--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ ছবি ছিকন্দৰ আৰু পুষ্পা ২ৰ মুখ্য অভিনেত্ৰী ৰশ্মিকা মান্দানাই ভৰিত আঘাত পাইছে। কিছুদিন পূৰ্বে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ফটো শ্বেয়াৰ কৰি এই তথ্য শ্বেয়াৰ কৰিছিল ৷

ৰশ্মিকা মান্দান্নাই সদ্যই চাৰিখনকৈ ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁৰ আঘাতপ্ৰাপ্ত ভৰিখন দেখা পোৱা গৈছে। এই আঘাত তেওঁ নিজৰ জিমত ক্ৰিয়া-কলাপ কৰোঁতে পাইছিল। ফটোবোৰৰ সৈতে তেওঁ কেপচনত লিখিছে যে, "নৱবৰ্ষৰ শুভেচ্ছা! জিমত নিজৰ ভুলৰ বাবে নিজেই আঘাত পালোঁ। এতিয়া মই কেইমাহমানৰ বাবে নিষ্ক্ৰিয় হৈ থাকিব। হয়তো এটা ভৰিৰে শ্বুটিং কৰিব লাগিব।"

তেওঁ আগলৈ কয় যে, "মোৰ পৰিচালকসকলে মোক ক্ষমা কৰিব। মই অতি সোনকালে চিকন্দৰ, কুবেৰ আৰু ছাভাৰ শ্বুটিঙলৈ ঘূৰি আহিম।" অভিনেত্ৰী গৰাকীয়ে অনুৰাগীসকলক আশ্বাস দিয়ে যে তেওঁ অতি সোনকালে সুস্থ হৈ পুনৰ কামত যোগদান কৰিব।

তেওঁৰ এই পোষ্টটোত বহু অনুৰাগীয়ে সহানুভূতি প্ৰকাশ কৰিছে। এজনে লিখিছে, "আপুনি সোনকালে সুস্থ হওঁক ।" আন এজনে লিখিছে, "যত্ন ল’ব।" এনেদৰে তেওঁৰ অনুৰাগীসকলে তেওঁক সমৰ্থন জনাই শুভেচ্ছা দিছে।

ৰশ্মিকাই বৰ্তমান নিজৰ ছবি পুষ্পা ২ৰ সফলতাত আনন্দ  উপভোগ কৰি থকাৰ লগতে, একে সময়তে তিনিখন ভিন্ন ছবিতো ব্যস্ত। ছিকন্দৰ ছবিত ছলমান খানৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ‘ছাভা’ ছবিত বিকি কৌশলৰ বিপৰীতে তেওঁৰ অভিনয় দেখা যাব। ইয়াৰ উপৰিও দক্ষিণ ভাৰতীয় ছবি ‘কুবেৰ’ৰ শ্বুটিঙতো ব্যস্ত ৰশ্মিকা মাণ্ডনা । তেওঁৰ অনুৰাগীসকলেও সোনকালে তেওঁক সুস্থ হৈ পুনৰ উদ্যমেৰে কামলৈ উভতি অহাৰ বাবে কামনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ