনজন সংগীৰ ভুলৰ শাস্তি বহন কৰিবলগীয়া হয়। ৰাছিয়াৰ এগৰাকী যুৱতীৰ ক্ষেত্ৰতো এনে ঘটনা ঘটিল, যিয়ে এগৰাকী কাৰাবন্দীক হৃদয়ৰ পৰা ভাল পাইছিল। কাৰাবন্দীজনেও তেওঁক ভাল পাইছিল। প্ৰেমত পৰি দুয়োজনে বিয়াৰ সিদ্ধান্ত ল’লে, কিন্তু ল’ৰাজনে বিয়াৰ দিনাই প্ৰেমিকাক কৰিলে হত্যা। এই আচৰিত ঘটনাই সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাছিয়াত বাস কৰা অক্সানা পৌলুডেন্টেচেভাই কাৰাগাৰত থকা ৩৫ বছৰীয়া যুৱক ষ্টেপান ডলজিখক লগ পাইছিল। হত্যাৰ অভিযোগত কাৰাগাৰত 
বন্দী হৈ আছিল ষ্টেপান। প্ৰথম দৃষ্টিতে দুয়োজনে ইজনে সিজনৰ প্ৰেমত পৰিছিল। ইয়াৰ পিছত দুয়োজনে ইজনে সিজনলৈ চিঠি লিখি মনৰ কথা পাতিছিল কিছুদিনৰ পাছতে দুয়োজনে বিয়া পতাৰ সিদ্ধান্ত ল’লে। অক্সানাৰ পৰিয়ালৰ সদস্যই হত্যাকাৰীৰ সৈতে তেওঁৰ বিবাহক লৈ বহু আপত্তি কৰিছিল, কিন্তু অক্সানাই তেতিয়া ঘৰৰ সকলোকে বুজাইছিল যে ষ্টেপান সলনি হৈছে।

অক্সানাৰ জেদৰ সন্মুখত হাৰ মানি পৰিয়ালটোৱে দুয়োৰে বিয়াত সন্মতি দিলে। তেওঁলোকৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হ’ল। দুয়োজনে বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনক বিয়ালৈ মাতিছিল। দুয়োৰে ধুমধামেৰে বিয়া হৈছিল। এই সময়ছোৱাত কইনা অক্সানাই এজন পুৰুষ ​​অতিথিৰ লগত কথা পাতি আছিল। তাকে দেখি ভীষণ খং উঠে দৰা ষ্টেপান ডলজিখৰ। তেওঁ হিতাহিত জ্ঞান হেৰুৱাই সকলোৰে সন্মুখত মাৰপিট কৰি অক্সানাক হত্যা কৰে।

দ্বিতীয়টো হত্যাকাণ্ডত অভিযুক্ত ষ্টেপান ডলজিখক যেতিয়া আদালতত হাজিৰ কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল যে তেওঁ সেইদিনা মদ্যপান কৰিছিল আৰু পত্নীয়ে কাৰোবাৰ লগত কথা পাতি থকা দেখি তেওঁ অনুভৱ কৰিছিল যে পত্নীয়ে তেওঁক প্ৰতাৰণা কৰিছে। সেইবাবেই তেওঁ ন-কইনাক মাৰপিট কৰিছিল, তেওঁক হত্যা কৰাৰ কোনো উদ্দেশ্য নাছিল। মদ্যপান কৰা বাবে এনে হৈ গ’ল। কিন্তু আদালতে তেওঁৰ যুক্তি নাকচ কৰি ১৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু