--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি জঘন্য ঘটনা সংঘটিত হৈছে। নিজ প্ৰেমিকাক হত্যা কৰি এজন যুৱকে প্ৰেমিকাৰ মৃতদেহৰ ফটো তুলে আৰু সেই ফটো তেওঁ পোষ্ট কৰে হোৱাটছএপৰ ষ্ট’ৰী হিচাপে। এই ঘৃণনীয় ঘটনা সংঘটিত হৈছে চেন্নাইত।

মৃত যুৱতীগৰাকী নাৰ্চিঙৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীক প্ৰেমিকে হোটেলৰ কোঠাত হত্যা কৰে। ইয়াৰ পাছতে তেওঁ নিজৰ হোৱাটছএপ ষ্ট’ৰীত প্ৰেয়সীৰ মৃতদেহৰ ফটোখন পোষ্ট কৰে। আৰক্ষীৰ তথ্য অনুসৰি মৃত ছোৱালীজনীৰ নাম ফৌছিয়া আৰু অভিযুক্ত প্ৰেমিকজনৰ নাম আছিক। দুয়োৰে বয়স ২০ বছৰ।

এই হত্যাকাণ্ডৰ তথ্য পোহৰলৈ আহে তেতিয়া, যেতিয়া ফৌছিয়াৰ বন্ধুসকলে আছিকৰ হোৱাটছএপ ষ্ট’ৰী দেখে। ইয়াৰ পিছত বন্ধুসকলে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ফৌছিয়া আৰু আছিক থকা হোটেলখনত উপস্থিত হয়। 

আৰক্ষীয়ে হোটেলখনৰ এটা কোঠাৰ পৰা উদ্ধাৰ কৰে ফৌছিয়াৰ মৃতদেহ। চেন্নাই আৰক্ষীয়ে আছিকক গ্ৰেপ্তাৰ কৰিছে। কেৰালাৰ ক্ৰ’মপেটৰ দ্বিতীয় বৰ্ষৰ নাৰ্চিং ছাত্ৰী ফৌছিয়াই আছিকৰ সৈতে পাঁচ বছৰ ধৰি সম্পৰ্কত আছিল। তিনিদিন ফৌছিয়া কলেজলৈ নহা দেখি লগৰবোৰে সোধা-পোছা কৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকে গম পালে যে ফৌছিয়াৰ প্ৰেমিক আছিকে তাইক চেন্নাইলৈ লৈ গৈছে, তাতে দুয়োজন এখন হোটেলত আছে।

আৰক্ষীয়ে জনোৱা মতে, জেৰাৰ সময়ত আছিকে স্বীকাৰ কৰে যে তেওঁ নিজৰ প্ৰেমিকাক হত্যা কৰিছে। আছিকে উল্লেখ কৰা মতে ফৌছিয়াই তেওঁক আন এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰা বাবে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। এই কাজিয়াৰ ফলত বিৰক্ত হৈ তেওঁ টি-চাৰ্টেৰে প্ৰেমিকাক ডিঙি চেপি হত্যা কৰে।

আৰক্ষীয়ে জনোৱা মতে, দুয়োজনেই কিশোৰ অৱস্থাত গোপনে বিবাহপাশতো আবদ্ধ হৈছিল। তাৰপাছত তেওঁলোকৰ এটা সন্তানো হৈছিল, যাক তেওঁলোকে চিকমাগালুৰৰ এখন অনাথ আশ্ৰমত দি থৈ আহিছিল।

আৰক্ষীয়ে জনোৱা মতে, দুবছৰৰ আগতেও ফৌছিয়াই গম পাইছিল যে আছিকে আন যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। ইয়াৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল।

এই সময়ছোৱাত ফৌছিয়াই আছিকৰ বিৰুদ্ধে POCSO আইনৰ অধীনত কেৰালা আৰক্ষীত গোচৰ ৰুজু কৰিছিল, তাৰ পিছত আৰক্ষীয়ে আছিকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু কিছুদিনৰ পাছত আছিক আৰু ফৌছিয়াৰ মাজত বুজাপৰাও হৈছিল কিন্তু এইবাৰ আকৌ কাজিয়া লাগি আছিকে নিজে হত্যা কৰি ফৌছিয়াক ঠেলি দিলে মৃত্যুৰ মুখলৈ...।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব