--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ বাবে ইনষ্টাগ্ৰামত আৱেগিক বাৰ্তা প্ৰেৰণ কৰিলে বিৰাট কোহলীয়ে৷ ৰোণাল্ডোক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপেও আখ্যা দিয়ে টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে৷

‘‘ফুটবল আৰু ফুটবলপ্ৰেমীসকলৰ বাবে তুমি যি কৰিছা, সেয়া কোনো ট্ৰফী বা কোনো পুৰস্কাৰৰ জৰিয়তে বিচাৰ কৰিব নোৱাৰি৷ মানুহৰ ওপৰত তোমাৰ প্ৰভাৱ, তোমাৰ খেলা চাই থাকোতে আমাৰ মনত কি ভাৱ হয়, তাৰ বিচাৰ কোনো ট্ৰফীয়ে দিব নোৱাৰে৷ এয়া ঈশ্বৰৰ আৰ্শীবাদ৷’’- কোহলীয়ে লিখে৷

উল্লেখ্য যে ফুটবল কেৰিয়াৰৰ শেষৰখন বিশ্বকাপ হিচাপে কাটাৰ বিশ্বকাপ সুখৰ নহ’ল ক্ৰিষ্টিয়ানো ৰোণাল্ডো৷ কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বাহিৰ হ’ব লগা হ’ল ৰোণাল্ডোৰ দল পৰ্তুগাল৷ ৰোণাল্ডোৱে নিজেও উন্নত মানৰ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে৷ পূৰণ নহ’ল ৰোণাল্ডোৰ বিশ্বকাপ জয়ৰ সপোন৷

ইনষ্টাগ্ৰামত ৰোণাল্ডোৰ এখন ছৱি শ্বেয়াৰ কৰি কোহলীয়ে লিখে- ‘‘প্ৰত্যেকবাৰ খেলপথাৰত নিজকে উজাৰি দিছা তুমি৷ কঠিন পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মূৰ্ত প্ৰতীক তুমি৷ যিকোনো ক্ৰীড়াবিদৰ আদৰ্শ তুমি৷ তুমি আমাৰ বাবে বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ৷’’

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰোণাল্ডোৰ প্ৰতি তীব্ৰ অনুৰাগ প্ৰকাশ কৰি আহিছে কোহলীয়ে৷ ৰোণাল্ডোৰ ফিটনেছ সজাগতাই কোহলীক অনুপ্ৰেৰণা যোগাই আহিছে৷ ৰোণাল্ডোৰ স’তে সাক্ষাতো হৈছে কোহলীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু