--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী বুলি ক’লেই বহুতৰে মাজত জুৱাৰ পয়োভৰ হয়৷ দীপাৱলীৰ পূৰ্বৰে পৰাই ধনতেৰছৰ দিনটোতো বহুতে জুৱা খেলে৷  জুৱা খেলি সৰ্বস্বান্ত হোৱা এজন স্বামীয়ে অৱশেষত জুৱা খেলিবলৈ ধন নথকাত নিজৰ পত্নীকেই বন্ধকত থোৱাৰ এক ভয়ংকৰ ঘটনা ঘটিছে৷ উত্তৰ প্ৰদেশৰ দিদাউলিৰ বাসিন্দা এজন লোকে দিল্লীত জুৱা খেলি সৰ্বস্বান্ত হৈছিল৷ 

 অৱশেষত ধন নথকাত তেওঁ নিজৰ  পত্নীকেই  বন্ধক দি ঘৰলৈ উভতি আহে। জানিব পৰা মতে লোক জনৰ  পৰিয়ালটোৱে  দিদাউলি কোটৱালী অঞ্চলৰ এখন গাঁৱত বাস কৰে। মহিলাগৰাকীক  তিনি বছৰ আগতে দেহাট আৰক্ষী থানা অঞ্চলৰ এখন গাঁৱৰ এজন যুৱকে  বিয়া কৰাইছিল। অভিযোগ কৰা হৈছে যে বিবাহৰ পিছৰে মহিলাগৰাকীৰ শহুৰেকৰ পৰিয়ালে  মহিলাগৰাকীৰ পৰা যৌতুক দাবী কৰি আহিছিল। তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল।

 মহিলাগৰাকীৰ দুগৰাকী কন্যা সন্তান আছে। মহিলাগৰাকীৰ স্বামীয়ে জুৱা খেলি হাৰি যোৱাৰ পিছত মহিলাগৰাকীকে পণ হিচাবে বন্ধকত দিয়ে৷ এই খবৰ পোৱাৰ পিছতে  মহিলাগৰাকীৰ ভাতৃয়ে তেওঁক জুৱা চক্ৰৰ কবলৰ  পৰা  উদ্ধাৰ কৰে ৷ ইতিমধ্যে মহিলাগৰাকীয়ে এছ পি  অনুপম সিঙৰ ওচৰত এটা অভিযোগ দাখিল কৰে। যৌতুক বিচাৰি নিৰ্যাতন, উৎপীড়ন আৰু আক্ৰমণৰ অভিযোগত স্বামীকে ধৰি নজন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। বিষয়টো আৰক্ষীয়ে তদন্ত কৰি আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক