--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কান চলচ্চিত্ৰ মহোৎসৱত মঞ্চত উজলি উঠিল ভাৰতীয় অভিনেত্ৰী  অনসূয়া সেনগুপ্তা। কান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে অনসূয়া সেনগুপ্তাই। ‘দ্য শ্বেমলেছ’ ছবিত  কৰা বলিষ্ঠ  অভিনয়ৰ বাবে অনসূয়াই  এই সন্মান লাভ কৰে। কান চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় অনসূয়াই  দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

বংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল অনসূয়া। তেওঁ ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল। অনসূয়াই বৰ্তমান গোৱাত থাকে। ভাৰতীয় এইগৰাকী অভিনেত্ৰীয়ে কানৰ ‘আন চাৰ্টেইন ৰিগাৰ্ড’ শিতানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।  অঞ্জন দত্তৰ "মেডলি বেংগলী" ছবিখনত অভিনয় কৰিছিল অনসূয়াই।   শ্ৰীজিৎ মুখাৰ্জীৰ 'ৰে' ছিৰিজতো কাম কৰিছিল তেওঁ। বুলগেৰিয়াৰ পৰিচালক কনষ্টেন্টিন বোঁজ্যনভৰ ‘দ্য শ্বেমলেছ’ ছবিত অভিনয় কৰিছিল অনসূয়াই। ছবি খনত   মিতা বশিষ্ঠৰ দৰে বিখ্যাত অভিনেত্ৰীও অভিনয় কৰিছে। 

 দ্য শ্বেমলেছ ছবি খন এগৰাকী যৌনকৰ্মীৰ জীৱনকলৈ   নিৰ্মাণ কৰা হৈছে। সেই যৌনকৰ্মীগৰাকীয়ে  দিল্লীৰ বেশ্যালয়ত এজন আৰক্ষীৰ লোকক হত্যা কৰি পলায়ন কৰে। নেটফ্লিক্সৰ ২০২১ চনৰ সত্যজিৎ  ৰায় সংকলন ‘ফ’ৰগেটমি নট’ আৰু ‘মাছাবা মাছাবা’ৰ প্ৰডাকচন ডিজাইনাৰ হিচাপেও কাম কৰিছিল অনসূয়াই । বৰিছ লজকিনৰ "দ্য ষ্ট’ৰী ছুলেমান" ছবি খনে  মহোৎসৱত অনসূয়াৰ সৈতে জুৰীৰ বঁটা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু