--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে শেষবাৰৰ বাবে আই চি চিৰ ট্ৰফী লাভ কৰাৰ ১০ বছৰ হ’ল। ইয়াৰ মাজৰ বছৰবোৰত ইখনৰ পিছত সিখন প্ৰতিযোগিতাত ব্যৰ্থ হৈছে ভাৰত। এমাহ পূৰ্বে বিশ্ব টেষ্টৰ ফাইনেলত পৰাস্ত হৈছিল। কিয় বাৰে বাৰে আই চি চিৰ প্ৰতিযোগিতাত ব্যৰ্থ হৈছে ভাৰত? ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ পূৰ্বে উত্তৰ দিছিল ৰোহিত শৰ্মাই।

এই সন্দৰ্ভত ৰোহিতক সোধাত তেওঁ কয়- ''প্ৰথমতে এনে মেচত প্ৰৱেশ কৰাৰ আগতে সকলো খেলুৱৈ ১০০ শতাংশ ফিট হ’ব লাগে। মই নিবিচাৰো কাৰো আঘাতৰ সমস্যা হওক।"

ৰোহিতৰ কথাৰ পৰা স্পষ্ট যে যশপ্ৰীত বুমৰাহ আৰু শ্ৰেয়াছ আয়াৰৰ দৰে ক্ৰিকেটাৰ দলত নথকাৰ বাবে হাৰিবলগীয়া হৈছিল। 
অৱশ্যে অনাগত দিনত তেওঁলোকে আই চি চিৰ ট্ৰফী লাভ কৰিব বুলি আশা কৰিছে ৰোহিতে।

তেওঁ কয়, “মই বহুদিন ট্ৰফী জিকিব পৰা নাছিলো। কিন্তু মোৰ মতে কামসমূহ সঠিকভাৱে কৰিলে সফলতা এদিন আহিব। যোৱা কেইবছৰমানৰ পৰা মই বহুত ভাল খেলিছো। কেতিয়াবা ভাগ্য আপোনাৰ পক্ষতো থাকে। যোৱা পাঁচ-ছয় বছৰলৈ চালে দেখিব যে আমি ধাৰাবাহিক ক্ৰিকেট খেলিছো। সকলো দেশলৈ গৈ জয়ী হ’লোঁ৷ কিন্তু ফাইনেলত জয়ী হোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। যেতিয়ালৈকে আমি জয়ী নহ’ম, যুঁজখন চলি থাকিব।’’

ৰোহিতে স্পষ্ট কৰি দিছে যে এই যুঁজখন ৱেষ্ট ইণ্ডিজৰ ছিৰিজৰ পৰা আৰম্ভ হৈছে। কয়- ''যিকোনো ছিৰিজত ভাল খেলাটো গুৰুত্বপূৰ্ণ। প্ৰতিখন মেচ আমাৰ বাবে গুৰুত্বপূৰ্ণ। দুবাৰকৈ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো মই জয়ী হ’ব পৰা নাছিলো। আমাৰ ওচৰলৈ আহিছে এটা নতুন সুযোগ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ