--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি পোৱা 'ভাইয়া জী'। তাৰমাজতে হলিউডৰ শীৰ্ষ পৰিচালক ক্রিষ্টোফাৰ নোলানক লৈ মনোজ বাজপেয়ীয়ে কৰা মন্তব্য ৰাজহুৱা হৈছে। সাধাৰণতে হলিউডৰ ছবিৰ কথা ক’বলৈ গ’লে অভিনেতাসকলৰ উত্তেজনা দেখা যায়। হলিউডৰ ছবিখনৰ প্ৰসংগ, পৰিচালকৰ বিষয়ে কিমান আলোচনা, যুক্তি! তাত মনোজৰ বক্তব্য অলপ বেলেগ। অভিনেতাজনে কয়, তেওঁ ক্রিষ্টোফাৰ নোলানৰ ছবি বুজি নাপায়৷

শেহতীয়াকৈ এক সাক্ষাৎকাৰত মনোজক সোধা হৈছিল যে নোলানৰ কোনখন ছবি তেওঁৰ প্ৰিয়? "নোলানৰ ছবিবোৰ মই বুজি নাপাওঁ"-তেওঁ মুখ ফুটাই ক'লে- ‘‘বৰ কঠিন যেন লাগে। মই পঢ়িবলৈ আৰু শিকিবলৈ চেষ্টা কৰিছো। যদি ধাৰণা থাকিলহেঁতেন তেন্তে মই ‘অপেনহাইমাৰ’ ছবিখন ভালকৈ বুজিলোঁহেঁতেন।"

ক্রিষ্টোফাৰৰ ‘ডানকার্ক’ ছবিৰ কথা উল্লেখ কৰি তেওঁ কয়- ‘‘যুদ্ধৰ কথা শুনিলেই মোৰ বৰ উৎকণ্ঠা হয়৷ ইমান মৃত্যু আৰু হুমুনিয়াহ মোৰ ভাল নালাগে।" যদিও মনোজে ‘এল অ’ চি: কাৰ্গিল’ ছবিখনত অভিনয় কৰিছিল। অভিনেতাগৰাকীয়ে কয় যে সেই ছবিখনৰ শ্বুটিংৰ সময়ত উদ্বিগ্নতা আছিল।

এবাৰ তেওঁ এজন সৈনিকক সুধিছিল যে সীমান্তৰ সিপাৰৰ সৈনিকৰ লগত কথা পাতিছিল নেকি? উত্তৰত জোৱানজনে ক'লে, "যুদ্ধবিৰতিৰ সময়ত কথা-বতৰা চলি আছে।" অভিনেতাজনৰ কাউণ্টাৰ প্ৰশ্ন আছিল, "যুদ্ধবিৰতি কেতিয়া শেষ হ'ব?" ভাৰতীয় সেনাৰ স্পষ্ট উত্তৰ আছিল, "আমি যদি তেওঁলোকক হত্যা নকৰো তেন্তে তেওঁলোকে আমাক মাৰি পেলাব।" বিশ্বযুদ্ধৰ সম্ভাৱনাক লৈ তেওঁ অতিশয় চিন্তিত। অভিনেতাগৰাকীয়ে কয়, ‘‘চৌদিশে বিশ্বযুদ্ধৰ পৰিবেশ। যেন আমি দুৱাৰৰ দাঁতিত থিয় হৈ আছো। মই সদায় প্ৰাৰ্থনা কৰোঁ যাতে যুদ্ধ নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ