--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মূলতঃ বছৰত দুবাৰকৈ নৱৰাত্ৰি উদযাপন কৰা হয়। এটা চ’ত মাহত পালন কৰাৰ বিপৰীতে আনটো আহিন মাহত। পঞ্চাঙৰ মতে শাৰদীয় নৱৰাত্ৰি প্ৰতি বছৰে আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হৈ দশমী তিথিৰ দিনা দেৱী দুৰ্গা মূৰ্তি বিসৰ্জনেৰে শেষ হয়। এইবাৰো শাৰদীয় নৱৰাত্ৰি ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ৫ অক্টোবৰত শেষ হ’ব।

 কিয় পালন কৰা হয় শাৰদীয় নৱৰাত্ৰি?

হিন্দু ধৰ্মগ্ৰন্থত বৰ্ণনা কৰা কাহিনী অনুসৰি শক্তিৰ অধিষ্ঠাতী দেৱী দুৰ্গায়ে মহিষাসুৰক বধ কৰি আসুৰিক শক্তি বিনাশ কৰি ধৰ্মক ৰক্ষা কৰিছিল। যেতিয়া দেৱী দুৰ্গাই মহিষাসুৰক আক্ৰমণ কৰি তেওঁৰ লগত ৯দিন যুদ্ধ কৰি দশমদিনা বধ কৰে, তেতিয়া সেই সময় আছিল আহিন মাহ। সেয়ে আহিন মাহৰ এই ৯টা দিন শক্তিৰ পূজাৰ বাবে উচৰ্গা কৰা হৈছিল। পঞ্চাঙৰ মতে শৰৎ ঋতুও আহিন মাহত আৰম্ভ হয়, সেয়েহে ইয়াক শাৰদীয় নৱৰাত্ৰি বুলি কোৱা হয়। শাৰদীয় নৱৰাত্ৰিৰ দশম দিনটো বিজয়াদশমী হিচাপে পালন কৰা হয়।

 নৱৰাত্ৰি উদযাপনৰ ইতিহাস জানি লওক-

নৱৰাত্ৰি উদযাপনৰ আঁৰত বহু কিংবদন্তি আছে। এক কিংবদন্তি অনুসৰি মাতৃ দেৱী দুৰ্গাই ৯দিন ধৰি মহিষাসুৰ নামৰ দানৱৰ লগত যুদ্ধ কৰি তাৰ পাছত নৱমীৰ নিশা বধ কৰে। সেই সময়ৰ পৰাই দেৱীক ‘মহিষসুৰমৰ্দিনী’ নামেৰে জনাজাত। তেতিয়াৰ পৰা মাতৃ দুৰ্গাৰ শক্তিৰ বাবে উৎসৰ্গিত নৱৰাত্ৰিৰ ব্ৰত পালন কৰি ৯দিনে ভিন্ন ৯টা ৰূপৰ পূজা কৰা হয়।

 আন এক কিংবদন্তি অনুসৰি ভগৱান শ্ৰীৰামে দুষ্টক বধ কৰি সন্তক ৰক্ষা কৰিব বিচাৰিছিল। এই উদ্দেশ্য সাধনৰ বাবে নাৰদে শ্ৰীৰামক নৱৰাত্ৰিৰ ব্ৰত পালন কৰিবলৈ অনুৰোধ জনায়। তেতিয়াই ভগৱান শ্ৰীৰামে ব্ৰত সম্পূৰ্ণ কৰি লংকাক আক্ৰমণ কৰি ৰাৱণক বধ কৰিছিল আৰু তেতিয়াৰ পৰা সাফল্যৰ বাবে নৱৰাত্ৰি উপবাস কৰাৰ ৰীতি-নীতি প্ৰচলিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement