--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি পোৱা 'ভাইয়া জী'। তাৰমাজতে হলিউডৰ শীৰ্ষ পৰিচালক ক্রিষ্টোফাৰ নোলানক লৈ মনোজ বাজপেয়ীয়ে কৰা মন্তব্য ৰাজহুৱা হৈছে। সাধাৰণতে হলিউডৰ ছবিৰ কথা ক’বলৈ গ’লে অভিনেতাসকলৰ উত্তেজনা দেখা যায়। হলিউডৰ ছবিখনৰ প্ৰসংগ, পৰিচালকৰ বিষয়ে কিমান আলোচনা, যুক্তি! তাত মনোজৰ বক্তব্য অলপ বেলেগ। অভিনেতাজনে কয়, তেওঁ ক্রিষ্টোফাৰ নোলানৰ ছবি বুজি নাপায়৷

শেহতীয়াকৈ এক সাক্ষাৎকাৰত মনোজক সোধা হৈছিল যে নোলানৰ কোনখন ছবি তেওঁৰ প্ৰিয়? "নোলানৰ ছবিবোৰ মই বুজি নাপাওঁ"-তেওঁ মুখ ফুটাই ক'লে- ‘‘বৰ কঠিন যেন লাগে। মই পঢ়িবলৈ আৰু শিকিবলৈ চেষ্টা কৰিছো। যদি ধাৰণা থাকিলহেঁতেন তেন্তে মই ‘অপেনহাইমাৰ’ ছবিখন ভালকৈ বুজিলোঁহেঁতেন।"

ক্রিষ্টোফাৰৰ ‘ডানকার্ক’ ছবিৰ কথা উল্লেখ কৰি তেওঁ কয়- ‘‘যুদ্ধৰ কথা শুনিলেই মোৰ বৰ উৎকণ্ঠা হয়৷ ইমান মৃত্যু আৰু হুমুনিয়াহ মোৰ ভাল নালাগে।" যদিও মনোজে ‘এল অ’ চি: কাৰ্গিল’ ছবিখনত অভিনয় কৰিছিল। অভিনেতাগৰাকীয়ে কয় যে সেই ছবিখনৰ শ্বুটিংৰ সময়ত উদ্বিগ্নতা আছিল।

এবাৰ তেওঁ এজন সৈনিকক সুধিছিল যে সীমান্তৰ সিপাৰৰ সৈনিকৰ লগত কথা পাতিছিল নেকি? উত্তৰত জোৱানজনে ক'লে, "যুদ্ধবিৰতিৰ সময়ত কথা-বতৰা চলি আছে।" অভিনেতাজনৰ কাউণ্টাৰ প্ৰশ্ন আছিল, "যুদ্ধবিৰতি কেতিয়া শেষ হ'ব?" ভাৰতীয় সেনাৰ স্পষ্ট উত্তৰ আছিল, "আমি যদি তেওঁলোকক হত্যা নকৰো তেন্তে তেওঁলোকে আমাক মাৰি পেলাব।" বিশ্বযুদ্ধৰ সম্ভাৱনাক লৈ তেওঁ অতিশয় চিন্তিত। অভিনেতাগৰাকীয়ে কয়, ‘‘চৌদিশে বিশ্বযুদ্ধৰ পৰিবেশ। যেন আমি দুৱাৰৰ দাঁতিত থিয় হৈ আছো। মই সদায় প্ৰাৰ্থনা কৰোঁ যাতে যুদ্ধ নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু