--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাৰে বাৰে কিয় আক্ৰমণৰ লক্ষ্য হয় মহাত্মা গান্ধী? গান্ধীৰ সত্য আৰু অহিংসাপৰ নীতিয়ে কাৰ স্বাৰ্থ পূৰণৰ বাটত হেঙাৰ বান্ধি আহিছে। গান্ধীৰ সমতা আৰু উদাৰতাৰ আদৰ্শই কাক ব্যতিব্যস্ত কৰিছে? যাৰ বাবে মহাত্মা গান্ধীক বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। গান্ধী হত্যাকাৰীৰ বন্দনাৰে বাৰে বাৰে আজিও হত্যা কৰি থাকিব খোজা হৈছে মহাত্মা গান্ধীক। যি সময়ত সমগ্ৰই বিশ্বই গান্ধীৰ নীতি আৰু আদৰ্শক অনুসৰণৰ কচৰৎ কৰি গৈছে সেই সময়তে গান্ধী হত্যাকাৰীৰ বন্দনাৰে দেশত পুনৰ গান্ধীক হত্যা কৰি থকা হৈছে বাৰম্বাৰ। দেশত নাথুৰামৰ জয়ন্তী পালন হোৱাৰ দৰে ঘটনা ঘটাৰ সময়তে গান্ধী হত্যাকাৰীক বন্দনা কৰাৰ ঘটনা বাৰম্বাৰ সংঘটিত হৈছে। এইবাৰ গান্ধী হত্যাকাৰীক প্ৰশংসা কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এগৰাকী ধৰ্মগুৰু।

কালিচৰণ মহাৰাজ নামৰ এইজন হিন্দু ধৰ্মগুৰুক গ্ৰেপ্তাৰ কৰি দেশদ্ৰোহৰ গোচৰ জাপি দিয়া হৈছে। মধ্যপ্ৰদেশৰ খাজুৰাহোৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছে চত্তিছগড় আৰক্ষীয়ে। চত্তিছগড়ৰ অনুষ্ঠিত এখন ধৰ্ম সদনত কালিচৰণ মহাৰাজে দিয়া ভাষণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু সাম্প্ৰদায়িক বিভেদ সৃ্ষ্টি কৰা বুলি অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে প্ৰাক্তন মেয়ৰ প্ৰমোদ ডুৱেই। ৰায়পুৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়া প্ৰশান্ত আগৰৱালে প্ৰকাশ কৰে যে, গোচৰ ৰুজু গোৱাৰ পাছতে তেওঁ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। তেওঁ এটা গেষ্ট হাউছ বুক কৰে যদিও আৰক্ষীক বিভ্ৰান্ত কৰাৰ বাবে খাজুৰাহোৰ পৰা ২৫কিলোমিটাৰ আঁতৰৰ এটা ভাৰা ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল। তেওঁৰ সহযোগীসকলেও ফোন বন্ধ কৰি ৰাখিছিল যাতে আৰক্ষীয়ে তেওঁলোকৰ সন্ধান কৰিব নোৱাৰে। অশেষ বিচাৰ খোঁচাৰৰ পাছত চত্তিছগড় আৰক্ষীৰ এটা ১০জনীয়া দলে তেওঁৰ সন্ধান লাভ কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰি ৰায়পুৰলৈ লৈ আহে। তেওঁক সন্ধিয়াৰ ভাগলৈ আদালতত হাজিৰ কৰোঁৱাৰ কথা আছিল।

ইফালে, কালিচৰণক গ্ৰেপ্তাৰৰ পাছতে দুই ৰাজ্যৰ চৰকাৰ একপ্ৰকাৰ সমুখ-সমৰত অৱতীৰ্ণ হোৱা দেখা গৈছে। বিজেপি শাসিত মধ্যপ্ৰদেশ আৰু কংগ্ৰেছশাসিত চত্তিছগড়ৰ মাজত এই বিষয়টো লৈ সংঘাতৰ সূত্ৰপাত ঘটিছে। মধ্যপ্ৰদেৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই অভিযোগ কৰিছে যে, চত্তিছগড় আৰক্ষীয় আন্তঃৰাজ্যিক নীতি উলংঘা কৰি কালিচৰণক গ্ৰেপ্তাৰ কৰিছে। স্থানীয় আৰক্ষীক অৱগত নকৰাকৈয়ে ধৰ্মগুৰুজনক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰা হৈছে। ইফালে, চত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ মিশ্ৰক আক্ৰমণ কৰি কয়, ‘নৰোত্তম মিশ্ৰই এইকথা কোৱা উচিত যে, তেওঁ মহাত্মা গান্ধীক অপমান কৰা লোক এজনক গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ সুখী নে দুখী। চত্তিছগড় আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত কোনো নীতি উলংঘা কৰা নাই।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ ক্লিপত কালিচৰণ মহাৰাজে কোৱা দেখা গৈছিল যে, তেওঁ ৰাজনীতিৰ জৰিয়তে ইছলামধৰ্মীসকলে দেশখন দখল কৰিব বিচাৰিছিল। মহাত্মা গান্ধীয়ে দেশখন ধ্বংস কৰা বুলি অভিযোগ কৰি তেওঁ গান্ধী হত্যাকাৰী নাথুৰাম গডছেক চ্যেলুট জনায়। সৰ্বসাধাৰণক এজন প্ৰকৃত হিন্দু নেতা নিৰ্বাচন কৰি সংকটাপন্ন হিন্দু ধৰ্ম ৰক্ষা কৰিবলৈকো তেওঁ আহ্বান জনাইছিল। তেওঁৰ এই প্ৰৰোচনামূলক ভাষণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু তাৰ পাছতে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হয় দেশদ্ৰোহৰ গোচৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ