--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰত এইবাৰ যোগ হ’ল চুম্বন বিতৰ্ক। কিছুমান প্ৰাৰ্থীয়ে কৰা কেতবোৰ অদ্ভূত কাণ্ডই  প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। তেনে এক বিতৰ্ক এইবাৰ সৃষ্টি হৈছে পশ্চিমবংগত। বংগৰ মালদা নৰ্থৰ বিজেপি প্ৰাৰ্থী খগেন মুৰ্মুৰ এখন ছবি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।   ৰাজ্যখনৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে (টিএমচি) এক্স-হেণ্ডেলত খগেন মুৰ্মুৰ  বিতৰ্কিত ছবি প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তৃণমূলে এক্সত লিথেছে "মোদীৰ পৰিয়ালে এনেদৰে মহিলাসকলক সন্মান কৰাত ব্যস্ত হৈ পৰিছে। '

খগেন মুৰ্মুৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ছবিত দেখা গৈছে যে তেওঁ এগৰাকী মহিলাক চুম্বন কৰিছে। প্ৰাৰ্থীগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে তৃণমূল কংগ্ৰেছ। ৰাজহুৱা স্থানত প্ৰাৰ্থীগৰাকীয়ে কৰা এনে আচৰণক বহুতেই গৰিহণা দিছে। ইফালে ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰাৰ্থী  খগেন মুৰ্মুৱে মুখ খুলিছে। মুৰ্মুৱে কয় "এয়াই টিএমচিৰ সংস্কৃতি। সকলোৱে শিশুক আদৰ কৰে। ছোৱালীজনী  মোৰ অতি ঘনিষ্ঠ আৰু পৰিচিত। ঘটনাটোৰ সময়ত ছোৱালীজনীৰ মাক-দেউতাকো তেওঁৰ লগত আছিল। 

টিএমচিয়ে ছবিখন ফেচবুকত ভাইৰেল কৰি মহিলাক অপমান কৰিছে।’’ মুৰ্মুৱে লগতে কয় যে ঘটনাটোকলৈ তেওঁ চাইবাৰ অপৰাধ আৰু আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব। ইফালে, স্থানীয় টিএমচি নেতা বাবলাই কয়, "আমি ছবিখন দেখিছো। হয়তো তেওঁৰ ছোৱালীজনীক চিনি পায়। কিন্তু ৰাজহুৱা স্থানত  চুম্বন কৰাটো  অত্যন্ত নিন্দনীয়।এনে ছবি সাধাৰণতে উত্তৰ প্ৰদেশ,  বিহাৰত দেখা যায়। কিন্তু বংগত এনে ধৰণৰ ঘটনা সঁচাকৈয়ে নিন্দনীয়।’’  জানিব পৰা মতে  খগেনে চুম্বন কৰা ছোৱালীজনী এগৰাকী নাৰ্চিং ছাত্ৰী।  বিতৰ্কৰ পিছতে ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ নিৰ্বাচন আয়োগৰ ওচৰত ঘটনাৰ বিষয়ে লিখিত অভিযোগ দাখিল কৰিব।উল্লেখ্য এই খবৰটো ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ লগতে সংবাদ প্ৰতিদিন, জি নিউজ, হিন্দুস্তান টাইমছ আদিতো প্ৰকাশ পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ