--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰত এইবাৰ যোগ হ’ল চুম্বন বিতৰ্ক। কিছুমান প্ৰাৰ্থীয়ে কৰা কেতবোৰ অদ্ভূত কাণ্ডই  প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। তেনে এক বিতৰ্ক এইবাৰ সৃষ্টি হৈছে পশ্চিমবংগত। বংগৰ মালদা নৰ্থৰ বিজেপি প্ৰাৰ্থী খগেন মুৰ্মুৰ এখন ছবি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।   ৰাজ্যখনৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে (টিএমচি) এক্স-হেণ্ডেলত খগেন মুৰ্মুৰ  বিতৰ্কিত ছবি প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তৃণমূলে এক্সত লিথেছে "মোদীৰ পৰিয়ালে এনেদৰে মহিলাসকলক সন্মান কৰাত ব্যস্ত হৈ পৰিছে। '

খগেন মুৰ্মুৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ছবিত দেখা গৈছে যে তেওঁ এগৰাকী মহিলাক চুম্বন কৰিছে। প্ৰাৰ্থীগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে তৃণমূল কংগ্ৰেছ। ৰাজহুৱা স্থানত প্ৰাৰ্থীগৰাকীয়ে কৰা এনে আচৰণক বহুতেই গৰিহণা দিছে। ইফালে ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰাৰ্থী  খগেন মুৰ্মুৱে মুখ খুলিছে। মুৰ্মুৱে কয় "এয়াই টিএমচিৰ সংস্কৃতি। সকলোৱে শিশুক আদৰ কৰে। ছোৱালীজনী  মোৰ অতি ঘনিষ্ঠ আৰু পৰিচিত। ঘটনাটোৰ সময়ত ছোৱালীজনীৰ মাক-দেউতাকো তেওঁৰ লগত আছিল। 

টিএমচিয়ে ছবিখন ফেচবুকত ভাইৰেল কৰি মহিলাক অপমান কৰিছে।’’ মুৰ্মুৱে লগতে কয় যে ঘটনাটোকলৈ তেওঁ চাইবাৰ অপৰাধ আৰু আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব। ইফালে, স্থানীয় টিএমচি নেতা বাবলাই কয়, "আমি ছবিখন দেখিছো। হয়তো তেওঁৰ ছোৱালীজনীক চিনি পায়। কিন্তু ৰাজহুৱা স্থানত  চুম্বন কৰাটো  অত্যন্ত নিন্দনীয়।এনে ছবি সাধাৰণতে উত্তৰ প্ৰদেশ,  বিহাৰত দেখা যায়। কিন্তু বংগত এনে ধৰণৰ ঘটনা সঁচাকৈয়ে নিন্দনীয়।’’  জানিব পৰা মতে  খগেনে চুম্বন কৰা ছোৱালীজনী এগৰাকী নাৰ্চিং ছাত্ৰী।  বিতৰ্কৰ পিছতে ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ নিৰ্বাচন আয়োগৰ ওচৰত ঘটনাৰ বিষয়ে লিখিত অভিযোগ দাখিল কৰিব।উল্লেখ্য এই খবৰটো ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ লগতে সংবাদ প্ৰতিদিন, জি নিউজ, হিন্দুস্তান টাইমছ আদিতো প্ৰকাশ পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু