--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ দিবাইৰ চৰকাৰী পলিটেকনিক মহাবিদ্যালয়ৰ হোষ্টেলত ৰন্ধা-বঢ়াৰ কাম কৰি থকাৰ সময়ত চিলিণ্ডাৰৰ এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত ১৩ জন ছাত্ৰ আৰু ১২ জন কৰ্মচাৰী আহত হয়। হোষ্টেলৰ পাকঘৰৰ পৰা চিঞৰ-বাখৰৰ শব্দ শুনি হোষ্টেলৰ অন্য কৰ্মচাৰীসকল ঘটনাস্থলীলৈ দৌৰি আহিছিল। সকলো বস্তু পাকঘৰত সিঁচৰতি হৈ আছিল। গেছ চিলিণ্ডাৰটো উৰি গৈছিল। জুইত দগ্ধ হোৱা ছাত্ৰ আৰু কৰ্মচাৰীসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। সোমবাৰে পুৱা প্ৰায় ৯ বজাত দিবাইৰ চৰকাৰী পলিটেকনিক মহাবিদ্যালয়ৰ হোষ্টেলত খাদ্য ৰান্ধি থকাৰ সময়ত এটা পাঁচ লিটাৰ গেছ চিলিণ্ডাৰ আৰু এটা বাণিজ্যিক চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত সেই সময়ত তাত উপস্থিত থকা ১৩ জন ছাত্ৰ আৰু ১২ জন কৰ্মচাৰী বেয়াকৈ জ্বলি গৈছিল। ঘটনাস্থলীলৈ দৌৰি যোৱা অন্য লোকসকলে আহতসকলক চিকিৎসালয়লৈ লৈ গৈছিল। কেইজনমানৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে। কেওজনকে চিকিৎসাৰ বাবে আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটোৰ পাছত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আৰু পঢ়কঃ হাতত মাতৃৰ চিঠি, মুখত হাঁহি! ইউক্ৰেইনৰ পৰা অকলে শ্লোভাকিয়াত উপস্থিত সাহসী শিশু

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব