--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন  নিম্ন আদালতে এজন ব্যক্তিৰ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত ভৰণপোষণৰ বাবে তেওঁৰ পত্নীক প্ৰতি মাহে ৫,০০০ টকাকৈ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল । সোকজনে নিম্ন আদালতৰ  আদেশটোক প্ৰত্যাহ্বান জনাই পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে গোচৰটো সন্দৰ্ভত স্পষ্ট কৰি দিছে যে স্বামীয়ে যি কামেই নকৰক কিয়, বিবাহ বিচ্ছেদৰ পিছত পত্নীৰ ভৰণপোষণৰ দায়িত্ব গ্ৰহণ কৰিবই লাগিব। 

স্বামীয়ে যদি পেছা হিচাবে ভিক্ষাও কৰে তথাপি পত্নীৰ ভৰণপোষণৰ দায়িত্ব ল’বই লাগিব বুলি আদালতে কয়।আদালতে  কয় "স্বামীয়ে তেওঁৰ পত্নীৰ ভৰণপোষণৰ দায়িত্ব গ্ৰহণ কৰাটো  আদৰ্শগত দায়িত্ব, আনকি স্বামীয়ে পেছাদাৰীভাৱে ভিক্ষা কৰিলেও সেই দায়িত্ব পালন কৰিব লাগিব" । উল্লেখ্য আবেদনকাৰীৰ পত্নীয়ে হিন্দু বিবাহ আইনৰ ধাৰা ২৪ ৰ অধীনত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল। নিম্ন আদালতত দাখিল কৰা আবেদনত তেওঁ তেওঁৰ স্বামীৰ পৰা প্ৰতি মাহে ১৫,০০০ টকা দাবী কৰিছিল।  আদালতে তেতিয়া কৈছিল যে মহিলাগৰাকীৰ স্বামীয়ে   তেওঁৰ পত্নীক প্ৰতি মাহে ধন  পৰিশোধ কৰিব লাগিব। আদালতে স্বামীক প্ৰতিটো শুনানিৰ বাবে তেওঁৰ পত্নীক ৫০০ টকা পৰিশোধ কৰিবলৈও নিৰ্দেশ দিছিল। 

ইফালে, মহিলাগৰাকীৰ স্বামীয়ে আদেশটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। আদালতে কয়  যে এই ক্ষেত্ৰত, স্বামীয়ে প্ৰমাণ কৰিব নোৱাৰিলে যে তেওঁৰ পত্নীয়ে ক'ৰ পৰা কিমান টকা উপাৰ্জন কৰে। ফলস্বৰূপে পত্নীৰ উপাৰ্জনৰ কোনো উৎস নাই বুলি ধৰি লোৱা হৈছে। তেনে ক্ষেত্ৰত যদি স্বামীয়ে ভিক্ষাও কৰি জীৱিকা  অৰ্জন কৰে, তথাপি  পত্নীৰ ভৰণপোষণৰ খৰচ বহন কৰিব লাগিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত