--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুক্মিণী দেৱী কলেজ অৱ ফাইন আৰ্টছৰ ছাত্ৰ-ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ কিছুদিন পিছতে শুকুৰবাৰে তামিলনাডু আৰক্ষীয়ে কলাক্ষেত্ৰৰ সহকাৰী অধ্যাপক হৰি পদ্মনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

অধ্যাপকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত কেম্পাছত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে মহাবিদ্যালয় কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে।

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৰি পদ্মনৰ বিৰুদ্ধে আই পি চিৰ ৩৫৪এ (যৌন নিৰ্যাতন), ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। মহিলা হাৰাশাস্তি আইনৰ সংশ্লিষ্ট ধাৰাতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷

হৰি পদ্মনৰ লগতে আন তিনিগৰাকী অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা কলাক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে সাময়িকভাৱে স্থগিত ৰাখিছে প্ৰতিবাদ।

ইয়াৰ এদিন পূৰ্বে বৃহস্পতিবাৰে হৰি পদ্মন বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হোৱাৰ পিছতে শিক্ষা প্ৰতিষ্ঠানটোৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে প্ৰতিবাদ পঞ্জীয়ন কৰাৰ প্ৰয়াসত কলাক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থনা সভা বৰ্জন কৰিছিল।

ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা হাৰাশাস্তিকাৰীসকলক নিলম্বন কৰাৰ লগতে কেম্পাছৰ নিৰাপদ পৰিৱেশৰ দাবী জনাই নিজৰ অভিজ্ঞতা বিনা ভয়তে ভাগ-বতৰা কৰিবলৈ আন্দোলনত নামি পৰে৷

প্ৰতিবাদৰ পিছতে ৬ এপ্ৰিললৈকে কলেজ বন্ধ থাকিব বুলি সিদ্ধান্ত লোৱা হয়।লগতে মহাবিদ্যালয় প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ছাত্ৰ-ছাত্ৰীক হোষ্টেল খালী কৰিবলৈও আহ্বান জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত