--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ বাবে ইনষ্টাগ্ৰামত আৱেগিক বাৰ্তা প্ৰেৰণ কৰিলে বিৰাট কোহলীয়ে৷ ৰোণাল্ডোক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপেও আখ্যা দিয়ে টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে৷

‘‘ফুটবল আৰু ফুটবলপ্ৰেমীসকলৰ বাবে তুমি যি কৰিছা, সেয়া কোনো ট্ৰফী বা কোনো পুৰস্কাৰৰ জৰিয়তে বিচাৰ কৰিব নোৱাৰি৷ মানুহৰ ওপৰত তোমাৰ প্ৰভাৱ, তোমাৰ খেলা চাই থাকোতে আমাৰ মনত কি ভাৱ হয়, তাৰ বিচাৰ কোনো ট্ৰফীয়ে দিব নোৱাৰে৷ এয়া ঈশ্বৰৰ আৰ্শীবাদ৷’’- কোহলীয়ে লিখে৷

উল্লেখ্য যে ফুটবল কেৰিয়াৰৰ শেষৰখন বিশ্বকাপ হিচাপে কাটাৰ বিশ্বকাপ সুখৰ নহ’ল ক্ৰিষ্টিয়ানো ৰোণাল্ডো৷ কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বাহিৰ হ’ব লগা হ’ল ৰোণাল্ডোৰ দল পৰ্তুগাল৷ ৰোণাল্ডোৱে নিজেও উন্নত মানৰ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে৷ পূৰণ নহ’ল ৰোণাল্ডোৰ বিশ্বকাপ জয়ৰ সপোন৷

ইনষ্টাগ্ৰামত ৰোণাল্ডোৰ এখন ছৱি শ্বেয়াৰ কৰি কোহলীয়ে লিখে- ‘‘প্ৰত্যেকবাৰ খেলপথাৰত নিজকে উজাৰি দিছা তুমি৷ কঠিন পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মূৰ্ত প্ৰতীক তুমি৷ যিকোনো ক্ৰীড়াবিদৰ আদৰ্শ তুমি৷ তুমি আমাৰ বাবে বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ৷’’

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰোণাল্ডোৰ প্ৰতি তীব্ৰ অনুৰাগ প্ৰকাশ কৰি আহিছে কোহলীয়ে৷ ৰোণাল্ডোৰ ফিটনেছ সজাগতাই কোহলীক অনুপ্ৰেৰণা যোগাই আহিছে৷ ৰোণাল্ডোৰ স’তে সাক্ষাতো হৈছে কোহলীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক