--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেজীয়া ছাত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল এবিভিপিৰ এজন নেতা। কৰ্ণাটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এবিভিপিৰ নেতাজন হৈছে  প্ৰতীক  গৌড়া। তেওঁৰ  বিৰুদ্ধে ছাত্ৰীৰ আপত্তিজনক ভিডিঅ' তোলা  আৰু সেইবোৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।প্ৰতীক গৌড়া শিৱমোগা জিলাৰ তীৰ্থহাল্লিৰ বাসিন্দা। 

তেওঁ এবিভিপিৰ শীৰ্ষ পদবীত অধিস্থিত হৈ আছে বুলি জানিব পৰা গৈছে।  শেহতীয়াকৈ একাংশ লোকে এবিভিপিৰ নেতা জনৰ  বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল । অভিযোগ অনুসৰি প্ৰতীকে গোপনে কলেজীয়া ছাত্ৰীৰ  আপত্তিজনক ভিডিঅ'  ৰেকৰ্ড কৰিছিল   আৰু সেইবোৰ ভাইৰেল কৰিছিল। তেনে এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে হৈ-চৈ লাগে। 

আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত  এবিভিপিৰ নেতাজনক গ্ৰেপ্তাৰ কৰে।  আদালতত হাজিৰ কৰোৱাৰ পিছত নেতাজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। শিৱমোগাৰ আৰক্ষী অধীক্ষক জি কে মিথুন কুমাৰে কয়, "আমি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছো। অভিযুক্তৰ বিৰুদ্ধে আৰু বহু অভিযোগ পাই আছো।  ''

নেতাজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এবিভিপিয়ে  প্ৰতীকক সংগঠনটোৰ সকলো পদৰ পৰা অব্যাহতি দিয়া হৈছে । এবিভিপিয়ে আৰক্ষীক আইন অনুসৰি প্ৰতীকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। এবিভিপিয়ে সংগঠনটোৰ নাম ব্যৱহাৰ কৰি এনে ধৰণৰ কাৰ্য্যত জড়িত হোৱা বাবে উদ্বেগ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস