--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুৱেই হৈছে মানুহৰ পৰিচয়। সেইবাবেই সকলোৱে আকৰ্ষণীয় চকু থকাটো বিচাৰে। কিন্তু বহুতৰে চকুৰ তলত ডাৰ্ক চাৰ্ক’লৰ সমস্যা হয়, যাৰ বাবে আপোনাৰ চকুৰ সৌন্দৰ্য্য হ্ৰাস পায়। এনে পৰিস্থিতিত আজি আমি আপোনালোকক ক'ম কলৰ বাকলিয়ে ডাৰ্ক চাৰ্ক’ল আঁতৰাবলৈ কেনেকৈ কাম কৰে। কলৰ বাকলিত ভাল পৰিমাণৰ পটাছিয়াম আৰু এণ্টি অক্সিডেণ্ট থাকে, যিয়ে চকুৰ তলৰ ডাৰ্ক চাৰ্ক’ল আৰু সংবেদনশীল ছাল হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হয়।

এটা কলৰ বাকলিত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই আৰু জিংকৰ দৰে গুণৰ ভঁৰাল থাকে, যিয়ে আপোনাৰ ছালখনক গভীৰভাৱে পুষ্টিকৰ কৰি ৰাখিব পাৰে। কেৱল এয়াই নহয়, কলৰ বাকলি ছালত কলাজেন বৃদ্ধি আৰু ৰক্ত সঞ্চালন উন্নত কৰাত উপযোগী, গতিকে ডাৰ্ক চাৰ্ক’লৰ বাবে কলৰ বাকলি কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানো আহক।

ডাৰ্ক চাৰ্ক’লৰ বাবে কলৰ বাকলি

১) ইয়াৰ বাবে প্ৰথমে কলৰ বাকলি লৈ ফ্ৰীজত ১৫ৰ পৰা ২০ মিনিটমান ৰাখিব লাগে। তাৰপাছত ফ্ৰীজৰ পৰা উলিয়াই চকুৰ তলত লগাব। তাৰ পিছত এই বাকলি চকুৰ তলত ১৫ মিনিটমান ৰাখক। ইয়াৰ পিছত পানীৰে মুখখন ধুই পৰিষ্কাৰ কৰক। যদি আপুনি এনেকৈ সপ্তাহত ২ৰ পৰা ৩ বাৰ কৰে, তেন্তে ইয়াৰ পৰা আপুনি ভাল ফলাফল পাব।

২) ইয়াৰ বাবে প্ৰথমে কলৰ বাকলিখিনি পিহি বা সৰু সৰুকৈ কাটি লওক। তাৰ পিছত কলৰ পেষ্টত এলোভেৰা জেল দি মিহলাই লওক। ইয়াৰ পিছত প্ৰস্তুত কৰা পেষ্টখিনি ডাঠ তৰপত চকুৰ তলত লগাব। তাৰপিছত আপুনি অলপ পিছত মুখখন ধুব। 

৩) ইয়াৰ বাবে প্ৰথমে কলৰ বাকলিখিনি পিহি লওক। তাৰ পিছত এই পেষ্টত প্ৰায় ২-৩ টোপাল নেমুৰ ৰস আৰু মৌ মিহলাই লওক। তাৰ পিছত প্ৰস্তুত কৰা পেষ্টখিনি চকুৰ তলত লগাব। আপুনি প্ৰায় ৮ৰ পৰা ১০ মিনিটমান লগাব। তাৰপাছত আপুনি চকু ধুই লাহে লাহে চকু দুটা পৰিষ্কাৰ কৰক। ইয়াৰ ফলত ছালত পৰ্যাপ্ত আৰ্দ্ৰতা আহিব আৰু ডাৰ্ক চাৰ্ক’ল কমোৱাত সহায়ক হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...