--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চেলিব্ৰিটিসকলৰ জীৱনশৈলী কেনেকুৱা সেয়া জানিবৰ বাবে ব্যগ্ৰ হৈ থাকে সাধাৰণ জনতা। তেওঁলোকে কি খায়, কি পিন্ধে, কেনেকৈ থাকে ইত্যাদি ধৰণৰ সাধাৰণ কথাবোৰো সাধাৰণ মানুহৰ বাবে কৌতুহলৰ বিষয় হৈ পৰে। চেলিব্ৰিটিৰ জীৱনে সকলোকে বৰকৈ আকৰ্ষণ কৰে।

বলীউডৰ মেগাষ্টাৰ বিগ বি অমিতাভ বচ্চন বৰ্তমান ৮০ বছৰীয়া হ'ল। এই ৮০ বছৰীয়া জীৱনকালত তেওঁ এতিয়াও ফিট এণ্ড ফাইন হৈ আছে। সেয়েহে অমিতাভ বচ্চনৰ জীৱনশৈলীৰ বিষয়ে জানিবলৈ বহু মানুহে আগ্ৰহ প্ৰকাশ কৰে। 

শেহতীয়াকৈ অমিতাভ বচ্চনে প্ৰকাশ কৰিছে যে তেওঁ কেনেদৰে খাদ্য গ্ৰহণ কৰে। যি খাদ্যই তেওঁক সপ্ৰতিভ কৰি ৰাখিছে। অমিতাভ বচ্চনে কয় যে তেওঁৰ পত্নী জয়া বচ্চনে মাছ খাই বৰ ভাল পায়। জয়া বঙালী পৰিয়ালৰ কন্যা। গতিকে তেওঁ মাছ খাই ভাল পোৱাটো স্বাভাৱিক কথা। অমিতাভ বচ্চনেও মাছ খাই ভাল পাইছিল কিন্তু এতিয়া তেওঁ মাছ খাবলৈ বাদ দিছে।

বলীউডৰ কিংবদন্তিগৰাকীয়ে নিজেই কৈছিল যে তেওঁ যৌৱন কালত সকলো খাইছিল। সেই তালিকাত মাছো আছিল। তেতিয়া মাছ খোৱাত তেওঁৰ কোনো আপত্তি নাছিল। কেৱল মাছেই নহয়, সকলো ধৰণৰ নন-ভেজ খাদ্য তেওঁৰ প্ৰিয় খাদ্যৰ তালিকাত আছিল। কিন্তু এতিয়া জয়া বচ্চনে মাছ বহুত ভালপালেও অমিতাভে নিজৰ খাদ্য তালিকাৰ পৰা সম্পূৰ্ণৰূপে মাছ বাদ দিছে। কিন্তু কিয়? সেই উত্তৰটো অমিতাভে নিজেই দিলে।

অমিতাভ বচ্চনৰ অনুষ্ঠান 'কৌন বনেগা কৌড়ৰপতি'ত এজন প্ৰতিযোগীয়ে অমিতাভ বচ্চনক মাছ খোৱাৰ কথা সুধিছিল। উত্তৰত ৮০ বছৰীয়া অমিতাভ বচ্চনে কয় যে তেওঁ যৌৱন কালত মাছ খাইছিল যদিও এতিয়া মাছ নাখায়। এতিয়া তেওঁ কোনো নন-ভেজ খাদ্য নাখায়। তেওঁ মিঠাই খোৱাও এৰি দিলে। ভাত খোৱাও এৰিলে। আনকি আন বহুতো প্ৰিয় খাদ্য অমিতাভে খাদ্য তালিকাৰ পৰা বাদ দিছে।

ৰাতিপুৱা উঠি কিছু তুলসীৰ পাতৰ সৈতে তেওঁ প্ৰটিনযুক্ত পানীয় খায়। মাছ, মাংস আৰু কণীৰ পৰা নিজকে তেওঁ বহুদিনৰ পৰা আঁতৰাই ৰাখিছে।  ইয়াৰ কাৰণটো হল তেওঁৰ বয়স।

অমিতাভ বচ্চনে কয় যে বয়সৰ বাবে তেওঁ এতিয়া ননভেজ খাদ্য নাখায়। বয়স বাঢ়ি অহাৰ লহে লগে তেওঁ সম্পূৰ্ণৰূপে নিৰামিষভোজী হৈ পৰিল। বিগ বিয়ে স্পষ্টকৈ কৈছে যে তেওঁ গোটেই দিনটো খুব জুখি-মাখি খাদ্য গ্ৰহণ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক