--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ দিনটো মেষ, মিথুন, কৰ্কট, সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এক বিশেষ দিন। একাংশৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ বিপৰীতে আন একাংশ ৰাশিৰ বাবে আজি সাৱধান হোৱাৰ প্ৰয়োজন। জানো আহক আজিৰ আপোনাৰ ভাগ্যই কি কয়।

 মেষ ৰাশিঃ-মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ। চাকৰিত পদোন্নতি, যিসকলে চাকৰি পৰিৱৰ্তনৰ কথা ভাবিলে তেওঁলোকৰ ইচ্ছাও অতি সোনকালে পূৰণ হ’ব। বিবাদৰ পৰা দূৰত থাকক।

 বৃষ ৰাশিঃ-বৃষ ৰাশিৰ লোকৰ বাবে আজি এক কঠিন দিন হ’ব। ব্যৱসায়ত শুভ, ছাত্ৰ-ছাত্ৰীৰ বাবে যিকোনো পৰীক্ষাৰ বাবে কষ্ট কৰিব লাগিব। আজি আপোনাৰ মনৰ যিকোনো ইচ্ছা পূৰণৰ বাবে মন সুখী হ’ব।

 মিথুন ৰাশিঃ-দৈনন্দিন কাম-কাজত সমস্যাৰ সন্মুখীন হ’ব পাৰে, কিন্তু আপোনাৰ চতুৰ বুদ্ধি ব্যৱহাৰ কৰি সহজে তাৰ পৰা ওলাই আহিব পাৰিব। জ্যেষ্ঠ লোকৰ সেৱাত আজি কিছু সময় কটাব, যিয়ে আপোনাক মানসিক শান্তি দিব।

 কৰ্কটঃ-কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মক্ষেত্ৰত সন্মান লাভৰ দিন দেখা যায়। সামাজিক ক্ষেত্ৰত কাম কৰা লোকসকলৰ আজি বন্ধুৰ সংখ্যা বাঢ়িব পাৰে। পেটৰ লগত জড়িত কিবা সমস্যা হ’ব পাৰে।

 সিংহঃ-সিংহ ৰাশিৰ লোকৰ বাবে উপকাৰী দিন হ'বলৈ গৈ আছে। আজি নতুন বাহন ক্ৰয়ত আজিৰ দিনটো শুভ দেখা যায়। বিবাহিত লোকসকলৰ সন্তানক লৈ চিন্তিত হ’ব পাৰে।

 কন্যা ৰাশিঃ-কন্যা ৰাশিৰ লোকসকলৰ বাবে আজি এটা স্বাভাৱিক। চিন্তা বৃদ্ধি, কৰ্মক্ষেত্ৰত শুভ হোৱাৰ লগতে আপোনাৰ পৰামৰ্শ আদৰণীয় হ'ব।

 তুলা ৰাশিঃ-আজিৰ দিনটো তুলা ৰাশিৰ জনসাধাৰণৰ বাবে হ’ব কিছু বিভ্ৰান্তিকৰ দিন। দায়িত্ব বাঢ়িব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো শুভ, ভাই-ভনীয়ে আজি আপোনাক প্ৰতিটো কামত সহায় কৰিব।

 বৃশ্চিক ৰাশিঃ-আজি বৃশ্চিক ৰাশিৰ জনসাধাৰণৰ বাবে অতি ফলপ্ৰসূ হ'বলৈ গৈ আছে। ভ্ৰমণত শুভ, আজি কষ্ট কৰি মন অনুযায়ী উপাৰ্জন কৰিব পাৰিব। আপুনি আপোনাৰ ধন ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ড আদিত বিনিয়োগ কৰিলে লাভান্বিত হ’ব।

 ধনু ৰাশিঃ-ধনু ৰাশিৰ লোকৰ বাবে আজি দিনটো শুভ, ব্যৱসায়ত সাৱধান হওক, কিছু লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি কৰা যিকোনো পুৰণি বিনিয়োগত আজি সফলতা লাভ কৰিব।

 মকৰ ৰাশিঃ-মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মিশ্ৰিত দিন হ’ব। ব্যৱসায়ত শুভ, নতুন কামৰ পৰিকল্পনাও কৰিব পাৰে, শত্ৰুৰ পৰা সাৱধানে থাকক।

 কুম্ভ ৰাশিঃ-আজি কুম্ভ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিব শুভ বাৰ্তা। আজি আপোনাৰ জীৱনত কিছু কাম হ’ব, যিটো আপুনি আশাও কৰা নাছিল। কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব।

 মীন ৰাশিঃ-মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ, ধন লাভৰ সম্ভাৱনা দেখা যায়, সন্তানক লৈ সুখী হ’ব, কিন্তু আপোনাৰ যিকোনো দ্ৰুত সিদ্ধান্তই পাছলৈ অসুবিধা দিব পাৰে, গতিকে সাৱধান হওক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু