--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১১ চনত ভাৰতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰি ডমিনিকাত টেষ্ট খেলিছিল। সেই দলৰ মাত্ৰ দুজন সদস্যহে এইবাৰ ভাৰতীয় দলত আছে। কিন্তু বেলেগ বেলেগ ভূমিকাত। ২০১১ চনত তেওঁলোক দলৰ সতীৰ্থ আছিল। এইবাৰ এজন দলীয় প্ৰশিক্ষক। আনজন দলৰ আটাইতকৈ অভিজ্ঞ বেটছমেন। ৰাহুল দ্ৰাবিড় আৰু বিৰাট কোহলী।

এটা যুগ অৰ্থাৎ ১২ বছৰৰ পাছত ডমিনিকাত খেলিবলৈ অহাৰ আগতে পুৰণি কথাৰ সোঁৱৰণি কৰিলে দুয়োৱে। বুধবাৰে প্ৰথমখন টেষ্ট খেলাৰ পূৰ্বে প্ৰশিক্ষক দ্ৰাবিড়ে কয় যে এইবাৰৰ পৰিস্থিতি পূৰ্বৰ তুলনাত পৃথক। বিৰাট দলৰ একমাত্ৰ সদস্য যিয়ে এই মেচতো খেলি আছে। তেওঁৰ বাবেও ই এক বিশেষ অনুভৱ।

আনহাতে ২০১১ চনত ৱেষ্ট ইণ্ডিজত প্ৰথমখন টেষ্ট শৃংখলা খেলিছিল বিৰাটে। ইয়াৰ মাজৰ ১২ বছৰত বহুখিনি সলনি হৈছে। বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন হৈ পৰিল তেওঁ। ভাৰতীয় দলৰ অধিনায়ক হ’লো। কিন্তু প্ৰথম টেষ্ট শৃংখলাৰ স্মৃতি বিৰাটৰ মনত এতিয়াও সতেজ হৈ আছে। তেওঁ ক'লে, "মই যেতিয়াই ইয়ালৈ আহি ড্ৰেছিং ৰুম আৰু ফিল্ডত ভৰি দিছিলো, তেতিয়াই মোৰ মনত পৰে ১২ বছৰ আগৰ কথা। এই দেশৰ পৰাই আৰম্ভ হৈছিল সকলো। ১২ বছৰত ১০০ খনতকৈও অধিক টেষ্ট খেলিছো। ইমান দিন খেলিম বুলি সপোনতো ভবা নাছিলো। গতিকে ১২ বছৰৰ পিছত ঘূৰি আহি বৰ ভাল লাগিল।"


সেই শৃংখলাখনত দ্ৰাবিড়ে ১২ বছৰ পূৰ্বে বিৰাটৰ প্ৰতিভা দেখিছিল। তেওঁ বুজি পাইছিল যে দিল্লীৰ এই ক্ৰিকেটাৰজন ভাৰতীয় ক্ৰিকেটত দপদপাবলৈ আহিছে। দ্ৰাবিড়ে ক'লে, "সেই দিনত বিৰাটে এদিনীয়া ক্ৰিকেটত নিজৰ নাম উজলাইছিল। কিন্তু টেষ্টত তেওঁৰ প্ৰদৰ্শন দেখাৰ পিছত বুজিলোঁ যে এই ল’ৰাটো দীঘলীয়া দৌৰৰ ঘোঁৰা।  সেই শৃংখলাটোতে তেওঁৰ প্ৰতিভা বুজি পাইছিলোঁ।’’

ইমান বছৰৰ পাছত প্ৰশিক্ষক হিচাপে ৱেষ্ট ইণ্ডিজত ভৰি দিব বুলি দ্ৰাবিড়ে কেতিয়াও ভবা নাছিল। তেওঁ কয়- ''পৰিস্থিতি অলপ সলনি হৈছে। সেই শৃংখলাৰ যুৱক বিৰাট এতিয়া দলটোৰ আটাইতকৈ অভিজ্ঞ ক্ৰিকেটাৰ। আৰু এতিয়া মই এজন যুৱ প্ৰশিক্ষক। এই ভূমিকাত মই এই দেশলৈ আহিম বুলি কেতিয়াও ভবা নাছিলো।”

ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব। শৃংখলাটোৰ আৰম্ভণি হ’ব এখন টেষ্টৰ দ্বাৰা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement