--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিগত কিছুদিন ধৰি পেটৰ বিষত আক্ৰান্ত আছিল এগৰাকী ১৫ বছৰীয়া কিশোৰ। পেটৰ অত্যন্ত বিষত কোনো দৰবেই কাম কৰা নাছিল নাবালকজনৰ। কিছুদিন পাছত মূৰ ঘূৰোৱাৰ পৰা আৰম্ভ কৰি পেটৰ বিষে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰে। শেষত পিতৃ-মাতৃয়ে তেওঁক স্থানীয় স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়। তাতে চিকিৎসকৰ এটা দলে কিশোৰজনৰ সকলো স্বাস্থ্য পৰীক্ষাৰ লগতে এক্সৰ জৰিয়তে নাবালকজনৰ পেটৰ ভিতৰত মোবাইল ফোন চাৰ্জ কৰাৰ বাবে ব্যৱহৃত এডাল ইউএছবি তাঁৰ থকা বুলি জানিব পাৰে।

 সমগ্ৰ ঘটনা ধৰা পৰা স্বাস্থ্যকেন্দ্ৰটোত কিশোৰজনৰ চিকিৎসা কৰিব পৰা নগ’ল। উন্নত চিকিৎসাৰ বাবে তেওঁক ফিৰাট বিশ্ববিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়। দেখা যায় যে তাঁৰৰ মূৰটো ক্ষুদ্ৰান্ত্ৰত প্ৰৱেশ কৰিছে। অস্ত্ৰোপচাৰ বিশেষজ্ঞ ইয়াছিৰ ডোগানে এণ্ড’স্কপিৰ জৰিয়তে পেটৰ পৰা তাঁৰ আঁতৰোৱাৰ সিদ্ধান্ত লয়।

 পৰিকল্পনা অনুসৰি পেটৰ পৰা তাঁৰডাল লাহে লাহে আঁতৰাই দিয়া হয়। দেখা যায় যে ইয়াৰ দৈৰ্ঘ্য ৩ ফুটতকৈও অধিক। কেৱল চাৰ্জিং কৰাই নহয়, নাবালকজনৰ পেটত চুলি বন্ধা এডাল ৰবৰো উদ্ধাৰ হয়। দুয়োটা সামগ্ৰীয়ে কিশোৰজনৰ পেটৰ ভিতৰৰ পৰা একেলগে বাহিৰ কৰে চিকিৎসকে। অৱশ্যে সেই তাঁৰডাল কিশোৰজনৰ পেটত কেনেকৈ সোমাল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত