--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি জঘন্য ঘটনা সংঘটিত হৈছে। নিজ প্ৰেমিকাক হত্যা কৰি এজন যুৱকে প্ৰেমিকাৰ মৃতদেহৰ ফটো তুলে আৰু সেই ফটো তেওঁ পোষ্ট কৰে হোৱাটছএপৰ ষ্ট’ৰী হিচাপে। এই ঘৃণনীয় ঘটনা সংঘটিত হৈছে চেন্নাইত।

মৃত যুৱতীগৰাকী নাৰ্চিঙৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীক প্ৰেমিকে হোটেলৰ কোঠাত হত্যা কৰে। ইয়াৰ পাছতে তেওঁ নিজৰ হোৱাটছএপ ষ্ট’ৰীত প্ৰেয়সীৰ মৃতদেহৰ ফটোখন পোষ্ট কৰে। আৰক্ষীৰ তথ্য অনুসৰি মৃত ছোৱালীজনীৰ নাম ফৌছিয়া আৰু অভিযুক্ত প্ৰেমিকজনৰ নাম আছিক। দুয়োৰে বয়স ২০ বছৰ।

এই হত্যাকাণ্ডৰ তথ্য পোহৰলৈ আহে তেতিয়া, যেতিয়া ফৌছিয়াৰ বন্ধুসকলে আছিকৰ হোৱাটছএপ ষ্ট’ৰী দেখে। ইয়াৰ পিছত বন্ধুসকলে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ফৌছিয়া আৰু আছিক থকা হোটেলখনত উপস্থিত হয়। 

আৰক্ষীয়ে হোটেলখনৰ এটা কোঠাৰ পৰা উদ্ধাৰ কৰে ফৌছিয়াৰ মৃতদেহ। চেন্নাই আৰক্ষীয়ে আছিকক গ্ৰেপ্তাৰ কৰিছে। কেৰালাৰ ক্ৰ’মপেটৰ দ্বিতীয় বৰ্ষৰ নাৰ্চিং ছাত্ৰী ফৌছিয়াই আছিকৰ সৈতে পাঁচ বছৰ ধৰি সম্পৰ্কত আছিল। তিনিদিন ফৌছিয়া কলেজলৈ নহা দেখি লগৰবোৰে সোধা-পোছা কৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকে গম পালে যে ফৌছিয়াৰ প্ৰেমিক আছিকে তাইক চেন্নাইলৈ লৈ গৈছে, তাতে দুয়োজন এখন হোটেলত আছে।

আৰক্ষীয়ে জনোৱা মতে, জেৰাৰ সময়ত আছিকে স্বীকাৰ কৰে যে তেওঁ নিজৰ প্ৰেমিকাক হত্যা কৰিছে। আছিকে উল্লেখ কৰা মতে ফৌছিয়াই তেওঁক আন এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰা বাবে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। এই কাজিয়াৰ ফলত বিৰক্ত হৈ তেওঁ টি-চাৰ্টেৰে প্ৰেমিকাক ডিঙি চেপি হত্যা কৰে।

আৰক্ষীয়ে জনোৱা মতে, দুয়োজনেই কিশোৰ অৱস্থাত গোপনে বিবাহপাশতো আবদ্ধ হৈছিল। তাৰপাছত তেওঁলোকৰ এটা সন্তানো হৈছিল, যাক তেওঁলোকে চিকমাগালুৰৰ এখন অনাথ আশ্ৰমত দি থৈ আহিছিল।

আৰক্ষীয়ে জনোৱা মতে, দুবছৰৰ আগতেও ফৌছিয়াই গম পাইছিল যে আছিকে আন যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। ইয়াৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল।

এই সময়ছোৱাত ফৌছিয়াই আছিকৰ বিৰুদ্ধে POCSO আইনৰ অধীনত কেৰালা আৰক্ষীত গোচৰ ৰুজু কৰিছিল, তাৰ পিছত আৰক্ষীয়ে আছিকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু কিছুদিনৰ পাছত আছিক আৰু ফৌছিয়াৰ মাজত বুজাপৰাও হৈছিল কিন্তু এইবাৰ আকৌ কাজিয়া লাগি আছিকে নিজে হত্যা কৰি ফৌছিয়াক ঠেলি দিলে মৃত্যুৰ মুখলৈ...।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক