--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ এগৰাকী মহিলা বিধায়কে এজন অভিযন্তাক ৰাজহুৱাভাৱে চৰ মৰাৰ ঘটনাই এতিয়া দেশজুৰি তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে।  তেওঁ অভিযন্তাজনক চৰ মৰাৰ উপৰি "অপদাৰ্থ " বুলিও দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে। গীতা জৈন নামৰ  নিৰ্দলীয় বিধায়িকাগৰাকীয়ে অভিযন্তাজনক চৰ মৰাৰ  ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

প্ৰকৃততে কি ঘটিছিল? গীতা মহাৰাষ্ট্ৰৰ থানে জিলাৰ মীৰা ভায়ান্দৰৰ এগৰাকী বিধায়িকা। অলপতে প্ৰশাসনে  সেই এলেকাৰ একাংশ বাসিন্দাক  উচ্ছেদ কৰিছিল। জাননী অবিহনে এনেদৰে ঘৰ ভাঙি পেলোৱাৰ বাবেই অভিযন্তাগৰাকীৰ ওপৰত এনেদৰে তিঙিৰি তুলা হৈ পৰে বিধায়িকাগৰাকী।বিধায়কিকাগৰাকীয়ে কয় যে উচ্ছঠেদৰ বলি হোৱা  লোকসকল এতিয়া ৰাস্তাত আছে।


তেওঁলোকৰ ভিতৰত মহিলা আৰু শিশুও আছে। অভিযন্তাজনৰ সৈতে  এই বিষয়কলৈ যুক্তি তৰ্ক হৈ থকাৰ সময়তে বিধায়িকাগৰাকীয়ে  খঙৰ ভমকত অভিযন্তাজনৰ চোলাত খামুচি ধৰে আৰু পূৰ্ণহতীয়া চৰ শোধায়। ।  গীতাই এই প্ৰসংগত কয় যে  তেওঁ অভিযন্তাগৰাকীক হাঁহি থকা দেখিছিল ।অথচ গৃহহীন অসহায় মহিলাসকলে কান্দোনত ভাঙি পৰিছিল। 


তথাপি অভিযন্তাজনে হাঁহি থকা বাবে তেওঁৰ  ধৈৰ্য্য বান্ধ চিঙি গ’ল আৰু অভিযন্তাজনক  চৰ মাৰিলে। বিষয়টো তেওঁ বিধানসভাতো উত্থাপন কৰিবকৰিব বুলি বিধায়িকাগৰাকীয়ে  কয়।ইপিনে এগৰাকী জনপ্ৰতিনিধিয়ে আইন নিজৰ হাতত লৈ এগৰাকী চৰকাৰী বিষয়াক সকলোৰে সন্মুখতে চৰ মৰাৰ ঘটনাটোক বহুতেই সহজভাবে ল’ব পৰা নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু