--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২১ টা বছৰৰ অপেক্ষাৰ অন্ত পৰিল। ২১ বছৰৰ মূৰত সৌন্দৰ্যৰ  মঞ্চত পুনৰ উজলিল ভাৰতীয় নাৰী। ভাৰতক প্ৰতিনিধিত্ব কৰা সৰগম কৌশলে আজি লাছ ভেগাছত  অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত মিছেছ বৰ্ল্ডৰ   মুকুট শিৰত পৰিধান কৰে। । শ্ৰীমতী কৌশলে ৬৩ খন দেশৰ প্ৰতিযোগীসকলক চেৰ পেলাই এই সন্মান আজুৰি আনিবলৈ সক্ষম হয়। 

উল্লেখ্য  ২১ বছৰৰ পিছত ভাৰতলৈ এই সন্মান পুনৰ উভতি আহিছে। ইনষ্টাগ্ৰামত এই সুখবৰ শ্বেয়াৰ কৰি মিছেছ বৰ্ল্ড প্ৰতিযোগিতা পৰিচালনা সংস্থাটোৱে ,কয় "দীঘলীয়া অপেক্ষাৰ শেষ হৈছে, ২১ বছৰৰ পিছত ভাৰতে ক্ৰাউন পুনৰ ঘূৰাই পাইছে!"

জম্মু-কাশ্মীৰৰ বাসিন্দা সৰগম কৌশলেও এটা ভিডিঅ' শ্বেয়াৰ কৰি  খিতাপ জয়ৰ বতৰা বিশ্ববাসীক জনাইছে।  সৰগমে কয় "আমি ২১-২২ বছৰৰ পিছত মুকুটটো ঘূৰাই পাইছো। মই বহুত উত্তেজিত। লাভ ইউ ইণ্ডিয়া, লাভ ইউ ৱৰ্ল্ড," । সৰগম কৌশলে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ আগতে ভিঝাগত এগৰাকী শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল আৰু তেওঁৰ স্বামী ভাৰতীয় নৌবাহিনীত কৰ্মৰত । 

মিছেছ বৰ্ল্ড  বিবাহিত মহিলাসকলৰ বাবে প্ৰথম সৌন্দৰ্য প্ৰতিযোগিতা। প্ৰতিযোগিতাখন ১৯৮৪ চনতআৰম্ভ হৈছিল আৰু মিছেছ  আমেৰিকা প্ৰতিযোগিতাৰ পৰা এই প্ৰতিযোগিতাৰ আৰ্হি গ্ৰহণ কৰা হৈছিল। ১৯৮৮ চনত এই প্ৰতিযোগিতা মিছেছ বৰ্ল্ড প্ৰতিযোগিতা হিচাপে জনাজাত হৈ পৰিছিল। বিগত বছৰবোৰত, মিছেছ বৰ্ল্ড প্ৰতিযোগিতাত  ৮০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। ভাৰতে ইয়াৰ পূৰ্বে কেৱল এবাৰহে মিছেছ বৰ্ল্ড খিতাপ জিকিছে।  ২০০১ চনত ডঃ অদিতি গোবিত্ৰিকাৰে এই  মুকুট লাভ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত