--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট প্ৰায়ে বিতৰ্কত থাকে। নিজৰ বক্তব্যৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে কংগনাই। শেহতীয়াকৈ কংগনাই আমিৰ খানৰ বিষয়ে টুইট কৰিছিল। নিজৰ টুইটত কংগনাই আমিৰক বেচেৰা বুলি আখ্যা দিছে। আমিৰ খানক শেহতীয়াকৈ এটা প্ৰশ্ন কৰা হৈছিল যে লেখিকা শোভা দেৰ চৰিত্ৰত কোনগৰাকী অভিনেত্ৰী নিখুঁত হ’ব? সেই উত্তৰত আমিৰে উদ্যোগটোৰ বহু অভিনেত্ৰীৰ নাম লৈছিল, য’ত দীপিকা পাডুকন, প্ৰিয়ংকা চোপ্ৰা আৰু আলিয়া ভাটৰ নামো আছিল। 

আমিৰ খানে কয় যে এই অভিনেত্ৰীসকলে এই চৰিত্ৰটোত অতি ভালকৈ অভিনয় কৰিব পাৰিব। কিন্তু ইয়াৰ মাজতে শোভা দেই আমিৰক ৰখাই কয় যে আপুনি কংগনা ৰাণাৱট নামৰ অভিনেত্ৰী এগৰাকীৰ নাম ক’বলৈ পাহৰি গৈছে। আমিৰে শোভাৰ কথাত সন্মতি দি কয় যে কংগনা এগৰাকী মহান অভিনেত্ৰী আৰু তেঁৱো এই চৰিত্ৰটোত বহুত ভালকৈ অভিনয় কৰিব পাৰিব।

আমিৰৰ এই ভিডিঅ’টো টুইট কৰি কংগনাই লিখিছে ‘বেচেৰা’। অভিনেত্ৰীগৰাকীয়ে লিখিছে যে ‘‘বেচেৰা আমিৰ খান... হা হা, আপুনি যৎপৰোনাস্তি চেষ্টা কৰিলে যে মই তিনিবাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছো বুলি আপুনি যেন গমেই নাপায়। আপুনি উল্লেখ কৰা অভিনেত্ৰীসকলৰ ভিতৰত কোনো এগৰাকীয়েই পোৱা নাই। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে শোভা দেক ধন্যবাদ জনাই লিখিলে যে শোভা জী আপোনাৰ চৰিত্ৰত অভিনয় কৰিবলৈ মই ভাল পাম।’’

কংগনাই আৰু লিখিছে যে শোভা জী আৰু মোৰ ৰাজনৈতিক দৃষ্টিভংগীৰ মিল নাথাকিবও পাৰে, কিন্তু মোৰ কষ্ট, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰশংসা কৰাৰ পৰা তেওঁ বিৰত নাথাকে। কংগনাই লগতে তেওঁক নতুন গ্ৰন্থখনৰ বাবে শুভকামনা জনায়। কংগনাই লগতে কয় যে মোৰ হাতত চাৰিটা ৰাষ্ট্ৰীয় বঁটা আৰু এটা পদ্মশ্ৰী বঁটা আছে। অৱশ্যে মোৰ লগত কিমান বঁটা আছে সেই কথা মই মনত পেলাব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক