--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিগত কিছুদিন ধৰি পেটৰ বিষত আক্ৰান্ত আছিল এগৰাকী ১৫ বছৰীয়া কিশোৰ। পেটৰ অত্যন্ত বিষত কোনো দৰবেই কাম কৰা নাছিল নাবালকজনৰ। কিছুদিন পাছত মূৰ ঘূৰোৱাৰ পৰা আৰম্ভ কৰি পেটৰ বিষে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰে। শেষত পিতৃ-মাতৃয়ে তেওঁক স্থানীয় স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়। তাতে চিকিৎসকৰ এটা দলে কিশোৰজনৰ সকলো স্বাস্থ্য পৰীক্ষাৰ লগতে এক্সৰ জৰিয়তে নাবালকজনৰ পেটৰ ভিতৰত মোবাইল ফোন চাৰ্জ কৰাৰ বাবে ব্যৱহৃত এডাল ইউএছবি তাঁৰ থকা বুলি জানিব পাৰে।

 সমগ্ৰ ঘটনা ধৰা পৰা স্বাস্থ্যকেন্দ্ৰটোত কিশোৰজনৰ চিকিৎসা কৰিব পৰা নগ’ল। উন্নত চিকিৎসাৰ বাবে তেওঁক ফিৰাট বিশ্ববিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়। দেখা যায় যে তাঁৰৰ মূৰটো ক্ষুদ্ৰান্ত্ৰত প্ৰৱেশ কৰিছে। অস্ত্ৰোপচাৰ বিশেষজ্ঞ ইয়াছিৰ ডোগানে এণ্ড’স্কপিৰ জৰিয়তে পেটৰ পৰা তাঁৰ আঁতৰোৱাৰ সিদ্ধান্ত লয়।

 পৰিকল্পনা অনুসৰি পেটৰ পৰা তাঁৰডাল লাহে লাহে আঁতৰাই দিয়া হয়। দেখা যায় যে ইয়াৰ দৈৰ্ঘ্য ৩ ফুটতকৈও অধিক। কেৱল চাৰ্জিং কৰাই নহয়, নাবালকজনৰ পেটত চুলি বন্ধা এডাল ৰবৰো উদ্ধাৰ হয়। দুয়োটা সামগ্ৰীয়ে কিশোৰজনৰ পেটৰ ভিতৰৰ পৰা একেলগে বাহিৰ কৰে চিকিৎসকে। অৱশ্যে সেই তাঁৰডাল কিশোৰজনৰ পেটত কেনেকৈ সোমাল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’