--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত স্বাস্থ্য আৰু ছাল উভয়ৰে বাবে ষ্ট্ৰবেৰী অতি উপকাৰী। ঠাণ্ডা বতৰত ষ্ট্ৰবেৰী সহজে পোৱা যায়। এই ফলত ভিটামিন চি, মেংগানিজ, ফ’লেট (ভিটামিন বি ৯) আৰু পটাছিয়াম আদি বহুতো পুষ্টিকৰ উপাদান থাকে। ষ্ট্ৰবেৰীত থকা এন্টিঅক্সিডেন্ট ছালৰ বাবে অতি উপকাৰী, কেৱল এইটোৱেই নহয়, ব্ৰণৰ বাবে এই ফল আৰু অধিক উপকাৰী। ষ্ট্ৰবেৰী বহু ঘৰুৱা ঔষধত ব্যৱহাৰ কৰি ছালখন আকৰ্ষণীয় কৰি তুলিব পাৰি।

১- ষ্ট্ৰবেৰী ফেচ মাস্কঃ ষ্ট্ৰবেৰী ফেচ মাস্ক মুখৰ বাবে উপকাৰী। ইয়াক বনাবলৈ ষ্ট্ৰবেৰী, মৌ আৰু অটছৰ প্ৰয়োজন হয়। মৌৱে প্ৰদাহ কমায় আৰু ব্ৰণ সৃষ্টিকাৰী বেক্টেৰিয়া নাইকিয়া কৰে। এইটো বনাবলৈ প্ৰথমে কিছুমান ষ্ট্ৰবেৰী গুড়ি কৰি পেষ্ট বনাব। ইয়াৰ পিছত অটচখিনি এক মিনিট ৰান্ধি ঠাণ্ডা কৰি মৌ আৰু ষ্ট্ৰবেৰীৰ লগত মিহলাই লওক। তাৰ পিছত ছালত লগাব। এই মাস্ক লগাই ১৫ মিনিট ৰাখিব। ই মুখত থকা মৃত কোষবোৰ আঁতৰাই পেলায়। ইয়াৰ ফলত মুখৰ জিলিকনি বৃদ্ধি পায়।

২- কল আৰু ষ্ট্ৰবেৰীঃ  মৌ এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট যিয়ে ছালৰ দূষিত পদাৰ্থ আঁতৰাই ব্ৰণৰ চিকিৎসা কৰে। মৌৱে প্ৰদাহ কমায় আৰু আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। ইয়াৰ বাবে কল আৰু ষ্ট্ৰবেৰী গুড়ি কৰি তাত আৰ্গান তেল দি মুখ আৰু ডিঙিত লগাওক। এতিয়া ২০ মিনিটৰ পিছত ধুব।

৩- ষ্ট্ৰবেৰী আইচ কিউবঃ বৰফৰ টুকুৰা হিচাপেও ষ্ট্ৰবেৰী ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে ষ্ট্ৰবেৰীখিনি পিহি পেষ্ট বনাই বৰফৰ ৰূপত ফ্ৰীজত থৈ দিব। শীতকালত ই আপোনাৰ ছালত ষ্ট্ৰবেৰীৰ দৰে গোলাপী ৰঙৰ টিণ্ট দিব। ষ্ট্ৰবেৰী বৰফৰ টুকুৰা ব্যৱহাৰ কৰিলে মুখৰ ব্ৰণ কম হয়। ইয়াৰ বাবে বৰফৰ টুকুৰা এটা কাপোৰেৰে মেৰিয়াই ব্ৰণ আক্ৰান্ত ঠাইত ৫-১০ মিনিট ঘঁহি লওক, আৰু তাৰ পিছত স্বাভাৱিক পানীৰে ধুব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু