--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কান চলচ্চিত্ৰ মহোৎসৱত মঞ্চত উজলি উঠিল ভাৰতীয় অভিনেত্ৰী  অনসূয়া সেনগুপ্তা। কান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে অনসূয়া সেনগুপ্তাই। ‘দ্য শ্বেমলেছ’ ছবিত  কৰা বলিষ্ঠ  অভিনয়ৰ বাবে অনসূয়াই  এই সন্মান লাভ কৰে। কান চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় অনসূয়াই  দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

বংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল অনসূয়া। তেওঁ ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল। অনসূয়াই বৰ্তমান গোৱাত থাকে। ভাৰতীয় এইগৰাকী অভিনেত্ৰীয়ে কানৰ ‘আন চাৰ্টেইন ৰিগাৰ্ড’ শিতানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।  অঞ্জন দত্তৰ "মেডলি বেংগলী" ছবিখনত অভিনয় কৰিছিল অনসূয়াই।   শ্ৰীজিৎ মুখাৰ্জীৰ 'ৰে' ছিৰিজতো কাম কৰিছিল তেওঁ। বুলগেৰিয়াৰ পৰিচালক কনষ্টেন্টিন বোঁজ্যনভৰ ‘দ্য শ্বেমলেছ’ ছবিত অভিনয় কৰিছিল অনসূয়াই। ছবি খনত   মিতা বশিষ্ঠৰ দৰে বিখ্যাত অভিনেত্ৰীও অভিনয় কৰিছে। 

 দ্য শ্বেমলেছ ছবি খন এগৰাকী যৌনকৰ্মীৰ জীৱনকলৈ   নিৰ্মাণ কৰা হৈছে। সেই যৌনকৰ্মীগৰাকীয়ে  দিল্লীৰ বেশ্যালয়ত এজন আৰক্ষীৰ লোকক হত্যা কৰি পলায়ন কৰে। নেটফ্লিক্সৰ ২০২১ চনৰ সত্যজিৎ  ৰায় সংকলন ‘ফ’ৰগেটমি নট’ আৰু ‘মাছাবা মাছাবা’ৰ প্ৰডাকচন ডিজাইনাৰ হিচাপেও কাম কৰিছিল অনসূয়াই । বৰিছ লজকিনৰ "দ্য ষ্ট’ৰী ছুলেমান" ছবি খনে  মহোৎসৱত অনসূয়াৰ সৈতে জুৰীৰ বঁটা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ