--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমৰান হাছমী বলীউড জগতৰ অন্যতম জনপ্ৰিয় ব’ল্ড অভিনেতা। কেমেৰাৰ সন্মুখত একাধিক ব’ল্ড দৃশ্যত একাধিকবাৰ চুম্বন কৰা দেখা গৈছে এইগৰাকী অভিনেতাক। আৰম্ভণিৰে পৰাই তেওঁক কেমেৰাৰ সন্মুখত ডাঙৰ পৰ্দাত এনে ধৰণৰ বহুতো ব’ল্ড দৃশ্যত দেখিবলৈ পোৱা গৈছে। ৰূপালী পৰ্দাত দেখা মাত্ৰই উচ্ছসিত হৈ পৰে তেওঁৰ অনুৰাগী। 

শেহতীয়াকৈ, এটা পুৰণি ঘটনাৰ বাবেই পুনৰ চৰ্চিত হৈ পৰিছে ইমৰাম হাছমী। বলীউডৰ অভিনেতাসকলে টকাৰ বাবে কেমেৰাৰ সন্মুখত যিকোনো কাম কৰিব পাৰে বুলি প্ৰবাদ আছে। লাইট-কেমেৰা-একচন অন হোৱাৰ লগে লগে হেজাৰ আপত্তি থকা স্বত্বেও শ্বট সম্পূৰ্ণ কৰাটো একপ্ৰকাৰ বাধ্যতামূলক। এবাৰ এগৰাকী অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ সহ্য কৰি কেমেৰাৰ সন্মুখত চুম্বন কৰিবলগীয়া হৈছিল ইমৰান হাছমীয়ে। ডাঙৰ ডাঙৰ স্পটলাইট আৰু কেমেৰাৰ সন্মুখত পিছুৱাই আহিব নোৱাৰিলে ইমৰান হাছমীয়ে। তেনে এক অস্থিৰ পৰিস্থিতিতে অভিনেতাজনে সেই দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিব লগা হৈছিল।

অৱশ্যে, কোৱা হয় যে ইমৰান হাছমী আৰু চুম্বন ইটো আনটোৰ পৰিপূৰক। বলীউডত সৰ্বশ্ৰেষ্ঠ অন-কেমেৰা কিচাৰ হিচাপেও নাম আছে ইমৰানৰ। মল্লিকা শেৰাৱতৰ সৈতে অভিনেতাজনৰ যুটি সবাটোকৈ হিট বুলিও আছে প্ৰচলিত প্ৰবাদ। 'ভিগে হোঠ টেৰে'ৰ দৰে গীতে আজিও ৰোমাঞ্চিত কৰি তোলে দৰ্শকক।

কিন্তু বলীউডৰ এই সৰ্বশ্ৰেষ্ঠ কিছাৰ জনে এবাৰ এগৰাকী অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ সহ্য কৰি কেমেৰাৰ সন্মুখত চুম্বন কৰিবলৈ বাধ্য হোৱা ঘটনা পোহৰলৈ অহাৰ পাছতে সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত হৈ পৰিছিল। অৱশ্যে, একাধিক সাক্ষাৎকাৰত অভিনেতাজনক এই ঘটনাটোৰ  বিষয়ে সোধা হৈছিল, সোধা হৈছিল অভিনেত্ৰীগৰাকীৰ বিষয়েও। কিন্তু অভিনেত্ৰীগৰাকীৰ নাম প্ৰকাশৰ পৰা বিৰত আছিল তেওঁ। অভিনেতাজনে এই নামটো আজিও গোপন ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ