--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’লা ছাল, ঘন চেলাউৰি আৰু হাঁহিভৰা মুখ! নবৈ দশকত বলীউডত কাজলক এনেদৰেই দেখা গৈছিল। আৰম্ভণিৰে পৰাই কাজলৰ এই ৰূপত পাগল হৈছিল অনেক৷ তাৰ ধূসৰ চকুৰ চাৱনিত দৰ্শক মোহিত হৈ পৰিছিল। কিন্তু তাৰ পিছত হঠাৎ সলনি হ’ব ধৰিল মোহময়ী অভিনেত্ৰীগৰাকী। সেই কাজল আৰু এতিয়াৰ কাজলৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ক'ত গ’ল সেই ক’লা ৰং? কেনেকৈ বগা হ’ল কাজল? এই লৈ চৰ্চাৰ অন্ত নাই। অৱশেষত কাজলে নিজে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শেহতীয়াকৈ তেওঁ এখন ছবি পোষ্ট কৰিছিল। দেখা যায় যে মুখখন ক’লা মাস্কেৰে ঢাকি থোৱা আছে। মাস্কৰ ওপৰতে ছানগ্লাছ পিন্ধি আছে অভিনেত্ৰীগৰাকীয়ে। পিন্ধনত নীলা ৰঙৰ টি-চাৰ্ট। এখন দোকানৰ ভিতৰত তোলা ফটোখনত কাজলে লিখিছে- “প্ৰতিদিনে সুধি থকাসকলৰ বাবে মই ইমান পৰিস্কাৰ কেনেকৈ হ’লোঁ। এইদৰে হ’লো।’’

অভিনেত্ৰীগৰাকীয়ে বুজাব বিচাৰিছে যে এতিয়া তেওঁ ৰ’দৰ পৰা মুখ ঢাকি থাকে, গতিকে ছালখন সুৰক্ষিত। আগতে তেওঁ অসাৱধানতাৰে ৰ’দত ঘূৰি ফুৰিছিল, গতিকে ছালখন ক’লা হৈ পৰিছিল। আচলতে ধেমেলীয়াকৈয়ে তেওঁ এই ছৱি প’ষ্ট কৰিছে।

১৯৯৮ চনত যেতিয়া ‘কুচ কুচ হোতা হায়’ ছবিত অভিনয় কৰিছিল তেতিয়াও তেওঁৰ ৰং আছিল ক’লা। কিন্তু ২০০৬ চনৰ ‘ফানা’ত দেখা গৈছিল যে কাজলৰ ৰং বহু সলনি হৈছে। তাৰপাছৰ পৰাই অভিনেত্ৰীগৰাকীৰ ছালৰ ৰঙক লৈ ব্যস্ত হৈ পৰিছিল চিত্ৰপ্ৰেমীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু