--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ-আলিয়াৰ সংসাৰলৈ আগমন ঘটিল এজনী কন্যা সন্তানৰ। কাপুৰ আৰু ভাট পৰিয়ালত এতিয়া মাঁথো আনন্দৰ পৰিৱেশ। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট পিতৃ-মাতৃ হোৱাৰ লগে লগে চাৰিওফালৰ পৰা অভিনন্দন বাৰ্তা আহিবলৈ ধৰিছে। 

ককা হোৱাৰ আনন্দত মন ভৰি পৰিছে বলীউডৰ জনপ্ৰিয় পৰিচালক কৰণ জোহৰৰ। নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট যোগে সুখ প্ৰকাশ কৰিছে কৰণ জোহৰে। 

কৰণ জোহৰে আলিয়া ভাটক নিজৰ কন্যা বুলি গণ্য কৰে। সেয়েহে আলিয়া ভাটে কন্যা সন্তান জন্ম দিয়াত ককাক হোৱাৰ সুখ প্ৰকাশ কৰিছে কৰণ জোহৰে। ইনষ্টাগ্ৰামত আলিয়া ভাট-ৰণবীৰ কাপুৰ ৱেডিং পিক প'ষ্ট কৰি কৰণ জোহৰে লিখিছে, 'মোৰ হৃদয়খন মৰমেৰে ভৰি আছে.... তোমাক পৃথিৱীলৈ স্বাগতম বেবী গাৰ্ল... তোমাৰ বাবে বহুত মৰমে অপেক্ষা কৰি আছে.....। মই তোমালোকক ভাল পাওঁ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ। আজি ককা হোৱাৰ গৰ্বৰে মই গৰ্বিত।' কৰণে এই প'ষ্টটোত বহুত হাৰ্ট ইম'জিও ব্যৱহাৰ কৰিছিল।

আলিয়া আৰু ৰণবীৰৰ পৰিয়ালৰ লগতে কৰণৰ বাবেও এয়া আছিল এক আৱেগিক মুহূৰ্ত। আলিয়াৰ প্ৰতি থকা কৰণৰ প্ৰেম সকলোৰে পৰিচিত। নিজ কন্যাৰ দৰে আলিয়াক মৰম কৰে কৰণ জোহৰে। সেইবাবেই কৰণ জোহৰে ককাক হোৱাৰ আনন্দত এনেদৰে আৱেগিক হৈ প'ষ্ট কৰে।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক