--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট প্ৰায়ে বিতৰ্কত থাকে। নিজৰ বক্তব্যৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে কংগনাই। শেহতীয়াকৈ কংগনাই আমিৰ খানৰ বিষয়ে টুইট কৰিছিল। নিজৰ টুইটত কংগনাই আমিৰক বেচেৰা বুলি আখ্যা দিছে। আমিৰ খানক শেহতীয়াকৈ এটা প্ৰশ্ন কৰা হৈছিল যে লেখিকা শোভা দেৰ চৰিত্ৰত কোনগৰাকী অভিনেত্ৰী নিখুঁত হ’ব? সেই উত্তৰত আমিৰে উদ্যোগটোৰ বহু অভিনেত্ৰীৰ নাম লৈছিল, য’ত দীপিকা পাডুকন, প্ৰিয়ংকা চোপ্ৰা আৰু আলিয়া ভাটৰ নামো আছিল। 

আমিৰ খানে কয় যে এই অভিনেত্ৰীসকলে এই চৰিত্ৰটোত অতি ভালকৈ অভিনয় কৰিব পাৰিব। কিন্তু ইয়াৰ মাজতে শোভা দেই আমিৰক ৰখাই কয় যে আপুনি কংগনা ৰাণাৱট নামৰ অভিনেত্ৰী এগৰাকীৰ নাম ক’বলৈ পাহৰি গৈছে। আমিৰে শোভাৰ কথাত সন্মতি দি কয় যে কংগনা এগৰাকী মহান অভিনেত্ৰী আৰু তেঁৱো এই চৰিত্ৰটোত বহুত ভালকৈ অভিনয় কৰিব পাৰিব।

আমিৰৰ এই ভিডিঅ’টো টুইট কৰি কংগনাই লিখিছে ‘বেচেৰা’। অভিনেত্ৰীগৰাকীয়ে লিখিছে যে ‘‘বেচেৰা আমিৰ খান... হা হা, আপুনি যৎপৰোনাস্তি চেষ্টা কৰিলে যে মই তিনিবাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছো বুলি আপুনি যেন গমেই নাপায়। আপুনি উল্লেখ কৰা অভিনেত্ৰীসকলৰ ভিতৰত কোনো এগৰাকীয়েই পোৱা নাই। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে শোভা দেক ধন্যবাদ জনাই লিখিলে যে শোভা জী আপোনাৰ চৰিত্ৰত অভিনয় কৰিবলৈ মই ভাল পাম।’’

কংগনাই আৰু লিখিছে যে শোভা জী আৰু মোৰ ৰাজনৈতিক দৃষ্টিভংগীৰ মিল নাথাকিবও পাৰে, কিন্তু মোৰ কষ্ট, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰশংসা কৰাৰ পৰা তেওঁ বিৰত নাথাকে। কংগনাই লগতে তেওঁক নতুন গ্ৰন্থখনৰ বাবে শুভকামনা জনায়। কংগনাই লগতে কয় যে মোৰ হাতত চাৰিটা ৰাষ্ট্ৰীয় বঁটা আৰু এটা পদ্মশ্ৰী বঁটা আছে। অৱশ্যে মোৰ লগত কিমান বঁটা আছে সেই কথা মই মনত পেলাব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হ'ব কাজিৰঙা, উত্তৰ-পূবৰ ৮ স্থানক লৈ ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘোষণা
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি