--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহুতৰে কলেষ্টেৰল বৃদ্ধি পায়৷ বহুতেই অতিৰিক্ত ওজনকলৈ  চিন্তিত  হৈ পৰে৷ কিন্তু আপোনাৰ হাততে আছে  ওজন হ্ৰাস কৰাৰ সহজ সমাধান!আপুনি গ্ৰহণ কৰা  খাদ্য বা পানীয়ৰ বিষয়ে আপুনি কিমান ভাবে?  ওজন হ্ৰাস কৰিবলৈ আপুনি এবিধ বিশেষ পাত সদায় খাব পাৰে৷ হেএই পাত বহুতে ৰন্ধনৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰে৷ এই পাত  ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব পাৰে৷ নৰসিংহ পাত আমাৰ অতি চিনাকী৷ নৰসিংহৰ পাতে  ওজন হ্ৰাস কৰাত সহায় কৰে৷ 

প্ৰতিদিনে পুৱা খালী পেটত তিনিৰ পৰা চাৰি খিলা নৰসিংহৰ পাত  চোবাই খালে  ওজন হ্ৰাস  হ’ব পাৰে। এই পাতে  শৰীৰৰ বিপাক প্ৰক্ৰিয়া  বৃদ্ধি কৰাত সহায় কৰে। নৰসিংহ পাতত থকা কাৰ্বাজোল এলকালইডে ওজন হ্ৰাস কৰাত সহায় কৰে। এই যৌগটো মেদবহুলতাৰ সমস্যাৰ মূল  কাৰণ ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো ই যথেষ্ট লাভজনক। অৱশ্যে, কেৱল ওজন হ্ৰাস কৰাৰ বাবেই নহয়, নৰসিংহ পাতে  শৰীৰ শক্তিশালী কৰি ৰখাত বিভিন্ন ধৰণে সহায় কৰে। আপুনি কিয় প্ৰতিদিনে তৰকাৰী পাত খাব লাগে জানি লওঁক-

১) গ্ৰহণী , ডায়েৰিয়াৰ দৰে সমস্যাত নৰসিংহৰ পাতে  যথেষ্ট কাম কৰে। কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ  কৰিবলৈএই পাত খোৱা ভাল। খালী পেটত নিয়মীয়াকৈ নৰসিংহৰ পাত খালে অধিক সুফল পোৱা যায়৷ । হজম শক্তি উন্নত কৰাত এই  পাত সমানে উপকাৰী।

২) গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ কিছুমান শাৰীৰিক সমস্যা হয়, যেনে ওকালি অহা, আদি৷  অৱশ্যে, এই সময়ত নিয়মীয়াকৈ নৰসিংহৰ  পাত খালে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

 ৩) এই পাত ডায়েবেটিচ ৰোগীৰ বাবেও যথেষ্ট উপকাৰী। যেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয়, ওজন হ্ৰাস, দৃষ্টি শক্তি হ্ৰাস আদিৰ দৰে সমস্যাই দেখা দিব পাৰে । ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ সদায়  পুৱা নৰসিংহৰ  পাত চোবাই খাব লাগে৷এই পাতেৰে আপুনি  চাহ কৰিও  খাব পাৰে।

৪) নৰসিংহ  পাতৰ এণ্টিচেপ্টিক গুণাগুণো থাকে। যদি কোনো ধৰণৰ ছালৰ সংক্ৰমণ, এলাৰ্জি বা শৰীৰৰ যিকোনো অংশত জ্বলা-পোৰা কৰে , তেন্তে  নিয়মীয়াকৈ এই   পাত খালে উপকৃত হ'ব।

৫) ব্যস্ত জীৱনত খোৱাৰ অনিয়ম, সুৰাপানৰ অভ্যাসে যকৃতৰ ক্ষতি কৰে। চৰ্বিযুক্ত যকৃত আৰু যকৃতৰ চিৰোচিছ থকা ৰোগীৰ সংখ্যাও প্ৰতিদিনে বৃদ্ধি পাইছে। দৈনিক খাদ্যত নৰসিংহৰ পাত ৰাখিলে যকৃতৰ স্বাস্থ্যৰ বাবেও ভাল। কেৱল যকৃতৰ সমস্যাই নহয়, এই পাতযে তেজৰ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰাতো উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক