--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ ছবি ছিকন্দৰ আৰু পুষ্পা ২ৰ মুখ্য অভিনেত্ৰী ৰশ্মিকা মান্দানাই ভৰিত আঘাত পাইছে। কিছুদিন পূৰ্বে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ফটো শ্বেয়াৰ কৰি এই তথ্য শ্বেয়াৰ কৰিছিল ৷

ৰশ্মিকা মান্দান্নাই সদ্যই চাৰিখনকৈ ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁৰ আঘাতপ্ৰাপ্ত ভৰিখন দেখা পোৱা গৈছে। এই আঘাত তেওঁ নিজৰ জিমত ক্ৰিয়া-কলাপ কৰোঁতে পাইছিল। ফটোবোৰৰ সৈতে তেওঁ কেপচনত লিখিছে যে, "নৱবৰ্ষৰ শুভেচ্ছা! জিমত নিজৰ ভুলৰ বাবে নিজেই আঘাত পালোঁ। এতিয়া মই কেইমাহমানৰ বাবে নিষ্ক্ৰিয় হৈ থাকিব। হয়তো এটা ভৰিৰে শ্বুটিং কৰিব লাগিব।"

তেওঁ আগলৈ কয় যে, "মোৰ পৰিচালকসকলে মোক ক্ষমা কৰিব। মই অতি সোনকালে চিকন্দৰ, কুবেৰ আৰু ছাভাৰ শ্বুটিঙলৈ ঘূৰি আহিম।" অভিনেত্ৰী গৰাকীয়ে অনুৰাগীসকলক আশ্বাস দিয়ে যে তেওঁ অতি সোনকালে সুস্থ হৈ পুনৰ কামত যোগদান কৰিব।

তেওঁৰ এই পোষ্টটোত বহু অনুৰাগীয়ে সহানুভূতি প্ৰকাশ কৰিছে। এজনে লিখিছে, "আপুনি সোনকালে সুস্থ হওঁক ।" আন এজনে লিখিছে, "যত্ন ল’ব।" এনেদৰে তেওঁৰ অনুৰাগীসকলে তেওঁক সমৰ্থন জনাই শুভেচ্ছা দিছে।

ৰশ্মিকাই বৰ্তমান নিজৰ ছবি পুষ্পা ২ৰ সফলতাত আনন্দ  উপভোগ কৰি থকাৰ লগতে, একে সময়তে তিনিখন ভিন্ন ছবিতো ব্যস্ত। ছিকন্দৰ ছবিত ছলমান খানৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ‘ছাভা’ ছবিত বিকি কৌশলৰ বিপৰীতে তেওঁৰ অভিনয় দেখা যাব। ইয়াৰ উপৰিও দক্ষিণ ভাৰতীয় ছবি ‘কুবেৰ’ৰ শ্বুটিঙতো ব্যস্ত ৰশ্মিকা মাণ্ডনা । তেওঁৰ অনুৰাগীসকলেও সোনকালে তেওঁক সুস্থ হৈ পুনৰ উদ্যমেৰে কামলৈ উভতি অহাৰ বাবে কামনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু