--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহুতৰে কলেষ্টেৰল বৃদ্ধি পায়৷ বহুতেই অতিৰিক্ত ওজনকলৈ  চিন্তিত  হৈ পৰে৷ কিন্তু আপোনাৰ হাততে আছে  ওজন হ্ৰাস কৰাৰ সহজ সমাধান!আপুনি গ্ৰহণ কৰা  খাদ্য বা পানীয়ৰ বিষয়ে আপুনি কিমান ভাবে?  ওজন হ্ৰাস কৰিবলৈ আপুনি এবিধ বিশেষ পাত সদায় খাব পাৰে৷ হেএই পাত বহুতে ৰন্ধনৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰে৷ এই পাত  ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব পাৰে৷ নৰসিংহ পাত আমাৰ অতি চিনাকী৷ নৰসিংহৰ পাতে  ওজন হ্ৰাস কৰাত সহায় কৰে৷ 

প্ৰতিদিনে পুৱা খালী পেটত তিনিৰ পৰা চাৰি খিলা নৰসিংহৰ পাত  চোবাই খালে  ওজন হ্ৰাস  হ’ব পাৰে। এই পাতে  শৰীৰৰ বিপাক প্ৰক্ৰিয়া  বৃদ্ধি কৰাত সহায় কৰে। নৰসিংহ পাতত থকা কাৰ্বাজোল এলকালইডে ওজন হ্ৰাস কৰাত সহায় কৰে। এই যৌগটো মেদবহুলতাৰ সমস্যাৰ মূল  কাৰণ ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো ই যথেষ্ট লাভজনক। অৱশ্যে, কেৱল ওজন হ্ৰাস কৰাৰ বাবেই নহয়, নৰসিংহ পাতে  শৰীৰ শক্তিশালী কৰি ৰখাত বিভিন্ন ধৰণে সহায় কৰে। আপুনি কিয় প্ৰতিদিনে তৰকাৰী পাত খাব লাগে জানি লওঁক-

১) গ্ৰহণী , ডায়েৰিয়াৰ দৰে সমস্যাত নৰসিংহৰ পাতে  যথেষ্ট কাম কৰে। কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ  কৰিবলৈএই পাত খোৱা ভাল। খালী পেটত নিয়মীয়াকৈ নৰসিংহৰ পাত খালে অধিক সুফল পোৱা যায়৷ । হজম শক্তি উন্নত কৰাত এই  পাত সমানে উপকাৰী।

২) গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ কিছুমান শাৰীৰিক সমস্যা হয়, যেনে ওকালি অহা, আদি৷  অৱশ্যে, এই সময়ত নিয়মীয়াকৈ নৰসিংহৰ  পাত খালে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

 ৩) এই পাত ডায়েবেটিচ ৰোগীৰ বাবেও যথেষ্ট উপকাৰী। যেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয়, ওজন হ্ৰাস, দৃষ্টি শক্তি হ্ৰাস আদিৰ দৰে সমস্যাই দেখা দিব পাৰে । ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ সদায়  পুৱা নৰসিংহৰ  পাত চোবাই খাব লাগে৷এই পাতেৰে আপুনি  চাহ কৰিও  খাব পাৰে।

৪) নৰসিংহ  পাতৰ এণ্টিচেপ্টিক গুণাগুণো থাকে। যদি কোনো ধৰণৰ ছালৰ সংক্ৰমণ, এলাৰ্জি বা শৰীৰৰ যিকোনো অংশত জ্বলা-পোৰা কৰে , তেন্তে  নিয়মীয়াকৈ এই   পাত খালে উপকৃত হ'ব।

৫) ব্যস্ত জীৱনত খোৱাৰ অনিয়ম, সুৰাপানৰ অভ্যাসে যকৃতৰ ক্ষতি কৰে। চৰ্বিযুক্ত যকৃত আৰু যকৃতৰ চিৰোচিছ থকা ৰোগীৰ সংখ্যাও প্ৰতিদিনে বৃদ্ধি পাইছে। দৈনিক খাদ্যত নৰসিংহৰ পাত ৰাখিলে যকৃতৰ স্বাস্থ্যৰ বাবেও ভাল। কেৱল যকৃতৰ সমস্যাই নহয়, এই পাতযে তেজৰ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰাতো উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে মৃত্যু দম্পতী গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু অৰ্চনা শৰ্মাৰ
কেইদিনমানৰ পাছতে গেছ আৰু বদহজমৰ অন্ত পৰিব! প্ৰতিদিনে পুৱা খালী পেটত খাওক এইবিধ পানীয়
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে
জাঁজী নদীৰ দলঙৰ পৰা জাঁপ দিলে ছাত্ৰই! কোনোমতে প্ৰাণ ৰক্ষা