--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামগ্ৰিক স্বাস্থ্য আৰু সৌন্দৰ্য্য বজাই ৰখাৰ ক্ষেত্ৰত আন্ত্ৰিক স্বাস্থ্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ সুস্থ আন্ত্ৰই সংক্ৰমণ আৰু ৰোগক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। কিন্তু পেটটো সুস্থ কৰি ৰাখিবলৈ দামী সামগ্ৰী আৰু কঠোৰ খাদ্যৰ প্ৰয়োজন নাই। পেটটো যাতে সুস্থ হৈ থাকে তাৰ বাবে কিছুমান সহজ উপায় আছে। ইয়াৰোপৰি অধিক পানী খোৱাটো হৈছে আমি সুস্থ জীৱনশৈলীৰ বাবে কৰিব পৰা সৰ্বোত্তম কাম। 

ইয়াৰ দ্বাৰা আমাৰ শৰীৰত পানীৰ সন্তুলিত সমহাৰ হৈ থকা আৰু বিষাক্ত পদাৰ্থ আঁতৰোৱাই নহয় ইয়াৰ আন বহুতো উপকাৰো আছে। যদি আমি পৰ্যাপ্ত পৰিমাণৰ পানী নাখাওঁ তেন্তে ইয়াৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। বহু মহিলাই বিশ্বাস কৰা এটা সমাধান হ’ল ডিটক্স ড্ৰিংকছ। বিশ্বাস কৰা হয় যে ডিটক্স পানী খালে হজম শক্তি উন্নত হয় আৰু বিপাকীয় ক্ৰিয়া উন্নত হয়, যিয়েও দ্ৰুত ওজন হ্ৰাস কৰাত সহায় কৰে আৰু ই অতি হাইড্ৰেটিং কৰে। আজিকালি মানুহে অধিক স্বাস্থ্য উপকাৰ লাভ কৰিবলৈ অতিৰিক্ত উপাদান যোগ কৰি পানী খায়। কিছুদিনৰ পৰা ডিটক্স পানী অতি জনপ্ৰিয়। 

হেল্থলাইনৰ মতে ডিটক্স পানী হ’ল পানী, য’ত সতেজ ফল-মূল, শাক-পাচলি আৰু বনৌষধিৰ সোৱাদ মিহলি কৰা হয়। ইয়াক ফলৰ ইনফিউজড পানী বা ফলৰ সোৱাদযুক্ত পানী বুলিও কোৱা হয়। ঘৰতে সহজে বনাব পাৰি। ৪টা উত্তম ডিটক্স পানীৰ বিষয়ে জানি লওক যিবোৰ ওজন কমাবলৈ উপকাৰী হ’ব পাৰে।

নেমু ডিটক্স পানী – নেমু কেৱল ওজন কমাবলৈ নহয় আমাৰ ছালৰ বাবেও অতি উপকাৰী। নেমু ডিটক্স পানী বনাওঁতে ইয়াত অলপ পদিনা যোগ কৰিলে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হ’ব আৰু সোনকালে ওজন কমাবলৈ সহায় কৰিব।

তিঁয়্হ ডিটক্স পানী – তিঁয়হত প্ৰচুৰ পৰিমাণে ভিটামিন বি, পটাছিয়াম ইত্যাদি থাকে। ই কেৱল আমাৰ শৰীৰক বিষমুক্ত কৰাই নহয়, ইয়াৰ কেলৰিও কম। তিঁয়হ ডিটক্স পানীও আঁহযুক্ত হোৱাৰ বাবে ওজন সোনকালে হ্ৰাস কৰাত উপকাৰী।

কমলা ডিটক্স পানী- কমলাত ভিটামিন চি থাকে, যিটো সুস্থ ছালৰ বাবে উৎকৃষ্ট। এই ভিটামিনে চৰ্বি শৰীৰত জমা কৰাৰ পৰিৱৰ্তে শক্তিলৈ ৰূপান্তৰিত কৰে। ইয়াৰ ফলত ওজন দ্ৰুতগতিত কমাবলৈ সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক