--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১১ চনত ভাৰতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰি ডমিনিকাত টেষ্ট খেলিছিল। সেই দলৰ মাত্ৰ দুজন সদস্যহে এইবাৰ ভাৰতীয় দলত আছে। কিন্তু বেলেগ বেলেগ ভূমিকাত। ২০১১ চনত তেওঁলোক দলৰ সতীৰ্থ আছিল। এইবাৰ এজন দলীয় প্ৰশিক্ষক। আনজন দলৰ আটাইতকৈ অভিজ্ঞ বেটছমেন। ৰাহুল দ্ৰাবিড় আৰু বিৰাট কোহলী।

এটা যুগ অৰ্থাৎ ১২ বছৰৰ পাছত ডমিনিকাত খেলিবলৈ অহাৰ আগতে পুৰণি কথাৰ সোঁৱৰণি কৰিলে দুয়োৱে। বুধবাৰে প্ৰথমখন টেষ্ট খেলাৰ পূৰ্বে প্ৰশিক্ষক দ্ৰাবিড়ে কয় যে এইবাৰৰ পৰিস্থিতি পূৰ্বৰ তুলনাত পৃথক। বিৰাট দলৰ একমাত্ৰ সদস্য যিয়ে এই মেচতো খেলি আছে। তেওঁৰ বাবেও ই এক বিশেষ অনুভৱ।

আনহাতে ২০১১ চনত ৱেষ্ট ইণ্ডিজত প্ৰথমখন টেষ্ট শৃংখলা খেলিছিল বিৰাটে। ইয়াৰ মাজৰ ১২ বছৰত বহুখিনি সলনি হৈছে। বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন হৈ পৰিল তেওঁ। ভাৰতীয় দলৰ অধিনায়ক হ’লো। কিন্তু প্ৰথম টেষ্ট শৃংখলাৰ স্মৃতি বিৰাটৰ মনত এতিয়াও সতেজ হৈ আছে। তেওঁ ক'লে, "মই যেতিয়াই ইয়ালৈ আহি ড্ৰেছিং ৰুম আৰু ফিল্ডত ভৰি দিছিলো, তেতিয়াই মোৰ মনত পৰে ১২ বছৰ আগৰ কথা। এই দেশৰ পৰাই আৰম্ভ হৈছিল সকলো। ১২ বছৰত ১০০ খনতকৈও অধিক টেষ্ট খেলিছো। ইমান দিন খেলিম বুলি সপোনতো ভবা নাছিলো। গতিকে ১২ বছৰৰ পিছত ঘূৰি আহি বৰ ভাল লাগিল।"


সেই শৃংখলাখনত দ্ৰাবিড়ে ১২ বছৰ পূৰ্বে বিৰাটৰ প্ৰতিভা দেখিছিল। তেওঁ বুজি পাইছিল যে দিল্লীৰ এই ক্ৰিকেটাৰজন ভাৰতীয় ক্ৰিকেটত দপদপাবলৈ আহিছে। দ্ৰাবিড়ে ক'লে, "সেই দিনত বিৰাটে এদিনীয়া ক্ৰিকেটত নিজৰ নাম উজলাইছিল। কিন্তু টেষ্টত তেওঁৰ প্ৰদৰ্শন দেখাৰ পিছত বুজিলোঁ যে এই ল’ৰাটো দীঘলীয়া দৌৰৰ ঘোঁৰা।  সেই শৃংখলাটোতে তেওঁৰ প্ৰতিভা বুজি পাইছিলোঁ।’’

ইমান বছৰৰ পাছত প্ৰশিক্ষক হিচাপে ৱেষ্ট ইণ্ডিজত ভৰি দিব বুলি দ্ৰাবিড়ে কেতিয়াও ভবা নাছিল। তেওঁ কয়- ''পৰিস্থিতি অলপ সলনি হৈছে। সেই শৃংখলাৰ যুৱক বিৰাট এতিয়া দলটোৰ আটাইতকৈ অভিজ্ঞ ক্ৰিকেটাৰ। আৰু এতিয়া মই এজন যুৱ প্ৰশিক্ষক। এই ভূমিকাত মই এই দেশলৈ আহিম বুলি কেতিয়াও ভবা নাছিলো।”

ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব। শৃংখলাটোৰ আৰম্ভণি হ’ব এখন টেষ্টৰ দ্বাৰা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু