--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এবছৰ অপেক্ষা কৰাৰ পাছত আকৌ এবাৰ উল্লাসৰ উৎসৱ অৰ্থাৎ দীপাৱলী অতি ধুমধামেৰে পালন কৰা হৈছে। প্ৰতিবছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ পালন কৰা হয়। দীপান্বিতাৰ দিনটোত দেৱী লক্ষ্মী আৰু গণেশৰ পূজাৰ বিশেষ তাৎপৰ্য্য আছে। এই দিনটোত লক্ষ্মী দেৱীক পূজা কৰি ভক্তসকলে বিশেষ উপকাৰ পায়। কিন্তু দীপাৱলী উৎসৱ কিয় পালন কৰা হয় জানেনে? দীপান্বিতা  উৎসৱৰ লগত জড়িত বহুতো কাহিনী শাস্ত্ৰত উল্লেখ আছে। জানো আহক-

প্ৰতিবছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ অতি উৎসাহেৰে পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি এইবাৰ অমাৱস্য তিথি ২০২২ চনৰ ২৪ অক্টোবৰ সোমবাৰে পৰিছে। সেয়ে ২৪ অক্টোবৰতো দীপাৱলী উৎসৱ পালন কৰা হ’ব। ২৪ অক্টোবৰৰ নিশা ৮.১৯ বজাৰ পৰা ১০.৫৫ বজালৈ লক্ষ্মী পূজাৰ শুভ সময় হ’ব।

দীপাৱলী উৎসৱ কিয় পালন কৰা হয়? 

ধৰ্মীয় গ্ৰন্থসমূহৰ মতে, কাতি মাহৰ অমাৱস্যাৰ দিনা ভগৱান শ্ৰীৰাম ১৪বছৰৰ পাছত নিৰ্বাসনৰ সময়সীমা সম্পূৰ্ণ কৰি নিজৰ জন্মভূমি অযোধ্যা নগৰলৈ উভতি আহে। এই উপলক্ষে অযোধ্যাবাসীয়ে দীপোৎসৱৰ আয়োজন কৰি ভগৱান শ্ৰীৰামক আদৰণি জনাইছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ এক উল্লাসেৰে পালন কৰা হয়। ঘৰৰ লগতে চাৰিওফালৰ ঠাইবোৰো পোহৰেৰে সজাই তোলা হয়।

মহাভাৰতৰ যুগত কিয় দীপাৱলী পালন কৰা হৈছিল?

হিন্দু ধৰ্মৰ বিখ্যাত গ্ৰন্থ মহাভাৰতত কোৱা হৈছে যে কাতি মাহৰ অমাৱস্যাৰ দিনা পাণ্ডৱসকলে ১৩ বছৰ নিৰ্বাসন সম্পূৰ্ণ কৰি ঘৰলৈ উভতি আহিছিল। কৌৰৱসকলে তেওঁক দবা খেলত পৰাস্ত কৰি ১৩ বছৰৰ বাবে নিৰ্বাসনৰ শাস্তি প্ৰদান কৰিছিল। যেতিয়া পাণ্ডৱসকল নিজ নিজ ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁলোকৰ আগমনৰ আনন্দত মহানগৰীৰ বাসিন্দাসকলে দীপোৎসৱৰ সৈতে তেওঁলোকক আদৰি লৈছিল। তেতিয়াৰ পৰাই দীপাৱলী উৎসৱ পালন কৰা হয় বুলিও বিশ্বাস কৰা হয়।

দীপাৱলীৰ দিনা কিয় দেৱী লক্ষ্মীক পূজা কৰা হয়?

শাস্ত্ৰত বৰ্ণনা কৰা হৈছে যে যেতিয়া দেৱতা আৰু অসুৰে সাগৰ মন্থন কৰি আছিল। তাৰ পিছত সাগৰৰ মন্থনৰ পৰা ১৪টা ৰত্ন উৎপন্ন হৈছিল, তাৰে এটা আছিল মালক্ষ্মী। কাতি মাহৰ অমাৱস্যাৰ দিনা দেৱী লক্ষ্মীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। সেইবাবেই দীপাৱলীৰ দিনা ভগৱান গণেশ আৰু মাতা লক্ষ্মীক পূজা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত দেৱী লক্ষ্মীক পূজা কৰিলে সুখ, সমৃদ্ধি, ধন-সম্পত্তি, যশস্যা আৰু গৌৰৱ পোৱা যায় আৰু ভক্তসকলৰ সকলো কামনা পূৰণ হয়।

দীপাৱলীৰ পূৰ্বে কিয় সৰু দীপাৱলী পালন কৰা হয়?

নাৰকাসুৰ নামৰ দানৱ এজনে যেতিয়া তেওঁৰ আতংকেৰে ত্ৰিলোকত ত্ৰাসৰ সৃষ্টি কৰিছিল, সেই কথাও শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। তেতিয়া তেওঁৰ অত্যাচাৰত সকলো দেৱ-দেৱী আৰু ঋষি অসন্তুষ্ট হৈ পৰিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিলে। ২দিন ধৰি বিজয়ৰ তথা সুখৰ উদযাপন কৰা হৈছিল। যাক নৰক চতুৰ্দশী অৰ্থাৎ সৰু দীপাৱলী আৰু দীপাৱলী নামেৰে জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পেলনীয়া সামগ্ৰীৰে সৃষ্টিৰ অনন্য নিদৰ্শন কমাৰগাঁৱৰ প্ৰতিভাধৰ শিল্পী অতুল হাজৰিকাৰ
কাছাৰত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১
‘মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকসকলে পাকিস্তান, ISIৰ পৰা সাহস পাইছে!’ বিস্ফোৰক মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ
শিশুৰ এই ৬টা লক্ষণক আওকাণ নকৰিব! লুকাই থাকিব পাৰে ভয়ংকৰ ৰোগ
বোল বমৰ তীৰ্থযাত্ৰীৰ পোছাক পৰিধান কৰি মোবাইল চুৰি বাবুল আলী আৰু শুকুৰ আলীৰ; দুয়োকে আটক বশিষ্ঠ আৰক্ষীৰ
জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা; এহাল যুৱক-যুৱতী থিতাতে নিহত
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট