--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন  নিম্ন আদালতে এজন ব্যক্তিৰ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত ভৰণপোষণৰ বাবে তেওঁৰ পত্নীক প্ৰতি মাহে ৫,০০০ টকাকৈ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল । সোকজনে নিম্ন আদালতৰ  আদেশটোক প্ৰত্যাহ্বান জনাই পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে গোচৰটো সন্দৰ্ভত স্পষ্ট কৰি দিছে যে স্বামীয়ে যি কামেই নকৰক কিয়, বিবাহ বিচ্ছেদৰ পিছত পত্নীৰ ভৰণপোষণৰ দায়িত্ব গ্ৰহণ কৰিবই লাগিব। 

স্বামীয়ে যদি পেছা হিচাবে ভিক্ষাও কৰে তথাপি পত্নীৰ ভৰণপোষণৰ দায়িত্ব ল’বই লাগিব বুলি আদালতে কয়।আদালতে  কয় "স্বামীয়ে তেওঁৰ পত্নীৰ ভৰণপোষণৰ দায়িত্ব গ্ৰহণ কৰাটো  আদৰ্শগত দায়িত্ব, আনকি স্বামীয়ে পেছাদাৰীভাৱে ভিক্ষা কৰিলেও সেই দায়িত্ব পালন কৰিব লাগিব" । উল্লেখ্য আবেদনকাৰীৰ পত্নীয়ে হিন্দু বিবাহ আইনৰ ধাৰা ২৪ ৰ অধীনত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল। নিম্ন আদালতত দাখিল কৰা আবেদনত তেওঁ তেওঁৰ স্বামীৰ পৰা প্ৰতি মাহে ১৫,০০০ টকা দাবী কৰিছিল।  আদালতে তেতিয়া কৈছিল যে মহিলাগৰাকীৰ স্বামীয়ে   তেওঁৰ পত্নীক প্ৰতি মাহে ধন  পৰিশোধ কৰিব লাগিব। আদালতে স্বামীক প্ৰতিটো শুনানিৰ বাবে তেওঁৰ পত্নীক ৫০০ টকা পৰিশোধ কৰিবলৈও নিৰ্দেশ দিছিল। 

ইফালে, মহিলাগৰাকীৰ স্বামীয়ে আদেশটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। আদালতে কয়  যে এই ক্ষেত্ৰত, স্বামীয়ে প্ৰমাণ কৰিব নোৱাৰিলে যে তেওঁৰ পত্নীয়ে ক'ৰ পৰা কিমান টকা উপাৰ্জন কৰে। ফলস্বৰূপে পত্নীৰ উপাৰ্জনৰ কোনো উৎস নাই বুলি ধৰি লোৱা হৈছে। তেনে ক্ষেত্ৰত যদি স্বামীয়ে ভিক্ষাও কৰি জীৱিকা  অৰ্জন কৰে, তথাপি  পত্নীৰ ভৰণপোষণৰ খৰচ বহন কৰিব লাগিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?