--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাতি মাহৰ অমাৱশ্যাৰ দিনা সমগ্ৰ দেশতে দীপাৱলী উৎসৱ পালন কৰা হয়। আজিৰ দিনটোত মালক্ষ্মী আৰু গণেশক পূজা কৰাৰ নিয়ম আছে। বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে মালক্ষ্মীয়ে ভক্তক বিশেষ আশীৰ্বাদ প্ৰদান কৰে। সেয়েহে এই দিনটোত গণেশ, কুবেৰ আৰু মালক্ষ্মীৰ পূজা কৰাৰ বিশেষ নিয়ম আছে আৰু দীপাৱলীৰ দিনা ঘৰলৈ কোনবোৰ সামগ্ৰী ক্ৰয় অনাটো শুভ বুলি গণ্য কৰা হয় জানো আহক।

 ১. মালক্ষ্মীৰ পূজাত গোমতি চক্ৰ ব্যৱহাৰ কৰা হয়। সেয়েহে অতীজৰে পৰা দীপাৱলীৰ দিনা ১১টা গোমতি চক্ৰ ক্ৰয় কৰি ঘৰলৈ আনি মালক্ষ্মীক আগবঢ়াৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। ইয়াৰ পাছত পাছদিনা ৰঙা কাপোৰত বান্ধি টকা থোৱা স্থানত ৰাখিলে মালক্ষ্মীৰ কৃপা সদায় ঘৰখনত পৰে আৰু ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।

 ২. দীপাৱলীৰ দিনা কিছুমান বস্তু ঘৰলৈ অনাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই দিনটোত মালক্ষ্মী আৰু গণেশৰ মূৰ্তি ঘৰলৈ অনাটো অতি শুভ বুলি মনা হয়। এই মূৰ্তি থকা ঘৰত মালক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। মূৰ্তিটো আনোতে বিশেষ জানিবলগীয়া কথাটো হ’ল যে ভগ্নমূৰ্তি পূজাত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। লগতে মনত ৰখা দৰকাৰ যে গণেশৰ মূৰ্তিৰ সূৰডাল সদায় বাওঁফালে থাকিব লাগে।

 ৩. জ্যোতিষশাস্ত্ৰ মতে দীপাৱলীৰ দিনা ঘৰলৈ নতুন কাপোৰ অনাটোও অতি শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ ফলত শুক্ৰ দেৱতা সন্তুষ্ট হয় আৰু ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰে।

 ৪. শ্ৰীযন্ত্ৰ বা মহালক্ষ্মী যন্ত্ৰও মালক্ষ্মীৰ অতি প্ৰিয়। কোৱা হয় যে যি ঘৰত শ্ৰীযন্ত্ৰ থাকে, তাতেই মালক্ষ্মীবাস কৰে। লক্ষ্মী পূজাত এই যন্ত্ৰসমূহ পূজা কৰাৰ বিশেষ গুৰুত্ব আছে। পূজাস্থলীত এই যন্ত্ৰ ৰাখিলে আৰু প্ৰতিদিনে পূজা কৰিলে আৰ্থিক অৱস্থা সুদৃঢ় হয়।

 ৪. দীপাৱলীৰ দিনা কড়ী ক্ৰয় কৰাটোও শুভ বুলি গণ্য কৰা হয়। সমুদ্ৰ মন্থনৰ সময়ত কড়ী উৎপত্তি হৈছিল বুলি বিশ্বাস কৰা হয় আৰু এই কড়ী মালক্ষ্মীৰ অতি প্ৰিয় বুলি মনা হয়। জনবিশ্বাস অনুসৰি কড়ীয়ে ধন আকৰ্ষণ কৰাৰ গুণ আছে। দীপাৱলী পূজাৰ সময়ত মালক্ষ্মীক অৰ্পণ কৰাটো শুভ মনা হয়। পিছদিনা এই কড়ীবোৰ ৰঙা কাপোৰ এখনত বান্ধি টকা ৰখা ঠাইত ৰাখিব লাগে।

 ৫. দীপাৱলীৰ দিনা নাৰিকল ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে নাৰিকল মালক্ষ্মীৰ অতি প্ৰিয়, গতিকে দীপাৱলীৰ দিনা নাৰিকল ক্ৰয় কৰিলে আৰ্থিক অৱস্থা মজবুত হোৱাৰ লগতে কেতিয়াও শস্যৰ অভাৱ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল