--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ এগৰাকী মহিলা বিধায়কে এজন অভিযন্তাক ৰাজহুৱাভাৱে চৰ মৰাৰ ঘটনাই এতিয়া দেশজুৰি তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে।  তেওঁ অভিযন্তাজনক চৰ মৰাৰ উপৰি "অপদাৰ্থ " বুলিও দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে। গীতা জৈন নামৰ  নিৰ্দলীয় বিধায়িকাগৰাকীয়ে অভিযন্তাজনক চৰ মৰাৰ  ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

প্ৰকৃততে কি ঘটিছিল? গীতা মহাৰাষ্ট্ৰৰ থানে জিলাৰ মীৰা ভায়ান্দৰৰ এগৰাকী বিধায়িকা। অলপতে প্ৰশাসনে  সেই এলেকাৰ একাংশ বাসিন্দাক  উচ্ছেদ কৰিছিল। জাননী অবিহনে এনেদৰে ঘৰ ভাঙি পেলোৱাৰ বাবেই অভিযন্তাগৰাকীৰ ওপৰত এনেদৰে তিঙিৰি তুলা হৈ পৰে বিধায়িকাগৰাকী।বিধায়কিকাগৰাকীয়ে কয় যে উচ্ছঠেদৰ বলি হোৱা  লোকসকল এতিয়া ৰাস্তাত আছে।


তেওঁলোকৰ ভিতৰত মহিলা আৰু শিশুও আছে। অভিযন্তাজনৰ সৈতে  এই বিষয়কলৈ যুক্তি তৰ্ক হৈ থকাৰ সময়তে বিধায়িকাগৰাকীয়ে  খঙৰ ভমকত অভিযন্তাজনৰ চোলাত খামুচি ধৰে আৰু পূৰ্ণহতীয়া চৰ শোধায়। ।  গীতাই এই প্ৰসংগত কয় যে  তেওঁ অভিযন্তাগৰাকীক হাঁহি থকা দেখিছিল ।অথচ গৃহহীন অসহায় মহিলাসকলে কান্দোনত ভাঙি পৰিছিল। 


তথাপি অভিযন্তাজনে হাঁহি থকা বাবে তেওঁৰ  ধৈৰ্য্য বান্ধ চিঙি গ’ল আৰু অভিযন্তাজনক  চৰ মাৰিলে। বিষয়টো তেওঁ বিধানসভাতো উত্থাপন কৰিবকৰিব বুলি বিধায়িকাগৰাকীয়ে  কয়।ইপিনে এগৰাকী জনপ্ৰতিনিধিয়ে আইন নিজৰ হাতত লৈ এগৰাকী চৰকাৰী বিষয়াক সকলোৰে সন্মুখতে চৰ মৰাৰ ঘটনাটোক বহুতেই সহজভাবে ল’ব পৰা নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে