--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৈশৱ এনেকুৱা এটা কাল য'ত আমি কোনো চিন্তা নকৰাকৈ জীৱনৰ আনন্দ লওঁ। শৈশৱেই এনেকুৱা এটা কাল যেতিয়া আমি কোনো দায়িত্ব আৰু কাম তথা সময়কলৈ চিন্তিত নহয়।

শৈশৱ কালে আমাক কোনো হেঁচা নোহোৱাকৈ জীৱনটো জীয়াই থকাৰ স্বাধীনতা দিয়ে। আমি ডাঙৰ হওঁ কিন্তু শৈশৱ কালৰ স্মৃতিয়ে আমাৰ কেতিয়াও পাছ নেৰে। শেহতীয়াকৈ এটি ছবছৰীয়া শিশুৰ টাইম টেবুল ভাইৰেল হৈ পৰিছে। 

টাইম টেবুলখনত ৬ বছৰীয়া ল'ৰাটোৱে দৈনন্দিন কাম-কাজ পৰিপাটিকৈ এটা সময়সূচীত শ্ৰেণীভুক্ত কৰিছে। দিনটোৰ সময়খিনি অতি আকৰ্ষণীয়ভাৱে পৰিচালনা কৰিছে শিশুটোৱে। এই সময়সূচীৰ বিভিন্ন অংশ আৰু ইয়াৰ নিৰ্ধাৰিত সময়বোৰ দেখি আপোনাৰ মুখত হাঁহি ফুটি উঠিব।


এই ভাইৰেল টাইম টেবুলত পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে। এই শিশুটিৰ টাইম টেবুলত আম খাবলৈ আৰু গাড়ীৰ লগত খেলিবলৈও সময় নিৰ্ধাৰণ কৰা হৈছে।

৩ ঘণ্টা ফাইটিং কৰিবলৈ আৰু ১৫ মিনিট পঢ়িবলৈ সময় নিৰ্ধাৰণ কৰিছে শিশুটিৱে। অতি আমোদজনক কথাটো হ’ল ইয়াত ফাইটিঙৰ সময় তিনি ঘণ্টা আৰু অধ্যয়নৰ বাবে মাত্ৰ ১৫ মিনিট সময় নিৰ্ধাৰণ কৰা হৈছে।

ছ’চিয়েল মিডিয়া টুইটাৰত এই পোষ্টটো ভাইৰেল হৈ পৰিছে। বহুত কমেন্ট আৰু ৰিয়েকচনৰ সৈতে ভাইৰেল হৈ আছে শিশুটিৰ টাইম টেবল।

এই কণমানি শিশুটিৰ টাইম টেবুল দেখি মানুহে হাঁহি ৰখাব পৰা নাই। কিছুমানে নিজৰ শৈশৱৰ স্মৃতিবোৰ কমেন্টত শ্বেয়াৰ কৰিছিল, আন কিছুমানে কৈছিল যে কেনেকৈ তেওঁলোকেও আগতে এনে এক ৰুটিন বনাইছিল, য’ত পঢ়া-শুনা কেৱল এটা শ্ব’ অফ আছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস