--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চেলিব্ৰিটিসকলৰ জীৱনশৈলী কেনেকুৱা সেয়া জানিবৰ বাবে ব্যগ্ৰ হৈ থাকে সাধাৰণ জনতা। তেওঁলোকে কি খায়, কি পিন্ধে, কেনেকৈ থাকে ইত্যাদি ধৰণৰ সাধাৰণ কথাবোৰো সাধাৰণ মানুহৰ বাবে কৌতুহলৰ বিষয় হৈ পৰে। চেলিব্ৰিটিৰ জীৱনে সকলোকে বৰকৈ আকৰ্ষণ কৰে।

বলীউডৰ মেগাষ্টাৰ বিগ বি অমিতাভ বচ্চন বৰ্তমান ৮০ বছৰীয়া হ'ল। এই ৮০ বছৰীয়া জীৱনকালত তেওঁ এতিয়াও ফিট এণ্ড ফাইন হৈ আছে। সেয়েহে অমিতাভ বচ্চনৰ জীৱনশৈলীৰ বিষয়ে জানিবলৈ বহু মানুহে আগ্ৰহ প্ৰকাশ কৰে। 

শেহতীয়াকৈ অমিতাভ বচ্চনে প্ৰকাশ কৰিছে যে তেওঁ কেনেদৰে খাদ্য গ্ৰহণ কৰে। যি খাদ্যই তেওঁক সপ্ৰতিভ কৰি ৰাখিছে। অমিতাভ বচ্চনে কয় যে তেওঁৰ পত্নী জয়া বচ্চনে মাছ খাই বৰ ভাল পায়। জয়া বঙালী পৰিয়ালৰ কন্যা। গতিকে তেওঁ মাছ খাই ভাল পোৱাটো স্বাভাৱিক কথা। অমিতাভ বচ্চনেও মাছ খাই ভাল পাইছিল কিন্তু এতিয়া তেওঁ মাছ খাবলৈ বাদ দিছে।

বলীউডৰ কিংবদন্তিগৰাকীয়ে নিজেই কৈছিল যে তেওঁ যৌৱন কালত সকলো খাইছিল। সেই তালিকাত মাছো আছিল। তেতিয়া মাছ খোৱাত তেওঁৰ কোনো আপত্তি নাছিল। কেৱল মাছেই নহয়, সকলো ধৰণৰ নন-ভেজ খাদ্য তেওঁৰ প্ৰিয় খাদ্যৰ তালিকাত আছিল। কিন্তু এতিয়া জয়া বচ্চনে মাছ বহুত ভালপালেও অমিতাভে নিজৰ খাদ্য তালিকাৰ পৰা সম্পূৰ্ণৰূপে মাছ বাদ দিছে। কিন্তু কিয়? সেই উত্তৰটো অমিতাভে নিজেই দিলে।

অমিতাভ বচ্চনৰ অনুষ্ঠান 'কৌন বনেগা কৌড়ৰপতি'ত এজন প্ৰতিযোগীয়ে অমিতাভ বচ্চনক মাছ খোৱাৰ কথা সুধিছিল। উত্তৰত ৮০ বছৰীয়া অমিতাভ বচ্চনে কয় যে তেওঁ যৌৱন কালত মাছ খাইছিল যদিও এতিয়া মাছ নাখায়। এতিয়া তেওঁ কোনো নন-ভেজ খাদ্য নাখায়। তেওঁ মিঠাই খোৱাও এৰি দিলে। ভাত খোৱাও এৰিলে। আনকি আন বহুতো প্ৰিয় খাদ্য অমিতাভে খাদ্য তালিকাৰ পৰা বাদ দিছে।

ৰাতিপুৱা উঠি কিছু তুলসীৰ পাতৰ সৈতে তেওঁ প্ৰটিনযুক্ত পানীয় খায়। মাছ, মাংস আৰু কণীৰ পৰা নিজকে তেওঁ বহুদিনৰ পৰা আঁতৰাই ৰাখিছে।  ইয়াৰ কাৰণটো হল তেওঁৰ বয়স।

অমিতাভ বচ্চনে কয় যে বয়সৰ বাবে তেওঁ এতিয়া ননভেজ খাদ্য নাখায়। বয়স বাঢ়ি অহাৰ লহে লগে তেওঁ সম্পূৰ্ণৰূপে নিৰামিষভোজী হৈ পৰিল। বিগ বিয়ে স্পষ্টকৈ কৈছে যে তেওঁ গোটেই দিনটো খুব জুখি-মাখি খাদ্য গ্ৰহণ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু