--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২১ টা বছৰৰ অপেক্ষাৰ অন্ত পৰিল। ২১ বছৰৰ মূৰত সৌন্দৰ্যৰ  মঞ্চত পুনৰ উজলিল ভাৰতীয় নাৰী। ভাৰতক প্ৰতিনিধিত্ব কৰা সৰগম কৌশলে আজি লাছ ভেগাছত  অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত মিছেছ বৰ্ল্ডৰ   মুকুট শিৰত পৰিধান কৰে। । শ্ৰীমতী কৌশলে ৬৩ খন দেশৰ প্ৰতিযোগীসকলক চেৰ পেলাই এই সন্মান আজুৰি আনিবলৈ সক্ষম হয়। 

উল্লেখ্য  ২১ বছৰৰ পিছত ভাৰতলৈ এই সন্মান পুনৰ উভতি আহিছে। ইনষ্টাগ্ৰামত এই সুখবৰ শ্বেয়াৰ কৰি মিছেছ বৰ্ল্ড প্ৰতিযোগিতা পৰিচালনা সংস্থাটোৱে ,কয় "দীঘলীয়া অপেক্ষাৰ শেষ হৈছে, ২১ বছৰৰ পিছত ভাৰতে ক্ৰাউন পুনৰ ঘূৰাই পাইছে!"

জম্মু-কাশ্মীৰৰ বাসিন্দা সৰগম কৌশলেও এটা ভিডিঅ' শ্বেয়াৰ কৰি  খিতাপ জয়ৰ বতৰা বিশ্ববাসীক জনাইছে।  সৰগমে কয় "আমি ২১-২২ বছৰৰ পিছত মুকুটটো ঘূৰাই পাইছো। মই বহুত উত্তেজিত। লাভ ইউ ইণ্ডিয়া, লাভ ইউ ৱৰ্ল্ড," । সৰগম কৌশলে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ আগতে ভিঝাগত এগৰাকী শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল আৰু তেওঁৰ স্বামী ভাৰতীয় নৌবাহিনীত কৰ্মৰত । 

মিছেছ বৰ্ল্ড  বিবাহিত মহিলাসকলৰ বাবে প্ৰথম সৌন্দৰ্য প্ৰতিযোগিতা। প্ৰতিযোগিতাখন ১৯৮৪ চনতআৰম্ভ হৈছিল আৰু মিছেছ  আমেৰিকা প্ৰতিযোগিতাৰ পৰা এই প্ৰতিযোগিতাৰ আৰ্হি গ্ৰহণ কৰা হৈছিল। ১৯৮৮ চনত এই প্ৰতিযোগিতা মিছেছ বৰ্ল্ড প্ৰতিযোগিতা হিচাপে জনাজাত হৈ পৰিছিল। বিগত বছৰবোৰত, মিছেছ বৰ্ল্ড প্ৰতিযোগিতাত  ৮০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। ভাৰতে ইয়াৰ পূৰ্বে কেৱল এবাৰহে মিছেছ বৰ্ল্ড খিতাপ জিকিছে।  ২০০১ চনত ডঃ অদিতি গোবিত্ৰিকাৰে এই  মুকুট লাভ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’