--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেজীয়া ছাত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল এবিভিপিৰ এজন নেতা। কৰ্ণাটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এবিভিপিৰ নেতাজন হৈছে  প্ৰতীক  গৌড়া। তেওঁৰ  বিৰুদ্ধে ছাত্ৰীৰ আপত্তিজনক ভিডিঅ' তোলা  আৰু সেইবোৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।প্ৰতীক গৌড়া শিৱমোগা জিলাৰ তীৰ্থহাল্লিৰ বাসিন্দা। 

তেওঁ এবিভিপিৰ শীৰ্ষ পদবীত অধিস্থিত হৈ আছে বুলি জানিব পৰা গৈছে।  শেহতীয়াকৈ একাংশ লোকে এবিভিপিৰ নেতা জনৰ  বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল । অভিযোগ অনুসৰি প্ৰতীকে গোপনে কলেজীয়া ছাত্ৰীৰ  আপত্তিজনক ভিডিঅ'  ৰেকৰ্ড কৰিছিল   আৰু সেইবোৰ ভাইৰেল কৰিছিল। তেনে এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে হৈ-চৈ লাগে। 

আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত  এবিভিপিৰ নেতাজনক গ্ৰেপ্তাৰ কৰে।  আদালতত হাজিৰ কৰোৱাৰ পিছত নেতাজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। শিৱমোগাৰ আৰক্ষী অধীক্ষক জি কে মিথুন কুমাৰে কয়, "আমি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছো। অভিযুক্তৰ বিৰুদ্ধে আৰু বহু অভিযোগ পাই আছো।  ''

নেতাজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এবিভিপিয়ে  প্ৰতীকক সংগঠনটোৰ সকলো পদৰ পৰা অব্যাহতি দিয়া হৈছে । এবিভিপিয়ে আৰক্ষীক আইন অনুসৰি প্ৰতীকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। এবিভিপিয়ে সংগঠনটোৰ নাম ব্যৱহাৰ কৰি এনে ধৰণৰ কাৰ্য্যত জড়িত হোৱা বাবে উদ্বেগ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ