--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাতি মাহৰ অমাৱশ্যাৰ দিনা সমগ্ৰ দেশতে দীপাৱলী উৎসৱ পালন কৰা হয়। আজিৰ দিনটোত মালক্ষ্মী আৰু গণেশক পূজা কৰাৰ নিয়ম আছে। বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে মালক্ষ্মীয়ে ভক্তক বিশেষ আশীৰ্বাদ প্ৰদান কৰে। সেয়েহে এই দিনটোত গণেশ, কুবেৰ আৰু মালক্ষ্মীৰ পূজা কৰাৰ বিশেষ নিয়ম আছে আৰু দীপাৱলীৰ দিনা ঘৰলৈ কোনবোৰ সামগ্ৰী ক্ৰয় অনাটো শুভ বুলি গণ্য কৰা হয় জানো আহক।

 ১. মালক্ষ্মীৰ পূজাত গোমতি চক্ৰ ব্যৱহাৰ কৰা হয়। সেয়েহে অতীজৰে পৰা দীপাৱলীৰ দিনা ১১টা গোমতি চক্ৰ ক্ৰয় কৰি ঘৰলৈ আনি মালক্ষ্মীক আগবঢ়াৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। ইয়াৰ পাছত পাছদিনা ৰঙা কাপোৰত বান্ধি টকা থোৱা স্থানত ৰাখিলে মালক্ষ্মীৰ কৃপা সদায় ঘৰখনত পৰে আৰু ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।

 ২. দীপাৱলীৰ দিনা কিছুমান বস্তু ঘৰলৈ অনাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই দিনটোত মালক্ষ্মী আৰু গণেশৰ মূৰ্তি ঘৰলৈ অনাটো অতি শুভ বুলি মনা হয়। এই মূৰ্তি থকা ঘৰত মালক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। মূৰ্তিটো আনোতে বিশেষ জানিবলগীয়া কথাটো হ’ল যে ভগ্নমূৰ্তি পূজাত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। লগতে মনত ৰখা দৰকাৰ যে গণেশৰ মূৰ্তিৰ সূৰডাল সদায় বাওঁফালে থাকিব লাগে।

 ৩. জ্যোতিষশাস্ত্ৰ মতে দীপাৱলীৰ দিনা ঘৰলৈ নতুন কাপোৰ অনাটোও অতি শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ ফলত শুক্ৰ দেৱতা সন্তুষ্ট হয় আৰু ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰে।

 ৪. শ্ৰীযন্ত্ৰ বা মহালক্ষ্মী যন্ত্ৰও মালক্ষ্মীৰ অতি প্ৰিয়। কোৱা হয় যে যি ঘৰত শ্ৰীযন্ত্ৰ থাকে, তাতেই মালক্ষ্মীবাস কৰে। লক্ষ্মী পূজাত এই যন্ত্ৰসমূহ পূজা কৰাৰ বিশেষ গুৰুত্ব আছে। পূজাস্থলীত এই যন্ত্ৰ ৰাখিলে আৰু প্ৰতিদিনে পূজা কৰিলে আৰ্থিক অৱস্থা সুদৃঢ় হয়।

 ৪. দীপাৱলীৰ দিনা কড়ী ক্ৰয় কৰাটোও শুভ বুলি গণ্য কৰা হয়। সমুদ্ৰ মন্থনৰ সময়ত কড়ী উৎপত্তি হৈছিল বুলি বিশ্বাস কৰা হয় আৰু এই কড়ী মালক্ষ্মীৰ অতি প্ৰিয় বুলি মনা হয়। জনবিশ্বাস অনুসৰি কড়ীয়ে ধন আকৰ্ষণ কৰাৰ গুণ আছে। দীপাৱলী পূজাৰ সময়ত মালক্ষ্মীক অৰ্পণ কৰাটো শুভ মনা হয়। পিছদিনা এই কড়ীবোৰ ৰঙা কাপোৰ এখনত বান্ধি টকা ৰখা ঠাইত ৰাখিব লাগে।

 ৫. দীপাৱলীৰ দিনা নাৰিকল ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে নাৰিকল মালক্ষ্মীৰ অতি প্ৰিয়, গতিকে দীপাৱলীৰ দিনা নাৰিকল ক্ৰয় কৰিলে আৰ্থিক অৱস্থা মজবুত হোৱাৰ লগতে কেতিয়াও শস্যৰ অভাৱ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ