--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোষৰ অস্বাভাৱিক বৃদ্ধিয়েই  হৈছে কৰ্কট ৰোগৰ অন্যতম কাৰণ। শৰীৰৰ ওজন নিয়মীয়া তথা স্বাভাৱিক কৰি ৰখাৰ লগতে  কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ দৈনিক আহাৰত কিছুমান খাদ্য ৰাখিব পাৰে।

বিশ্বজুৰি কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০১৮ চনত দেশত কৰ্কট ৰোগীৰ সংখ্যা আছিল ২.৫  নিযুত। ২-২০  চনত  সেই সংখ্যা ৪.৯  নিযুতলৈ বৃদ্ধি পায় । বৰ্তমান সময়ত স্বাভাৱিকতে সেই সংখ্যা আৰু অধিক বৃদ্ধি পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে প্ৰতিদিনে প্ৰায় ১,৩০০ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।ছোৱালীৰ ক্ষেত্ৰত স্তনৰ কৰ্কট ৰোগ আৰু ল'ৰাৰ হাঁওফাঁওৰ কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়। 

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ মতে যদি এই হাৰত কৰ্কট ৰোগ বিয়পি থাকে তেন্তে পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত প্ৰতি  ঘৰত এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে। চিকিৎসকসকলে কয় যে অত্যধিক বাহিৰৰ খাদ্য, তেল-মচলাযুক্ত খাদ্য, অতিৰিক্ত চেনী আৰু ময়দা খোৱাৰ অভ্যাসেও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি প্ৰতিদিনে কিছুমান খাদ্য গ্ৰহণ কৰিব পাৰে৷ সেই খ্যদ্যসমূহ হৈছে -

ব্ৰকলি

এই পাচলিত যথেষ্ট ফাইটোকেমিকেল ছালফোৰাফেন থাকে। যি কৰ্কট কোষৰ সৈতে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰি  শেহতীয়াকৈ পুৰুষৰ প্ৰষ্টেট কৰ্কটৰোগৰ হাৰো বৃদ্ধি পাইছে। এই মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিবলৈ ব্ৰকলি দৈনিক খাদ্য তালিকাত  ৰাখিব লাগে। ব্ৰকলিয়ে স্তনৰ কৰ্কট ৰোগ আৰু মলাশয়ৰ কৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে।


বেৰিজ

শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ  বেৰীৰ দৰে ফল অতি উপকাৰী। বেৰীয়ে কৰ্কট ৰোগৰ  আশংকাও দূৰ কৰে৷ এই ফলত এণ্টিঅক্সিডেণ্টৰ দৰে বহুতো উপকাৰী উপাদান থাকে৷ যি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। গতিকে অন্যান্য ফলৰ সৈতে আপুনি বেৰীও খাব পাৰে।

আপেল

আপেল হৈছে পলিফেনলৰ এক সমৃদ্ধ উৎস। এই এণ্টিঅক্সিডেণ্টে শৰীৰৰ কৰ্কট ৰোগ সৃষ্টিকাৰী কোষবোৰ ধ্বংস কৰাত সহায় কৰে। ফলস্বৰূপে ই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক অস্ত্ৰ  হ'ব পাৰে। অৱশ্যে কেৱল কৰ্কট ৰোগেই নহয়  হৃদৰোগৰ আশংকা দূৰ কৰিবলৈও  প্ৰতিদিনে এটা আপেল খাওক।

আখৰোট

বহুলোকে প্ৰতিদিনে শুকান ফল খায়। কিন্তু আপুনি জানেনে আখৰোটে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। আখৰোটত চেলেনিয়াম থাকে যি প্ৰষ্টেট কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। এই মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ, দৈনিক আখৰোট খাদ্য তালিকাত ৰাখিব পাৰে৷ 

গাজৰ

গাজৰৰ অতি  উপকাৰী পাচলি । গাজৰত বহু উপকাৰী উপাদান থাকে, যি কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা হ্ৰাস কৰে। স্তনৰ কৰ্কট, মুখৰ কৰ্কট, মূত্ৰাশয়ৰ কৰ্কট - এই তিনিটা ৰোগৰ আশংকা নাইকিয়া কৰিবলৈ নিয়মীয়াকৈ গাজৰ খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement