--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’লা ছাল, ঘন চেলাউৰি আৰু হাঁহিভৰা মুখ! নবৈ দশকত বলীউডত কাজলক এনেদৰেই দেখা গৈছিল। আৰম্ভণিৰে পৰাই কাজলৰ এই ৰূপত পাগল হৈছিল অনেক৷ তাৰ ধূসৰ চকুৰ চাৱনিত দৰ্শক মোহিত হৈ পৰিছিল। কিন্তু তাৰ পিছত হঠাৎ সলনি হ’ব ধৰিল মোহময়ী অভিনেত্ৰীগৰাকী। সেই কাজল আৰু এতিয়াৰ কাজলৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ক'ত গ’ল সেই ক’লা ৰং? কেনেকৈ বগা হ’ল কাজল? এই লৈ চৰ্চাৰ অন্ত নাই। অৱশেষত কাজলে নিজে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শেহতীয়াকৈ তেওঁ এখন ছবি পোষ্ট কৰিছিল। দেখা যায় যে মুখখন ক’লা মাস্কেৰে ঢাকি থোৱা আছে। মাস্কৰ ওপৰতে ছানগ্লাছ পিন্ধি আছে অভিনেত্ৰীগৰাকীয়ে। পিন্ধনত নীলা ৰঙৰ টি-চাৰ্ট। এখন দোকানৰ ভিতৰত তোলা ফটোখনত কাজলে লিখিছে- “প্ৰতিদিনে সুধি থকাসকলৰ বাবে মই ইমান পৰিস্কাৰ কেনেকৈ হ’লোঁ। এইদৰে হ’লো।’’

অভিনেত্ৰীগৰাকীয়ে বুজাব বিচাৰিছে যে এতিয়া তেওঁ ৰ’দৰ পৰা মুখ ঢাকি থাকে, গতিকে ছালখন সুৰক্ষিত। আগতে তেওঁ অসাৱধানতাৰে ৰ’দত ঘূৰি ফুৰিছিল, গতিকে ছালখন ক’লা হৈ পৰিছিল। আচলতে ধেমেলীয়াকৈয়ে তেওঁ এই ছৱি প’ষ্ট কৰিছে।

১৯৯৮ চনত যেতিয়া ‘কুচ কুচ হোতা হায়’ ছবিত অভিনয় কৰিছিল তেতিয়াও তেওঁৰ ৰং আছিল ক’লা। কিন্তু ২০০৬ চনৰ ‘ফানা’ত দেখা গৈছিল যে কাজলৰ ৰং বহু সলনি হৈছে। তাৰপাছৰ পৰাই অভিনেত্ৰীগৰাকীৰ ছালৰ ৰঙক লৈ ব্যস্ত হৈ পৰিছিল চিত্ৰপ্ৰেমীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক