--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিৱি সকলো বয়সৰ লোকৰ বাবে অতি উপকাৰী আৰু ই বহুতো ভয়াৱহ ৰোগৰ পৰা আমাক ৰক্ষা কৰে। এই কাৰণেই বহু স্বাস্থ্য বিশেষজ্ঞই ইয়াক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। কিৱিত ভিটামিন চি পোৱা যায়, যাৰ জৰিয়তে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰি। ইমিউনিটি বৃদ্ধিয়ে সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।

কিৱিত পোৱা পুষ্টিকৰ উপাদান

কিৱিত পটাছিয়ামৰ অভাৱ নহয়, লগতে ইয়াৰ কেলৰিও কম। ফিটনেছৰ প্ৰতি চিন্তিত লোকসকলে এই ফলটো নিজৰ দৈনন্দিন খাদ্যাভ্যাসত অন্তৰ্ভুক্ত কৰে। সাধাৰণতে আমি ভিটামিন চি পাবলৈ কমলা খাওঁ, কিন্তু ইয়াত ভিটামিন চিৰ দুগুণ পৰিমাণ থাকে। এই ফল আমাৰ বাবে কেনেদৰে উপযোগী হ’ব পাৰে জানো আহক।

কিৱি খোৱাৰ ১০ টা ডাঙৰ উপকাৰ 

১) কিৱি খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই অহাত সহায় কৰে।

২) হৃদৰোগ, উচ্চ বি পি সমস্যা আৰু ডায়েবেটিছ ৰোগীৰ বাবেও কিৱি অতি উপকাৰী।

৩) ডায়েবেটিছ ৰোগীকো কিৱি খাবলৈ পৰামৰ্শ দিয়া হয়। যদি দৈনিক সেৱন কৰা হয়, তেন্তে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়।

৪) যিসকলৰ পেট আৰু হাড়ৰ গাঁঠিত প্ৰায়ে বিষ হয় তেওঁলোকৰ বাবে কিৱি অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

৫) মানসিক স্বাস্থ্যৰ বাবেও কিৱি উপকাৰী। এইটো খালে আপুনি মেজাজ ঠিক কৰি মানসিক চাপ আঁতৰাই পেলাব পাৰে।

৬) বেক্টেৰিয়া আৰু ভাইৰাছৰ আক্ৰমণ দূৰ কৰাৰ বাবেও কিৱি অতি উপযোগী বুলি গণ্য কৰা হয়।

৭)  কিৱি খালে গাল চিকচিকিয়া হয় আৰু বলিৰেখা আঁতৰ হয়।

৮) আলচাৰ আৰু পেটৰ গৰম দূৰ কৰিবলৈ কিৱিক অতি ফলপ্ৰসূ ফলৰ মৰ্যাদা দিয়া হয়।

৯)  কিৱিত প্ৰচুৰ পৰিমাণে ফলিক এচিড আৰু আইৰণ থাকে, যি গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী।

১০) ডেংগুৰ দৰে ৰোগত  কিৱিৰ ৰস খোৱাটো বাঞ্ছনীয় কাৰণ ই প্লেটলেট বৃদ্ধি কৰে।

সেইবাবেই ডক্তৰে কিৱি নিয়মীয়াকৈ খোৱাৰ পৰামৰ্শ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক