--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী বুলি ক’লেই বহুতৰে মাজত জুৱাৰ পয়োভৰ হয়৷ দীপাৱলীৰ পূৰ্বৰে পৰাই ধনতেৰছৰ দিনটোতো বহুতে জুৱা খেলে৷  জুৱা খেলি সৰ্বস্বান্ত হোৱা এজন স্বামীয়ে অৱশেষত জুৱা খেলিবলৈ ধন নথকাত নিজৰ পত্নীকেই বন্ধকত থোৱাৰ এক ভয়ংকৰ ঘটনা ঘটিছে৷ উত্তৰ প্ৰদেশৰ দিদাউলিৰ বাসিন্দা এজন লোকে দিল্লীত জুৱা খেলি সৰ্বস্বান্ত হৈছিল৷ 

 অৱশেষত ধন নথকাত তেওঁ নিজৰ  পত্নীকেই  বন্ধক দি ঘৰলৈ উভতি আহে। জানিব পৰা মতে লোক জনৰ  পৰিয়ালটোৱে  দিদাউলি কোটৱালী অঞ্চলৰ এখন গাঁৱত বাস কৰে। মহিলাগৰাকীক  তিনি বছৰ আগতে দেহাট আৰক্ষী থানা অঞ্চলৰ এখন গাঁৱৰ এজন যুৱকে  বিয়া কৰাইছিল। অভিযোগ কৰা হৈছে যে বিবাহৰ পিছৰে মহিলাগৰাকীৰ শহুৰেকৰ পৰিয়ালে  মহিলাগৰাকীৰ পৰা যৌতুক দাবী কৰি আহিছিল। তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল।

 মহিলাগৰাকীৰ দুগৰাকী কন্যা সন্তান আছে। মহিলাগৰাকীৰ স্বামীয়ে জুৱা খেলি হাৰি যোৱাৰ পিছত মহিলাগৰাকীকে পণ হিচাবে বন্ধকত দিয়ে৷ এই খবৰ পোৱাৰ পিছতে  মহিলাগৰাকীৰ ভাতৃয়ে তেওঁক জুৱা চক্ৰৰ কবলৰ  পৰা  উদ্ধাৰ কৰে ৷ ইতিমধ্যে মহিলাগৰাকীয়ে এছ পি  অনুপম সিঙৰ ওচৰত এটা অভিযোগ দাখিল কৰে। যৌতুক বিচাৰি নিৰ্যাতন, উৎপীড়ন আৰু আক্ৰমণৰ অভিযোগত স্বামীকে ধৰি নজন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। বিষয়টো আৰক্ষীয়ে তদন্ত কৰি আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক