--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৈশৱ এনেকুৱা এটা কাল য'ত আমি কোনো চিন্তা নকৰাকৈ জীৱনৰ আনন্দ লওঁ। শৈশৱেই এনেকুৱা এটা কাল যেতিয়া আমি কোনো দায়িত্ব আৰু কাম তথা সময়কলৈ চিন্তিত নহয়।

শৈশৱ কালে আমাক কোনো হেঁচা নোহোৱাকৈ জীৱনটো জীয়াই থকাৰ স্বাধীনতা দিয়ে। আমি ডাঙৰ হওঁ কিন্তু শৈশৱ কালৰ স্মৃতিয়ে আমাৰ কেতিয়াও পাছ নেৰে। শেহতীয়াকৈ এটি ছবছৰীয়া শিশুৰ টাইম টেবুল ভাইৰেল হৈ পৰিছে। 

টাইম টেবুলখনত ৬ বছৰীয়া ল'ৰাটোৱে দৈনন্দিন কাম-কাজ পৰিপাটিকৈ এটা সময়সূচীত শ্ৰেণীভুক্ত কৰিছে। দিনটোৰ সময়খিনি অতি আকৰ্ষণীয়ভাৱে পৰিচালনা কৰিছে শিশুটোৱে। এই সময়সূচীৰ বিভিন্ন অংশ আৰু ইয়াৰ নিৰ্ধাৰিত সময়বোৰ দেখি আপোনাৰ মুখত হাঁহি ফুটি উঠিব।


এই ভাইৰেল টাইম টেবুলত পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে। এই শিশুটিৰ টাইম টেবুলত আম খাবলৈ আৰু গাড়ীৰ লগত খেলিবলৈও সময় নিৰ্ধাৰণ কৰা হৈছে।

৩ ঘণ্টা ফাইটিং কৰিবলৈ আৰু ১৫ মিনিট পঢ়িবলৈ সময় নিৰ্ধাৰণ কৰিছে শিশুটিৱে। অতি আমোদজনক কথাটো হ’ল ইয়াত ফাইটিঙৰ সময় তিনি ঘণ্টা আৰু অধ্যয়নৰ বাবে মাত্ৰ ১৫ মিনিট সময় নিৰ্ধাৰণ কৰা হৈছে।

ছ’চিয়েল মিডিয়া টুইটাৰত এই পোষ্টটো ভাইৰেল হৈ পৰিছে। বহুত কমেন্ট আৰু ৰিয়েকচনৰ সৈতে ভাইৰেল হৈ আছে শিশুটিৰ টাইম টেবল।

এই কণমানি শিশুটিৰ টাইম টেবুল দেখি মানুহে হাঁহি ৰখাব পৰা নাই। কিছুমানে নিজৰ শৈশৱৰ স্মৃতিবোৰ কমেন্টত শ্বেয়াৰ কৰিছিল, আন কিছুমানে কৈছিল যে কেনেকৈ তেওঁলোকেও আগতে এনে এক ৰুটিন বনাইছিল, য’ত পঢ়া-শুনা কেৱল এটা শ্ব’ অফ আছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ