--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোষৰ অস্বাভাৱিক বৃদ্ধিয়েই  হৈছে কৰ্কট ৰোগৰ অন্যতম কাৰণ। শৰীৰৰ ওজন নিয়মীয়া তথা স্বাভাৱিক কৰি ৰখাৰ লগতে  কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ দৈনিক আহাৰত কিছুমান খাদ্য ৰাখিব পাৰে।

বিশ্বজুৰি কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০১৮ চনত দেশত কৰ্কট ৰোগীৰ সংখ্যা আছিল ২.৫  নিযুত। ২-২০  চনত  সেই সংখ্যা ৪.৯  নিযুতলৈ বৃদ্ধি পায় । বৰ্তমান সময়ত স্বাভাৱিকতে সেই সংখ্যা আৰু অধিক বৃদ্ধি পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে প্ৰতিদিনে প্ৰায় ১,৩০০ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।ছোৱালীৰ ক্ষেত্ৰত স্তনৰ কৰ্কট ৰোগ আৰু ল'ৰাৰ হাঁওফাঁওৰ কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়। 

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ মতে যদি এই হাৰত কৰ্কট ৰোগ বিয়পি থাকে তেন্তে পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত প্ৰতি  ঘৰত এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে। চিকিৎসকসকলে কয় যে অত্যধিক বাহিৰৰ খাদ্য, তেল-মচলাযুক্ত খাদ্য, অতিৰিক্ত চেনী আৰু ময়দা খোৱাৰ অভ্যাসেও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি প্ৰতিদিনে কিছুমান খাদ্য গ্ৰহণ কৰিব পাৰে৷ সেই খ্যদ্যসমূহ হৈছে -

ব্ৰকলি

এই পাচলিত যথেষ্ট ফাইটোকেমিকেল ছালফোৰাফেন থাকে। যি কৰ্কট কোষৰ সৈতে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰি  শেহতীয়াকৈ পুৰুষৰ প্ৰষ্টেট কৰ্কটৰোগৰ হাৰো বৃদ্ধি পাইছে। এই মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিবলৈ ব্ৰকলি দৈনিক খাদ্য তালিকাত  ৰাখিব লাগে। ব্ৰকলিয়ে স্তনৰ কৰ্কট ৰোগ আৰু মলাশয়ৰ কৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে।


বেৰিজ

শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ  বেৰীৰ দৰে ফল অতি উপকাৰী। বেৰীয়ে কৰ্কট ৰোগৰ  আশংকাও দূৰ কৰে৷ এই ফলত এণ্টিঅক্সিডেণ্টৰ দৰে বহুতো উপকাৰী উপাদান থাকে৷ যি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। গতিকে অন্যান্য ফলৰ সৈতে আপুনি বেৰীও খাব পাৰে।

আপেল

আপেল হৈছে পলিফেনলৰ এক সমৃদ্ধ উৎস। এই এণ্টিঅক্সিডেণ্টে শৰীৰৰ কৰ্কট ৰোগ সৃষ্টিকাৰী কোষবোৰ ধ্বংস কৰাত সহায় কৰে। ফলস্বৰূপে ই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক অস্ত্ৰ  হ'ব পাৰে। অৱশ্যে কেৱল কৰ্কট ৰোগেই নহয়  হৃদৰোগৰ আশংকা দূৰ কৰিবলৈও  প্ৰতিদিনে এটা আপেল খাওক।

আখৰোট

বহুলোকে প্ৰতিদিনে শুকান ফল খায়। কিন্তু আপুনি জানেনে আখৰোটে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। আখৰোটত চেলেনিয়াম থাকে যি প্ৰষ্টেট কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। এই মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ, দৈনিক আখৰোট খাদ্য তালিকাত ৰাখিব পাৰে৷ 

গাজৰ

গাজৰৰ অতি  উপকাৰী পাচলি । গাজৰত বহু উপকাৰী উপাদান থাকে, যি কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা হ্ৰাস কৰে। স্তনৰ কৰ্কট, মুখৰ কৰ্কট, মূত্ৰাশয়ৰ কৰ্কট - এই তিনিটা ৰোগৰ আশংকা নাইকিয়া কৰিবলৈ নিয়মীয়াকৈ গাজৰ খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু