--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুক্মিণী দেৱী কলেজ অৱ ফাইন আৰ্টছৰ ছাত্ৰ-ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ কিছুদিন পিছতে শুকুৰবাৰে তামিলনাডু আৰক্ষীয়ে কলাক্ষেত্ৰৰ সহকাৰী অধ্যাপক হৰি পদ্মনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

অধ্যাপকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত কেম্পাছত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে মহাবিদ্যালয় কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে।

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৰি পদ্মনৰ বিৰুদ্ধে আই পি চিৰ ৩৫৪এ (যৌন নিৰ্যাতন), ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। মহিলা হাৰাশাস্তি আইনৰ সংশ্লিষ্ট ধাৰাতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷

হৰি পদ্মনৰ লগতে আন তিনিগৰাকী অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা কলাক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে সাময়িকভাৱে স্থগিত ৰাখিছে প্ৰতিবাদ।

ইয়াৰ এদিন পূৰ্বে বৃহস্পতিবাৰে হৰি পদ্মন বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হোৱাৰ পিছতে শিক্ষা প্ৰতিষ্ঠানটোৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে প্ৰতিবাদ পঞ্জীয়ন কৰাৰ প্ৰয়াসত কলাক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থনা সভা বৰ্জন কৰিছিল।

ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা হাৰাশাস্তিকাৰীসকলক নিলম্বন কৰাৰ লগতে কেম্পাছৰ নিৰাপদ পৰিৱেশৰ দাবী জনাই নিজৰ অভিজ্ঞতা বিনা ভয়তে ভাগ-বতৰা কৰিবলৈ আন্দোলনত নামি পৰে৷

প্ৰতিবাদৰ পিছতে ৬ এপ্ৰিললৈকে কলেজ বন্ধ থাকিব বুলি সিদ্ধান্ত লোৱা হয়।লগতে মহাবিদ্যালয় প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ছাত্ৰ-ছাত্ৰীক হোষ্টেল খালী কৰিবলৈও আহ্বান জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?